আমেৰিকাৰ শীৰ্ষ ২০ জন পেথ’লজী বিশেষজ্ঞৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত অসমৰ ড০ মুস্তাফা এ ​​বৰভূঞা

Story by  Daulat Rahman | Posted by  Munni Begum • 25 d ago
আমেৰিকাৰ কৰ্মস্থলীত অসম সন্তান ড০ মুস্তাফা
আমেৰিকাৰ কৰ্মস্থলীত অসম সন্তান ড০ মুস্তাফা
 
দৌলত ৰহমান / গুৱাহাটী
 
অসমৰ হাইলাকান্দি জিলাৰ এখন দুৰ্গম আৰু অনগ্ৰসৰ গাঁৱৰ পৰা ওলাই অহা ডাঃ মুস্তাফা এ ​​বৰভূঞাই পেথ’লজীৰ ক্ষেত্ৰখনৰ শীৰ্ষ ১০০ জন প্ৰভাৱশালী ব্যক্তি তথা আমেৰিকাৰ শীৰ্ষ ২০ জন পেথ’লজী বিশেষজ্ঞৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছে। 
 
২০২৪ চনৰ “দ্য পেথ’লজিষ্ট পাৱাৰ লিষ্ট” (The Pathologist Power List)ত মুস্তাফাই পেথ’লজিৰ ক্ষেত্ৰত উদ্ভাৱন, নেতৃত্ব, আৰু বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰিছে। অসম সন্তান ড০ মুস্তাফাৰ এই ঈৰ্ষণীয় সাফল্যৰ যাত্ৰা ইমান সহজ নাছিল।
 
সহধৰ্মিনী আৰু পুত্ৰৰ সৈতে ড০ মুস্তাফা
 
ড° মুস্তাফাই তেওঁৰ স্কুলীয়া শিক্ষা (HSLC/10th) হাইলাকান্দি জিলাৰ দূৰ্গম গাঁও বাহাদুৰপুৰৰ ছানুহৰ আলী মেম’ৰিয়েল হাইস্কুলৰ পৰা সম্পূৰ্ণ কৰিছিল। নব্বৈৰ দশকৰ আৰম্ভণিৰ সেই দিনবোৰত তেওঁৰ গাঁৱত বিদ্যুৎ সংযোগ নাছিল আৰু গাড়ী-মটৰ চলিব পৰাকৈ পথৰো ব্যৱস্থা নাছিল।
 
“মই মোৰ গাঁৱৰ পৰা বোকাময় পথেৰে চাইকেল চলাই গৈ হাইলাকান্দি চহৰত উচ্চ গণিত আৰু বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিলো। মই অসমৰ শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী আৰু স্নাতক ডিগ্ৰীত উত্তীৰ্ণ হৈছিলো। প্ৰাণীবিজ্ঞানত মই মেজৰ লৈ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিলো।"-আৱাজ দ্য ভইচৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এইদৰে কয় ড০ মুস্তাফাই।
 
তেওঁ গোৱালিয়ৰৰ জিৱাজী বিশ্ববিদ্যালয় (Jiwaji University)ত জৈৱ ৰসায়নত স্নাতকোত্তৰ আৰু পি এইচ ডিৰ বাবে অধ্যয়ন কৰিছিল। এই শিক্ষাই তেওঁক ক্লিনিকেল বায়’কেমিষ্ট আৰু মলিকুলাৰ বায়’লজিষ্ট হোৱাৰ পথ মুকলি কৰি দিছিল।
 
সহকৰ্মীৰ সৈতে ড০ মুস্তাফা (সোঁফালৰ পৰা দ্বিতীয়গৰাকী)
 
"মই মোৰ দুজন শিক্ষকৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিম যিয়ে মোক পৰ্যায়ত উপনীত হোৱাত সহায় কৰিছে। এজন হৈছে শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক বেবী সিংহ (অৱসৰপ্ৰাপ্ত)। তেওঁৰ পৰা মই পৰজীৱী বিজ্ঞান বিষয়ত বিশেষ দক্ষতা লাভ কৰিছো আৰু তেতিয়াৰ পৰা পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। আচলতে মোক ক্লিনিকেল বায়’কেমিষ্ট্ৰীত সোমাই দিয়া আন এজন শিক্ষক আছিল মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ কেন্সাৰ হস্পিতাল আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ কেন্সাৰ হস্পিতাল আৰু ৰিচাৰ্চ ইনষ্টিটিউটৰ লাইফ চায়েন্স মহাবিদ্যালয়ৰ বায়’কেমিষ্ট্ৰীৰ প্ৰাক্তন মুৰব্বী প্ৰয়াত অধ্যাপক মীনু ৰায়। মোৰ পি এইচ ডি তত্বাৱধায়ক অধ্যাপক প্ৰমোদ কে তিৱাৰীয়ে মোক ভৱিষ্যতৰ এগৰাকী আণৱিক জীৱবিজ্ঞানী হিচাপে গঢ় দিছিল। তেওঁৰ সৈতে মই কেৱল চিকিৎসা বিজ্ঞান, ৰোগ অধ্যয়নৰ বিষয়ে শিকাই নহয়, জীৱনৰ  কেইবাটাও পাঠ শিকিছো, যিবোৰ আজিও মই জীৱন যাত্ৰাত কঢ়িয়াই লৈ ফুৰিছো।"-ড০ মুস্তাফাই স্মৰণ কৰি কয়।
 
ড০ মুস্তাফাই ২০১৩ চনৰ জুলাই মাহত মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ জিৱাজী বিশ্ববিদ্যালয়ত জৈৱ ৰসায়ন বিজ্ঞানত পি এইচ ডি সম্পূৰ্ণ কৰে। ২০১৩ চনৰ জুলাই মাহত তেওঁ advanced postdoctoral প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আমেৰিকাৰ মেৰিলেণ্ডৰ বাল্টিমোৰৰ জনছ হপকিন্স স্কুল অৱ মেডিচিনলৈ যায়। 
 
বিভিন্ন দেশৰ পেথ'লজীষ্টৰ সৈতে ড০ মুস্তাফা
 
“মোৰ জীৱনৰ চূড়ান্ত লক্ষ্য আছিল ভাৰতলৈ উভতি গৈ মোৰ গৃহ ৰাজ্য অসমত ক্লিনিকেল বায়’কেমিষ্ট্ৰি আৰু মলিকুলাৰ ডায়েগনষ্টিকছক কেন্দ্ৰ কৰি নিজাকৈ লেবৰেটৰী স্থাপন কৰা। কিন্তু জনছ হপকিন্সত মোৰ পোষ্ট ডক্টৰেট প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছৰ পৰিস্থিতি আৰু ভাৰতলৈ উভতি আহি উপযুক্ত চাকৰি এটা নিশ্চিত নোহোৱাৰ বাবেই মই আমেৰিকাত থাকি কামবোৰ কৰিবলৈ বাধ্য হৈছিলো। ইয়াৰ পিছত মই আমেৰিকাৰ পেনচিলভেনিয়াৰ হাৰ্শ্বিৰ পেন ষ্টেট কলেজ অৱ মেডিচিনত ক্লিনিকেল কেমিষ্ট্ৰী ফেল’শ্বিপ সম্পূৰ্ণ কৰিলোঁ আৰু এজন প্ৰেকটিচিং ক্লিনিকেল বায়’কেমিষ্ট আৰু ক্লিনিকেল লেবৰেটৰী ডাইৰেক্টৰ হৈ যাও।"-ড০ মুস্তাফাই কয়। 
 
বৰ্তমান ড০ মুস্তাফাই আমেৰিকাৰ পশ্চিম মেছাচুচেটছত বেষ্টেট হেল্থ পেথ’লজী সেৱাৰ ক্লিনিকেল কেমিষ্ট্ৰী আৰু পইণ্ট অৱ কেয়াৰ টেষ্টিং অপাৰেচনৰ ছেকচন মেডিকেল ডাইৰেক্টৰ তদাৰকীৰ বাবে দায়বদ্ধ। তেওঁ এগৰাকী চিষ্টেম কনচালটেণ্ট হিচাপে চিকিৎসক আৰু অন্যান্য স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক ক্লিনিকেল পৰামৰ্শ প্ৰদান কৰে।
 
ইংৰাজী ভাষাৰ বিখ্যাত কবি ৰবাৰ্ট ফ্ৰ'ষ্টৰে নামকৰণ কৰা এখন হাবিত ড০ মুস্তাফা
 
বেষ্টেট হেলথ পেথ’লজী অপাৰেচনৰ ভিতৰত ক্লিনিকেল কেমিষ্ট্ৰী আৰু পইণ্ট অৱ কেয়াৰ টেষ্টিং সেৱাৰ ক্লিনিকেল অপাৰেচনৰ ফলপ্ৰসূ ব্যৱস্থাপনা আৰু প্ৰশাসনৰ বাবে তেওঁ জবাবদিহি। তেওঁ ইউএমএছ চান মেডিকেল স্কুল (UMass Chan Medical School)-বেষ্টেট আঞ্চলিক কেম্পাছৰ Healthcare Delivery and Population Sciencesৰ পেথ’লজীৰ সহকাৰী অধ্যাপক হিচাপেও কাম কৰি আছে।
 
ডাঃ মুস্তাফাই আমেৰিকা আৰু ভাৰত উভয়তে এটা গোলকীয় অলাভজনক সংস্থা ফাউণ্ডেশ্যন ফৰ এডভান্সমেণ্ট অৱ এচেন্সিয়েল ডায়েগনষ্টিকছ (Foundation for Advancement of Essential Diagnostics) গঠন কৰিছে। সুযোগ্য অসম সন্তানজনৰ পৰৱৰ্তী লক্ষ্য হ’ল তেওঁৰ অলাভজনক ফাউণ্ডেশ্যনৰ কাৰ্য্যকলাপসমূহ বিশ্বৰ কম আৰু মধ্যম আয়ৰ দেশসমূহলৈ লৈ যোৱা আৰু স্থানীয়ভাৱে আমেৰিকাৰ অভাৱগ্ৰস্ত অঞ্চলত সেৱা আগবঢ়োৱা।
 
শৈক্ষিকভাৱে ড০ মুস্তাফাই তেওঁৰ আগ্ৰহৰ গৱেষণামূলক ক্ষেত্ৰসমূহৰ ওপৰত কাম অব্যাহত ৰাখিছে। তেওঁৰ গৱেষণাৰ প্ৰধান ক্ষেত্ৰসমূহ হ’ল পিত্তনলী (যকৃত আৰু পিত্তথলী)ৰ কৰ্কট ৰোগৰ ওপৰত অধ্যয়ন কৰা, আৰু ইয়াৰ কাৰণ চিনাক্ত কৰা।