শ্ৰীলাথা মেনন / থ্ৰিছুৰ
কিছুমান ৰোগ কেৱল যন্ত্ৰাণাদায়কে নহয়, ই মানুহৰ বাবে লাজৰ কাৰণো হ'ব পাৰে। বিশেষকৈ পাইলছৰ দৰে এনোৰেক্টাল ৰোগৰ ক্ষেত্ৰত এনে হয়। এলোপেথীত ইয়াৰ প্ৰতিকাৰ উপলব্ধ যদিও এইবোৰ অতি ব্যয়বহুল আৰু ইয়াৰ পুনৰাবৃত্তি নহ’ব বুলি নিশ্চয়তা দিব নোৱাৰে।
পাঁচ টকাত পাইলছ ফ্ৰী....শেহতীয়াকৈ এখন মালয়ালম দৈনিক কাকতৰ শিৰোনাম এইধৰণৰ আছিল। এই দাবী এজন এলোপেথী চিকিৎসকৰ নহয়, এজন আয়ুৰ্বেদিক চিকিৎসকে এইদাবী কৰিছিল। তেওঁ কেৰালাৰ থ্ৰিছুৰ জিলাৰ চেলাক্কাৰৰ চৰকাৰী আয়ুৰ্বেদ চিকিৎসালয়ৰ ক্ষৰসুত্ৰ ক্লিনিকৰ আয়ুৰ্বেদিক চিকিৎসক।
ক্লিনিকখন আৰু ইয়াৰ মুৰব্বী ডাঃ শ্বাহানা এ. কে.ই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফিষ্টুলা (fistula), অৰ্শ (hemorrhoids), পায়ুপথৰ ফাট (anal fissures), মলদ্বাৰৰ ছিদ্ৰ (rectal prolapse) আদিৰ দৰে এনোৰেক্টাল ৰোগত আক্ৰান্ত লোকক চিকিৎসা কৰি আছে। তেওঁ চিকিৎসা ক্ষৰসুত্ৰৰ প্ৰাচীন পদ্ধতিৰে ৰোগীৰ চিকিৎসা কৰে, য’ত আক্ৰান্ত অংশ বা ফিষ্টুলাৰ মাজেৰে ঔষধযুক্ত সূতা সুমুৱাই দিয়া হয়। ক্ষৰসুত্ৰ নামৰ চিকিৎসা পদ্ধতিত অতি কম সময় লাগে আৰু ৰোগীক চিকিৎসালয়ত ভৰ্তিৰো প্ৰয়োজন নাই। ৰোগী সুস্থ নোহোৱালৈকে কেইবাবাৰো সতেজ সূতাৰে সলনি কৰা হয়। ই সহজ, পাৰ্শ্বক্ৰিয়াহীন, কম খৰচী
ডাঃ শ্বাহানাই নিজৰ ক্লিনিকত অস্ত্ৰোপচাৰ কৰি আছে
সুশ্ৰুতাক "প্লাষ্টিক চাৰ্জাৰীৰ পিতৃ" বুলি গণ্য কৰা হয় আৰু তেওঁ ভাৰতত খ্ৰীষ্টপূৰ্ব ১০০০ৰ পৰা ৮০০ চনৰ ভিতৰত কোনোবা এটা সময়ত বাস কৰিছিল। তেওঁ প্ৰাচীন ভাৰতৰ অস্ত্ৰোপচাৰ প্ৰশিক্ষণ, যন্ত্ৰপাতি আৰু পদ্ধতিৰ বৰ্ণনা কৰা অনন্য অধ্যায় সন্নিবিষ্ট কৰা গ্ৰন্থ The Sushrutasanhitaৰ লেখক। সুশ্ৰুতসংহিতাৰ অন্যতম পুৰণি কলপাতৰ পাণ্ডুলিপি নেপালৰ কাইজাৰ পুথিভঁৰালত সংৰক্ষিত হৈ আছে।
বিগত কেইটামান দশক ধৰি চৰকাৰী চিকিৎসালয়ত এই প্ৰাচীন আয়ুৰ্বেদিক পেৰা-চাৰ্জিকেল প্ৰক্ৰিয়া অনুশীলন কৰি অহা ডাঃ শ্বাহানাই ক্ষৰসুত্ৰৰ লগত তেওঁৰ নাম সংলগ্ন হ’বলৈ ধৰিছে। তেওঁৰ সফলতাৰ কাহিনীবোৰ শুনি ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ ৰোগীও চিকিৎসাৰ বাবে তেওঁৰ ওচৰলৈ আহিছে বুলি চিকিৎসকগৰাকীয়ে কয়। কোনেও প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা নাই। সুস্থ হোৱা মানুহৰ মুখৰ পৰা শুনি সকলো ইয়ালৈ আহে। শেহতীয়াকৈ বাতৰি কাকতত প্ৰকাশ পোৱা বিজ্ঞাপনৰ বিষয়ে তেওঁ কয়, মই বিচাৰো যে অধিক লোকে চিকিৎসাৰ বিষয়ে জানিব লাগে, যাতে তেওঁলোক কষ্ট খাই থাকিবলগীয়া নহয়। তেওঁলোকে বহুত ধন খৰচ কৰিও সুস্থ হ'ব পৰা নাই।
উল্লেখ্য যে, বি এ এম এছ (আয়ুৰ্বেদিক চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ স্নাতক)ৰ পিছত তেওঁ অস্ত্ৰোপচাৰ বা শল্য তন্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেতিয়া ৰাজ্যিক মহাবিদ্যালয়ত ইয়াৰ মাত্ৰ তিনিখন আসন আছিল। আয়ুৰ্বেদত অস্ত্ৰোপচাৰত ক্ষৰসুত্ৰ, ৰকথামোক্ষম,ক্ষৰকৰ্মমণ্ড (Ksharasootra, rakthamoksham, ksharakarmamand) ইত্যাদিকে ধৰি বহুতো পেৰা-চাৰ্জিকেল পদ্ধতি আছে। আয়ুৰ্বেদৰ পিতৃ সুশ্ৰুতে শতিকা আগতে ক্ষৰসুত্ৰৰ পৰিকল্পনা কৰিছিল যদিও বছৰৰ পিছত বছৰ ধৰি এই পদ্ধতিৰ বিকাশ ঘটিছে বুলি তেওঁ এই লিখকক আঙুলিয়াই দিয়ে। কিয় তেওঁ ক্ষৰসুত্ৰ চিকিৎসা পদ্ধতিক বাছি লৈছিল সেই সন্দৰ্ভত ডাঃ শ্বাহানাই কয়, "মই মোৰ শিক্ষা ব্যৱহাৰ কৰি সৰ্বাধিক সংখ্যক লোকক সহায় কৰিব বিচাৰিছিলো।"
ত্ৰিশুৰৰ চেলাকৰা গ্ৰাম পঞ্চায়ত চৰকাৰী আয়ুৰ্বেদ চিকিৎসালয়
এনোৰেক্টাল ৰোগৰ জগতখন এখন অন্ধকাৰ, নিস্তব্ধ আৰু অস্পষ্ট য’ত ৰোগীয়ে নিজৰ ব্যক্তিগত অংগৰ সৈতে জড়িত হোৱাৰ বাবে নিজৰ দুখ প্ৰকাশ কৰিবলৈ ভয় আৰু লাজ অনুভৱ কৰে আৰু নীৰৱে কষ্ট ভোগ কৰে। যদি ৰোগীসকল মহিলা হয়, তেন্তে চিকিৎসকৰ সৈতে এই বিষয়ে আলোচনা কৰাটো আৰু অধিক লজ্জাজনক। ৰোগীয়ে এলোপেথীত চিকিৎসা কৰিলে একাধিক অস্ত্ৰোপচাৰৰ সন্মুখীন হ'বলগীয়া হয়। তথাপি পাইলছ বা ফিচাৰ ৰোগ পুনৰ ঘূৰি আহে। গতিকে, পুনৰ সুস্থ হ'বলৈ আয়ুৰ্বেদ চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰিবলৈ তেওঁলোকৰ ধন শেষ হৈ যায় বুলি ডাঃ শ্বাহানাই কয়।
উল্লেখ্য যে, ডাঃ শ্বাহানাৰ ক্লিনিকত পাইলছ, ফিষ্টুলা, বা ফিচাৰৰ দৰে ৰোগৰ চিকিৎসা বিনামূলীয়া হোৱাৰ বিপৰীতে কেৰালাৰ অন্যান্য চৰকাৰী আয়ুৰ্বেদ চিকিৎসালয়ত প্ৰায় ১০০০ টকা লোৱা হয়। অৱশ্যে ব্যক্তিগত আয়ুৰ্বেদ ক্লিনিকত ইয়াৰ বাবে বহুত খৰচ হ’ব পাৰে। এনোৰেক্টাল ডিছঅৰ্ডাৰত আক্ৰান্ত ৰোগীৰ প্ৰফাইল বহু পৰিমাণে সলনি হৈ আহিছে। আগতে বেছিভাগেই আদবয়সীয়া লোক আছিল। আজি বয়সৰ কোনো পাৰ্থক্য নাই। যুৱক-যুৱতী আৰু শিশুকে ধৰি প্ৰতিটো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হয়। মানসিক চাপ, জাংক ফুড, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদি কাৰকৰ বাবে দহ বছৰৰ তলৰ শিশুৰ এনোৰেক্টাল ৰোগৰ সৃষ্টি হয় বুলি ডাঃ শ্বাহানাই কয়।
অহা ২০ নৱেম্বৰত তেওঁৰ ক্লিনিকত সজাগতা শিবিৰ আৰু পোষ্টাৰৰ জৰিয়তে বিশ্ব পাইলছ দিৱস উদযাপন কৰা হ'ব। “আমি অধিকসংখ্যক লোকৰ ওচৰলৈ যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছো যাতে তেওঁলোক ৰোগৰ পৰা ৰক্ষা পৰে। এনে ৰোগত প্ৰায়ে মানুহে নিজৰ ব্যক্তিগত অংগৰ চিকিৎসা পৰীক্ষাৰ পৰা হাত সাৰিবলৈ নিজে চিকিৎসা গ্ৰহণ কৰি থাকে। তেওঁলোকে উপলব্ধি নকৰে যে প্ৰায়ে মলদ্বাৰৰ কেন্সাৰ আৰু পাইলছত একে লক্ষণ দেখা যায়, যিবোৰ কেৱল এজন ভাল চিকিৎসকেহে ধৰা পেলাব পাৰে।"-তেওঁ কয়।
মলদ্বাৰৰ ৰোগ সম্পৰ্কে সজাগতা বিয়পাই থকা ডাঃ শ্বাহানা
ডাঃ শ্বাহানাই কয় যে তেওঁৰ ধৰ্ম বা লিংগই তেওঁৰ কামক কেতিয়াও নিৰুৎসাহিত নকৰে। "মহিলা হোৱাটো এটা সুবিধা বুলিহে মই অনুভৱ কৰোঁ, কাৰণ মই তেওঁলোকৰ দুখ-কষ্টৰ প্ৰতি সহানুভূতিশীল হ'ব পাৰো আৰু মাতৃৰ মৰম আৰু চিন্তাৰে ৰোগীৰ কাষ চাপিব পাৰো। এজন মুছলমান হিচাপে মই কৰা কামক ভক্তিৰ সমতুল্য বুলি গণ্য কৰা হয়। ইছলামে সদিচ্ছাৰে কৰা সকলো ভাল কামক ইবাদত বা ভক্তি বুলি গণ্য কৰে। এইবোৰক প্ৰাৰ্থনা বা শাস্ত্ৰ পঢ়াতকৈ উচ্চ বুলি গণ্য কৰা হয়,’’ তেওঁ কয়।