বিশ্বত কর্কট ৰোগৰ আক্ৰান্তৰ তৃতীয় স্থানত ভৰত

Story by  atv | Posted by  Munni Begum • 8 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
ভাৰতত কর্কট ৰোগৰ এক ভয়ংকৰ তথ্য প্রকাশ কৰিছে ভাৰতীয় চিকিৎসা গবেষণা পৰিষদে (আই চি এম আৰ)। বিশ্বত কর্কট ৰোগৰ হিচাপ আমেৰিকা আৰু চীনৰ পাচতে তৃতীয় স্থানত ভৰত। আই চি এম আৰৰ ২০১২-২২ বর্ষৰ মাজৰ সময়ছোৱাক সামৰি যুগুত কৰা প্রতিবেদনখনত প্রকাশ পোৱা তথ্য অনুসৰি ভাৰতবৰ্ষত কৰ্কট ৰোগীৰ সংখ্যা ১.০১ নিযুতৰ পৰা ১.৩৮ নিযুতলৈ অর্থাৎ ৩৬ শতাংশ বৃদ্ধি পায়।  
 
ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বাঢ়িছে। দেশত চিনাক্ত হোৱাৰ সময়তে প্রতি পাঁচগৰাকী ৰোগীৰ তিনিগৰাকীৰে মৃত্যু হৈছে। কর্কটত মৃত্যু হোৱা ৰোগীৰ ৩০.৩ শতাংশলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এইবিধ মৰণ ব্যাধিত মৃত্যুৰ সংখ্যা অনাগত দিনত আৰু অধিক হোৱাৰ আশংকা কৰা হৈছে সংস্থাটোৰ ফালৰ পৰা। 
 
ভাৰত চৰকাৰৰ এই সংস্থাটোৱে আৰু সদৰী কৰিছে- ২০২২ৰ পৰা ২০৫০ চনলৈ এইবিধ ৰোগত প্রাণহানি হোৱা লোকৰ সংখ্যা ৬৪.৭ শতাংশৰ পৰা ১০৯.৬ শতাংশলৈ বৃদ্ধি পাব। আই চি এম আৰে 'দা লেনছেট'ত প্রকাশ কৰা প্রতিবেদনত পুৰুষতকৈ মহিলাৰ মাজত ৰোগবিধৰ অধিক প্রসাৰ হোৱা বুলি উল্লেখ কৰা হৈছে। 
 
মহিলাৰ মাজত ৰোগবিধৰ প্রাদুর্ভাৱৰ মাত্রা বিগত দশকৰ দৰে আগত দুটা দশকতো অব্যাহত থাকিব বুলি কোৱা হৈছে। আই চি এম আৰে ২০২২ বৰ্ষৰ বিশ্বব্যাপী কর্কট ৰোগ পৰ্যবেক্ষণৰ হিচাপ-নিকাচৰ ভিত্তিত এই প্রতিবেদন যুগুত কৰে। উক্ত পর্যবেক্ষণত আমেৰিকা আৰু চীনৰ পাচত ভাৰত কর্কট ৰোগত তৃতীয় বুলি ব্যক্ত কৰা হ'লেও ৰোগত মৃত্যুত ভাৰত দ্বিতীয়। 
 
মহিলাৰ মাজত ঘাইকৈ স্তন কর্কট আৰু পুৰুষ-মহিলা উভয়ে হাওঁফাওঁ কর্কটত আক্রান্ত হয়। ভাৰতত বয়সিয়াল লোকসকল কম বয়সৰ লোকতকৈ অধিক আক্রান্ত হ'লেও আগত দিনত কম বয়সৰ লোকসকলো আক্রান্তৰ আশংকা বৃদ্ধি পাইছে। মূলতঃ চাৰি বৰ্গৰ লোক ক্ৰমে শিশু, প্রজননক্ষম শ্রেণী, মধ্য বয়স আৰু প্রবীণ লোকৰ মাজত চলোৱা ৩৬ বিধ কৰ্কট ৰোগৰ অধ্যয়নৰ অন্তত এই তথ্যসমূহ পোহৰলৈ আহিছে। কর্কটৰ প্রায় ৭০ শতাংশ হৈছে মধ্য আৰু বয়সস্থ শ্রেণীৰ লোকৰ।