পুৰণি এন্ড্রয়ড ফোনত বন্ধ হ'ব হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্রাম

Story by  atv | Posted by  Munni Begum • 3 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
অহা ১ জানুৱাৰীৰ পৰা কেতবোৰ নির্বাচিত মডেলৰ পুৰণি এন্ড্রয়ড ফোনত বন্ধ হ'ব হোৱাটছএপৰ সেৱা। বিশেষকৈ এন্ড্রয়ড কিটকেট বা তাতকৈ আগৰ অপাৰেটিং ছিষ্টেমৰ দ্বাৰা পৰিচালিত স্মার্টফোনসমূহক হোৱাটছএপৰ সেৱা বন্ধ কৰিব মেটা প্রতিষ্ঠানটোৱে। 
 
হোৱাটছএপৰ লগতে এনে স্মার্টফোনসমূহত মেটাৰ আন দুটা এপ ফেচবুক আৰু ইনষ্টাগ্রামৰো সেৱা বন্ধ হোৱাৰ সম্ভাৱনা আছে। সেৱা বন্ধ হ'বলগীয়া এনে স্মার্টফোনসমূহ কমেও ১০ বছৰ বা তাতকৈ অধিক পুৰণি। 
 
এনে স্মার্টফোনসমূহৰ ভিতৰত আছে ছেমছাং গেলেক্সী এছ-৩, ছেমছাং গেলেক্সী নোট-২, ছেমছাং গেলেক্সী এচ-৩, ছেমছাং গেলেক্সী এছ-৪ মিনি, ম'ট' জি (প্রথম প্রজন্ম), ম'ট'ৰলা ৰেজৰ এইচ বি, মট' ই-২০১৪, এইচ টি চি ৱান এক্স, এইচ টি চি ৱান প্লাছ, এইচ টি চি ডিজায়াৰ ৫০০, এইচ টি চি ডিজায়াৰ ৬০১, এইচ টি চি অপ্টিমা জি, এইচ টি চি নেক্সাছ ৪, এল জি জি২ মিনি ইত্যাদি।