ক্ষমা কৰিব, সময় লাগিব: গোলকীয় IT বিচ্ছিন্নতা কেতিয়া শেষ হ'ব সেই সন্দৰ্ভত ক্ৰাউডষ্ট্ৰাইকৰ চিইঅ'

Story by  atv | Posted by   Imtiaz Ahmed • 2 Months ago
ক্ৰাউডষ্ট্ৰাইকৰ চিইঅ’ জৰ্জ কাৰ্টজ
ক্ৰাউডষ্ট্ৰাইকৰ চিইঅ’ জৰ্জ কাৰ্টজ
অষ্টিন (টেক্সাছ)

ক্ৰাউডষ্ট্ৰাইকৰ চিইঅ’ জৰ্জ কাৰ্টজে কয় যে বিশ্বব্যাপী আই টি (IT) বিচ্ছিন্নতাৰ কাৰণ হৈছে এটা ত্ৰুটিপূৰ্ণ কন্টেন্ট আপডেট। সমগ্ৰ বিশ্বৰ বেংক, ষ্টক মাৰ্কেট, চুপাৰ মাৰ্কেট, বিমানবন্দৰ আৰু বিভিন্ন খণ্ডত বৃহৎ ব্যাঘাত জন্মা প্ৰযুক্তিগত বিজুতিৰ বাবে ক্ষমা বিচাৰি তেওঁ কয়, “আমি গভীৰভাৱে দুখী।”

ক্ৰাউডষ্ট্ৰাইক হৈছে বিশ্বৰ বৃহৎ কোম্পানীসমূহৰ বাবে ইণ্টাৰনেট ভংগ বা হেক বন্ধ কৰিবলৈ ডিজাইন কৰা চাইবাৰ সুৰক্ষা সেৱা।

"সেই আপডেটটোত এটা চফট্ ৱেৰ বাগ আছিল আৰু ইয়াৰ ফলত মাইক্ৰ'ছফ্ট অপাৰেটিং চিষ্টেমত এটা সমস্যাৰ সৃষ্টি হৈছে," তেওঁ ব্যাখ্যা কৰে আৰু লগতে কয় যে কোম্পানটোৱে সমস্যাটো সমাধান কৰিছে। "আমি এইটো অতি সোনকালে চিনাক্ত কৰিলোঁ আৰু সমস্যাটোৰ সমাধান কৰিলোঁ।"

“আমি উভতি গৈ ইয়াত কি হৈছে চাব লাগিব। আমাৰ চিষ্টেমসমূহে সদায় হ'ব পৰা আক্ৰমণৰ ওপৰত চকু ৰাখে।” - তেওঁ আৰু কয়।

চাইবাৰ আক্ৰমণ নেকি বুলি সোধাত তেওঁ কয়, "এয়া চাইবাৰ আক্ৰমণ নহয়। ইয়াৰ সৈতে জড়িত আছিল এই কন্টেন্ট আপডেটো।"

তেওঁ লগতে কয় যে তেওঁ আৰু তেওঁৰ দলটোৱে "এটা দীঘলীয়া নিশা" পাৰ কৰিছে, কিন্তু শেষত চিষ্টেমসমূহ ঠিক কৰা হৈছে। কিন্তু তেওঁ লগতে সকীয়াই দিয়ে যে সকলোবোৰ পুনৰ স্বাভাৱিক হ’বলৈ কিছু সময় লাগিব পাৰে। তেওঁ কয়, "গতিকে, কিছুমান ব্যৱস্থাৰ বাবে কিছু সময় হ'ব পাৰে, ই কেৱল স্বয়ংক্ৰিয়ভাৱে পুনৰুদ্ধাৰ নহ'ব। কিন্তু প্ৰতিজন গ্ৰাহকক সম্পূৰ্ণৰূপে সুস্থ হোৱা নিশ্চিত কৰা আমাৰ মিছন।"

আই টি নিৰাপত্তা সংস্থাটোৱে পূৰ্বে কয় যে তেওঁলোকে এই সমস্যাটো চিনাক্ত কৰি ইয়াক পৃথক কৰি এটা সমাধান স্থাপন কৰিছে। ই কৈছে যে, "ক্ৰাউডষ্ট্ৰাইকে উইণ্ড'জ হ'ষ্টৰ বাবে এটা কন্টেন্ট আপডেটত পোৱা এটা ত্ৰুটিৰ দ্বাৰা প্ৰভাৱিত গ্ৰাহকৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি আছে। মেক আৰু লিনাক্স হ'ষ্টত কোনো প্ৰভাৱ পৰা নাই। এইটো কোনো সুৰক্ষা উলংঘন বা চাইবাৰ আক্ৰমণ নহয়। সমস্যাটো চিনাক্ত কৰা হৈছে, পৃথক কৰা হৈছে আৰু এটা... সমাধান মোতায়েন কৰা হৈছে।"