নতুন ক্ৰাউডষ্ট্ৰাইক আপডেটৰ বাবে বিজুতিৰ সন্মুখীন হৈছে উইণ্ড’জ ১০ ব্যৱহাৰকাৰীসকল

Story by  atv | Posted by  Munni Begum • 1 Months ago
উইণ্ড’জ ১০ ব্যৱহাৰকাৰীসকলে বিজুতিৰ সন্মুখীন হৈ লাভ কৰা পুনৰুদ্ধাৰ স্ক্ৰীণৰ ছবি
উইণ্ড’জ ১০ ব্যৱহাৰকাৰীসকলে বিজুতিৰ সন্মুখীন হৈ লাভ কৰা পুনৰুদ্ধাৰ স্ক্ৰীণৰ ছবি
 
নতুন দিল্লী 
 
বিশ্বজুৰি উইণ্ড’জ ১০ ব্যৱহাৰকাৰীসকল নতুন ক্ৰাউডষ্ট্ৰাইক আপডেটৰ বাবে ব্যাপক বিজুতিৰ সন্মুখীন হৈছে। ইয়াৰ ফলত পিচিসমূহ পুনৰুদ্ধাৰ স্ক্ৰীণত আবদ্ধ হৈ পৰে। সামাজিক মাধ্যমত কেইবাজনো ব্যৱহাৰকাৰীয়ে পুনৰুদ্ধাৰ পেজত আবদ্ধ হৈ থকা তেওঁলোকৰ স্ক্ৰীণৰ ছবি শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, “এয়া দেখা গৈছে যে উইণ্ড’জ সঠিকভাৱে লোড হোৱা নাছিল। যদি আপুনি পুনৰাৰম্ভ কৰিব বিচাৰে আৰু পুনৰ চেষ্টা কৰিব বিচাৰে, তলত থকা Restart my PC বাছনি কৰক।" 
 
ব্যৱহাৰকাৰীসকলে আমেৰিকাৰ বেংকিং প্ৰতিষ্ঠান, চুপাৰ মাৰ্কেট আৰু মিডিয়া কোম্পানীসমূহতো ব্লু স্ক্ৰীণ অৱ ডেথৰ এৰোৰ মেছেজ দেখা পোৱাৰ কথা জনাইছে। ইয়াৰ ফলত কিছুমান টিভি ষ্টুডিঅ’ৰ সৈতে সমস্যাৰ সৃষ্টি হৈছে আৰু কিছুমান ৰেডিঅ’ ষ্টুডিঅ’ অফলাইন হৈ আছে। 
 
বৰ্তমান ইয়াৰ কাৰণ নিশ্চিত হোৱা নাই যদিও চাইবাৰ সুৰক্ষা চফটৱেৰ প্ৰতিষ্ঠান ক্ৰাউডষ্ট্ৰাইকে ব্লু স্ক্ৰীণ অব ডেথ' হোৱা বুলি তথ্য প্ৰকাশ কৰিছে আৰু এনে হোৱাৰ কাৰণ জানিবলৈ বৰ্তমান তদন্ত চলি আছে।  
 
ভাৰতৰ কেইবাটাও বৃহৎ বহুজাতিক কোম্পানীয়ে এই সমস্যাৰ বিষয়ে এজন শীৰ্ষ কাৰ্যবাহীয়ে জনাইছে যে তেওঁলোকৰ নেটৱৰ্কৰ কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে এই সমস্যাৰ সন্মুখীন হৈ আছে। সমস্যাটো কেৱল উইণ্ড’জ ভিত্তিক ডেস্কটপ আৰু লেপটপতে সীমাবদ্ধ হৈ আছে।