উন্নত চিকিৎসাৰ বাবে পুনৰ কলকাতা, গুৱাহাটীলৈ আহিবলৈ আৰম্ভ কৰিছে বাংলাদেশৰ ৰোগী

Story by  atv | Posted by  Munni Begum • 11 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
কিছুদিনৰ বিৰতিৰ পিছত বাংলাদেশী ৰোগীয়ে চিকিৎসাৰ বাবে পুনৰ কলকাতা তথা সমগ্ৰ উত্তৰ-পূব ভাৰতলৈ আহিবলৈ আৰম্ভ কৰিছে। ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তেও মেডিকেল ভিছা প্ৰদানৰ কাম পুনৰ আৰম্ভ কৰাৰ ফলত বিগত কেইমাহমানৰ পৰা কলকাতা, গুৱাহাটী আদিৰ দৰে চহৰলৈ অহা বাংলাদেশী ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে।
 
বিশেষকৈ যোৱা জুলাই মাহত বাংলাদেশত উদ্ভৱ হোৱা ৰাজনৈতিক অস্থিৰতাৰ ফলত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত কলকাতা আৰু গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়সমূহত বাংলাদেশী ৰোগীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল। এটা সময়ত ৰোগীৰ সংখ্যা প্ৰায় শূন্যলৈ নামি আহিছিল। কিন্তু চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই সংখ্যা সামান্য অথচ লক্ষণীয় বৃদ্ধি হৈছে বুলি নাৰায়ণ হেলথ গ্ৰুপৰ অন্তৰ্গত RN Tagore International Institute of Cardiac Sciencesৰ এজন বিষয়াই কয়।
 
বিষয়াগৰাকীয়ে কয়, "পূৰ্বতে বেছিভাগ বাংলাদেশী ৰোগীয়ে ২০২৪ চনৰ জুলাইৰ পূৰ্বে জাৰি কৰা পুৰণি ভিছা লৈ আহিছিল। কিন্তু এতিয়া প্ৰায় ৯০% ৰোগীৰ নতুন ভিছা আছে।" 
 
আৰ এন ঠাকুৰ আন্তঃৰাষ্ট্ৰীয় হৃদৰোগ বিজ্ঞান প্ৰতিষ্ঠান
 
কলকাতাৰ ই এম বাইপাছ (EM Bypass)ৰ সমীপৰ আন এখন চিকিৎসালয়ে নিশ্চিত কৰিছে যে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তই এতিয়া পূৰ্বতকৈ অধিক ভিছাৰ আবেদনৰ প্ৰক্ৰিয়া চলাই আছে। ২০২৪ চনৰ শেষৰ ত্ৰৈমাসিকত প্ৰতিদিনে মাত্ৰ এটা বা দুটা প্ৰশ্নৰ বিপৰীতে চিকিৎসালয়খনে দৈনিক ১২ৰ পৰা ১৫টা ভেৰিফিকেচন প্ৰশ্ন (verification queries) লাভ কৰিছে।
 
বৰ্তমানৰ ধাৰাটোৰ ওপৰত ভিত্তি কৰি চিকিৎসালয়সমূহে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বাংলাদেশী ৰোগীৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰিছে। ই কলকাতাৰ লগতে গুৱাহাটীৰ হেলথ চিটী, এপল' ইণ্টাৰনেচনেল, আয়ুৰচন্দ্ৰা আদিৰ দৰে চিকিৎসালয়সমূহলৈ আশাৰ সঞ্চাৰ কৰিছে। গুৱাহাটীৰ এই চিকিৎসালয়সমূহৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে আমাক জানিবলৈ দিছে যে, বাংলাদেশৰ পৰা দুই-এজনকৈ ৰোগী এতিয়া আহিবলৈ আৰম্ভ কৰিছে। বহুতে আগতীয়াকৈ চিকিৎসকৰ Appointment লৈছে আৰু অহা মাহত গুৱাহাটীলৈ অহাৰ পৰিকল্পনা কৰিছে।     
 
যোৱা ২৭ জানুৱাৰীত ঢাকাৰ বাসিন্দা মামুনুৰ ৰছিদ মামুনে (৫১) খুৰাক মহম্মদ আশ্ৰাফুদ্দিনৰ সৈতে কলকাতাৰ RN Tagore Hospital-ত চিকিৎসাৰ বাবে চহৰখনত উপস্থিত হৈছিল। তেওঁলোকে নিউ মাৰ্কেটৰ ওচৰৰ এখন হোটেলত থাকি চিকিৎসা কৰে। এই সন্দৰ্ভত মামুনে কয় যে দুয়োজনে নতুনকৈ মেডিকেল ভিছা লাভ কৰিছে। প্ৰথম অৱস্থাত খুৰাকে এটা সৰু ক্লিনিকত এপইণ্টমেণ্ট লৈ ভিছাৰ বাবে আবেদন কৰিছিল যদিও উচ্চায়ুক্তই আবেদন নাকচ কৰিছিল। তেওঁলোকক মৌখিকভাৱে জনোৱা হৈছিল যে বৃহৎ চিকিৎসালয়ত চিকিৎসা বুকিং কৰিলেহে ভিছা দিয়া হ’ব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
অৱশ্যে, মামুনে উল্লেখ কৰে যে পৰ্যটন ভিছাৰ বাবে আবেদন কৰা তেওঁৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ই প্ৰত্যাখ্যানৰ সন্মুখীন হৈছে। চিকিৎসাৰ উপৰিও মামুনে নিউ মাৰ্কেটত বজাৰ কৰিবলৈও গৈছিল। “মই মোৰ ল’ৰাৰ বাবে টি-চাৰ্ট আৰু ট্ৰাউজাৰ, ছোৱালী আৰু ভতিজীৰ বাবে লেহেংগা, আত্মীয়ৰ বাবে কাপোৰ কিনিলোঁ। প্ৰতিবাৰেই কলকাতালৈ আহি নিউ মাৰ্কেটত বজাৰ কৰো।"-মামুনে কয়।
 
চাহিদা কম হোৱাৰ বাবে এতিয়া হোটেলৰ দামো কমি যোৱা বুলি উল্লেখ কৰি তেওঁ কয়, “আমি প্ৰতিদিনে ৯০০ টকাত এটা ৰুম পাইছিলো। আগতে এইবোৰ ৰুমৰ ভাৰা ২৫০০ টকা আছিল।"
 
আন এজন ৰোগী বৰিশালৰ অনুপ দেৱনাথ পিতৃৰ কাৰ্ডিয়াক বাইপাছ অস্ত্ৰোপচাৰৰ বাবে কলকাতাৰ RN Tagore Hospitalত আছে। ‘যোৱা বছৰ মোৰ মেডিকেল ভিছা নাকচ কৰা হৈছিল। কিন্তু এইবাৰ ভিছা পালোঁ।’
 
প্ৰতিনিধিত্বমূলক ছবি
 
যদিও এতিয়া অধিকসংখ্যক বাংলাদেশী ৰোগী কলকাতালৈ আহি আছে, তথাপিও তুলনামূলকভাৱে এই বৃদ্ধি অতি সামান্য। আৰ এন ঠাকুৰ হাস্পতালত এতিয়া বাংলাদেশৰ পৰা ৩০ৰ পৰা ৪০জন ৰোগীয়ে অ’পিডিলৈ অহাৰ বিপৰীতে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত মাত্ৰ ১৫ৰ পৰা ২০জন ৰোগীয়েহে অ’পিডিলৈ আহিছিল। পিয়ৰলেছ হাস্পতাল (Peerless Hospital)ত জানুৱাৰী মাহত বাংলাদেশী ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে যদিও শেহতীয়াকৈ পুনৰ হ্ৰাস পাইছে বুলি এজন বিষয়াই জনায়।
 
ইফালে, ভ্ৰমণকাৰীৰ সংখ্যা যথেষ্টসংখ্যক নোহোৱাৰ বাবে বাংলাদেশৰ বিমান সংস্থাসমূহে একাধিক বিমান সেৱা পুনৰ আৰম্ভ কৰা নাই। পূৰ্বে ঢাকা আৰু কলকাতাৰ মাজত দুখন বৃহৎ বিমান (১৮০ আসনৰ) আৰু চিটাগঙলৈ আন এখন বিমান চলাই থকা ইউ এছ-বাংলা এয়াৰলাইন্সে এতিয়া এখন ৭২ আসনৰ এখন বিমান চলাই আছে যদিও মাত্ৰ ৪০% যাত্ৰীৰে তেওঁলোকে যাত্ৰা কৰি আছে।
 
পূৰ্বে ঢাকালৈ দুখন বিমান চলাই থকা বিমান বাংলাদেশ এয়াৰলাইন্স (Biman Bangladesh Airlines)ৰ এতিয়া মাত্ৰ এখন বিমান। বিমান সংস্থাৰ এজন বিষয়াই কয়, "কিছুদিন ধৰি যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছিল যদিও পুনৰ কমি আহিছে, গতিকে আমি এতিয়াও বিমান বৃদ্ধি কৰিব নোৱাৰো।" চিকিৎসালয় কৰ্তৃপক্ষৰ মতে পৰ্যটকৰ ভিছা প্ৰদান নকৰিলে যাত্ৰী আৰু ৰোগীৰ সংখ্যা বিশেষভাৱে বৃদ্ধি নহ’ব।