ক’ভিড-১৯ৰ ফলত কাশ্মীৰত আয়ুষ চিকিৎসা পদ্ধতি জনপ্ৰিয় হৈ পৰেঃ ডাঃ মহম্মদ ফাৰুক নকশবন্দী

Story by  atv | Posted by  [email protected] • 3 d ago
শ্ৰীনগৰৰ চৰকাৰী ইউনানী চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ মহম্মদ ফাৰুক
শ্ৰীনগৰৰ চৰকাৰী ইউনানী চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ মহম্মদ ফাৰুক
 
এহছান ফাজিলি/শ্ৰীনগৰ
 
কাশ্মীৰত হাকেম (Hakems) নামেৰে জনাজাত পীৰৰ প্ৰজন্মই স্থানীয়ভাৱে উৎপাদিত বনৌষধি আৰু ঔষধি উদ্ভিদ ব্যৱহাৰ কৰি বিভিন্ন ৰোগৰ চিকিৎসা কৰাৰ ইতিহাস আছে। এলোপেথীৰ জনপ্ৰিয়তাৰ লগে লগে এই চিকিৎসা পদ্ধতি কমি আহিলেও মানুহে হাকেম (চিকিৎসা প্ৰদান কৰা জ্ঞানী লোক)ৰ ওচৰলৈ এতিয়াও যায়। কাৰণ, তেওঁলোকে হাকেমক সাধাৰণ ৰোগ উপশম কৰিব পৰা ব্যক্তি বুলি বিশ্বাস কৰে।
 
“এই ঔষধ ব্যৱস্থা এলোপেথিক চিকিৎসাৰ বিকল্প নহয়, বৰঞ্চ ই ৰোগীক জীৱনশৈলীৰ চিকিৎসা প্ৰদান কৰে”, শ্ৰীনগৰৰ প্ৰথমখন বৃহৎ চৰকাৰী ইউনানী চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ মহম্মদ ফাৰুক নকশবন্দীয়ে কয়।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে “এই ব্যৱস্থাই সৰ্বোত্তম সমাধান হ’ব পাৰে আৰু বিভিন্ন সাধাৰণ জীৱনশৈলী সম্পৰ্কীয় ৰোগ যেনে ডায়েবেটিছ, হাইপাৰটেনচন, আৰু মেদবহুলতা আদিৰ উত্তম চিকিৎসা প্ৰদান কৰিব পাৰে। আয়ুষ ব্যৱস্থাৰ চিকিৎসাৰ ক্ষেত্ৰত নিজস্ব পদ্ধতি আছে আৰু আমি ৰোগীৰ স্বভাৱৰ ওপৰত ভিত্তি কৰি পৃথক চিকিৎসা সেৱা আগবঢ়াও।”
 
শ্ৰীনগৰ ইউনানি হাস্পতাল
 
“ক'ভিড-১৯ মহামাৰীৰ পিছত সমগ্ৰ বিশ্বতে আয়ুষৰ দৰে চিকিৎসা পদ্ধতিৰ পুনৰ উত্থান ঘটিছিল, কাৰণ ক’ৰবাত অনুভৱ কৰা হৈছিল যে এলোপেথীয়ে ক'ভিড-১৯ৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰিব নোৱাৰে। ক'ভিড-১৯ৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ মানুহে আয়ুষৰ ঔষধ বিচাৰিছিল”, ডাঃ নকশবন্দীয়ে কয়।
 
“এই ব্যৱস্থাত প্ৰাকৃতিক প্ৰতিকাৰ আছে, যিয়ে ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সাধাৰণ জনতাৰ মাজত এই ঔষধৰ ব্যৱহাৰে ক'ভিড সংক্ৰান্তীয় সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে সৰ্বোত্তম সমাধান হ’ব পাৰে বুলি স্বীকৃতি লাভ কৰিছিল”। তেওঁ আঙুলিয়াই দিয়ে যে  ক'ভিড মহামাৰীৰ লগে লগে আয়ুষ চিকিৎসা পদ্ধতি ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰে।
 
ডাঃ নকশবন্দীৰ মতে আজি বিশ্বই “কাৰ্ডিঅ’-ভেছকুলাৰ, ডায়েবেটিছ আৰু হাইপাৰটেনচনৰ দৰে জীৱনশৈলীৰ সৈতে জড়িত ৰোগত আক্ৰান্ত ৰোগীৰ এক বিশাল জনসংখ্যাৰ সাক্ষী হৈ আছে। আয়ুষত বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে কেৱল কিছুমান বনৌষধিৰ কথা উল্লেখ কৰা হোৱা নাই, ইয়াৰ অধীনত পঞ্চকৰ্ম, ইলাজ-বিল-তাদবীৰ, হিজামাত (কাপিং), আৰু অন্যান্য চিকিৎসা ব্যৱস্থাও আছে।”
 
ডাঃ নকশবন্দীয়ে কয় যে জনসাধাৰণে আকৌ এবাৰ এই ঔষধসমূহ ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। কাশ্মীৰ উপত্যকাত বনৌষধি আৰু ঔষধি উদ্ভিদ প্ৰচুৰ পৰিমাণে পোৱা যায়। গ্ৰাম্য অঞ্চলৰ লোকসকলে বেছিভাগেই এই বনৌষধিবোৰ বহু সাধাৰণ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিছে।
 
ইউনানি চিকিৎসালয়ত নিজৰ পাললৈ অপেক্ষা কৰি থকা ৰোগী
 
তদুপৰি, হাকিমৰ কেইটামান পৰিয়ালে আজিও ৰোগীৰ বাবে বনৌষধি চিকিৎসাৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে বুলি ডাঃ নকশবন্দীয়ে কয়। কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত ডক্টৰেট ডিগ্ৰীৰ গৱেষণা কৰা ডাঃ মহম্মদ ফাৰুক নকশবন্দীক তিনি বছৰ পূৰ্বে ইউনানী হাস্পতালৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ ২০২০ চনত নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা পি এইচ ডি থিছিছ সম্পূৰ্ণ কৰিছিল।
 
প্ৰাচীন গ্ৰীচত উৎপত্তি হোৱা ইউনানি চিকিৎসা ব্যৱস্থা হৈছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০০৩ চনত গঠন কৰা আয়ুৰ্বেদ, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধ, আৰু হোমিঅ'পেথী (AYUSH) বিভাগৰ এটা গুৰুত্বপূৰ্ণ অংশ।
 
শ্ৰীনগৰৰ সমীপৰ শালটেঙত থকা ৫০খন বিচনাযুক্ত চৰকাৰী ইউনানি চিকিৎসালয়খন পুনৰ মেৰামতি কৰি ২০০৩ চনৰ ১৭ ডিচেম্বৰত উদ্বোধন কৰা হয়। পিছলৈ ইয়াক ২০১১ চনত স্থাপিত কাশ্মীৰৰ গণ্ডাৰবলৰ প্ৰথম চৰকাৰী ইউনানী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সৈতে সংযুক্ত কৰা হয়, যিয়ে ২০১৯ চনত অ’পিডিৰ সুবিধা আৰম্ভ কৰিছিল।
 
শ্ৰীনগৰৰ চৰকাৰী ইউনানি হাস্পতালখনেই হৈছে জম্মু-কাশ্মীৰত গণ্ডাৰবালৰ চৰকাৰী ইউনানি মেডিকেল কলেজৰ সৈতে জড়িত একমাত্ৰ তৃতীয় পৰ্যায়ৰ যত্ন চিকিৎসালয়, যিয়ে বিভিন্ন স্বাস্থ্য (উনানী) কেন্দ্ৰৰ পৰা অহা ৰেফাৰেল ৰোগীক বিশেষ চিকিৎসাসেৱা আগবঢ়ায়।
 
ইয়াত এক্স-ৰে, ইচিজি, ইউএছজি, আৰু লেবৰেটৰীৰ দৰে আধুনিক সুবিধাসমূহ আছে। চিকিৎসালয়খনত পুৰুষ আৰু মহিলা ৰোগীৰ বাবে এটা ৰেজিমেণ্টেল ছেকচনো উপলব্ধ, য’ত ৰোগীয়ে কাপিং, হামাম (গা ধোৱা), সম্পূৰ্ণ শৰীৰৰ মালিচ আদি বিভিন্ন সেৱা লাভ কৰি আছে, আৰু বিশেষ চিকিৎসকে কৰা লিচিং আৰু ভেনেচেকচনৰ দৰে অন্যান্য সুবিধাও আছে।
 
২৫জন বিশেষজ্ঞ চিকিৎসকৰ এটা ব্ৰিগেডে দৈনিক ৪০০ৰ পৰা ৫০০ ৰোগীক চিকিৎসা প্ৰদান কৰি আছে। ইয়াৰ উপৰিও ইয়াত এটা IPD আছে, যিয়ে পেশী-কংকালৰ বিকাৰ, ডায়েবেটিছ আদিৰ চিকিৎসা প্ৰদান কৰে। ইয়াৰ লগতে অৰ্শ ৰোগ আৰু পায়ুপথৰ ফাট (hemorrhoids and anal fissures)ৰ দৰে অস্ত্ৰোপচাৰৰ বাবেও এটা সুকীয়া অংশ আছে। যোৱা কেইবছৰমানৰ ভিতৰত চিকিৎসালয়খনত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, বেছিভাগেই গ্ৰাম্য অঞ্চলৰ পৰা অহা।