শীঘ্ৰে আৱিষ্কাৰৰ সম্ভাৱনা কৰ্কট ৰোগৰ প্ৰতিষেধক

Story by  atv | Posted by  Munni Begum • 17 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ৱাশ্বিংটন
 
বিশ্ববাসীক কেন্সাৰমুক্ত কৰাৰ বাবে চলা অহৰহ গৱেষণাৰ ফলতে শীঘ্ৰে এই ৰোগৰ প্ৰতিষেধক আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা সম্প্রতি উজ্জ্বল হৈ উঠিছে। সকলো ঠিকে-ঠাকে আগবাঢ়িলে ব্রিটেইনৰ ছাউদাম্পটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ছালিম খাক'ৰ নেতৃত্বত আন্তর্জাতিক এদল বিজ্ঞানীয়ে শীঘ্ৰে তৈয়াৰ কৰি উলিয়াব বিশ্বৰ কোটি কোটি মানুহৰ অকাল মৃত্যুৰ ভয়াৱহ কাৰক কেন্সাৰৰ অদ্যপৰিমিত প্ৰথমটো প্রতিষেধক। 
 
এই সন্দৰ্ভত অধ্যাপক খাক' আৰু তেওঁৰ গৱেষক দলৰ গৱেষণাৰ শেহতীয়া প্রতিবেদন প্রকাশ হৈছে বিজ্ঞান-পত্রিকা 'ছায়েন্স এডভান্সেছ'ত। এই প্রতিবেদনৰ তথ্য অনুসৰি শৰীৰৰ প্ৰতিৰক্ষা তন্ত্রই কিদৰে প্ৰাকৃতিকভাৱেই কেন্সাৰ কোষসমূহক আক্ৰমণৰ লক্ষ্য কৰি লয় সেয়া আৱিষ্কাৰ কৰিবলৈ সমৰ্থ হৈছে গৱেষকসকল। এই কথাই নতুন কম আক্ৰমণাত্মক কেন্সাৰৰ চিকিৎসাত সহায় কৰিব বুলি উল্লেখ কৰা হৈছে। 
 
গৱেষণালব্ধ তথ্যমতে, শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰৰ প্ৰাকৃতিক আক্রমণকাৰী কোষসমূহে সহজভাৱে কেন্সাৰ বিয়পাৰ বাবে দায়ী 'এক্সপিঅ'-ৱান' (XPO1) নামৰ প্ৰ'টিনবিধক চিন্তা কৰি আক্ৰমণৰ লক্ষ্য কৰি লয়। গৱেষকসকলে এই প্ৰ'টিনবিধৰ পৰা উৎপত্তি হোৱা 'পেপ্টাইড্' অর্থাৎ এমিন' এচিডৰ এটা সৰু শৃংখলৰ সন্ধান পাইছে, যি শৃংখলে কেন্সাৰ কোষক আক্রমণ কৰা শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰৰ কোষসমূহ ওলোটাই আক্ৰমণ কৰি প্ৰতিৰক্ষা তন্ত্রক দুর্বল কৰি তোলাৰ চেষ্টা কৰে।     
 
এই গৱেষণাই আক্রমণকাৰী বা প্ৰতিৰোধী কোষে কেন্সাৰ কোষক অপৰিকল্পিতভাৱে বাছি বাছি আক্ৰমণ কৰা বুলি থকা ধাৰণাক প্রত্যাহ্বান জনালে। 
 
গৱেষণা সন্দর্ভত অধ্যাপক খাক'ৱে কয়- 'আমাৰ গবেষণাই প্রকৃততে দেখুৱাইছে যে, কেনেকৈ আমাৰ শৰীৰৰ প্ৰতিৰক্ষা তন্ত্রই কেন্সাৰ কোষক চিনাক্ত আৰু আক্রমণ কৰে। প্ৰতিৰোধী কোষসমূহ হৈছে প্ৰতিৰক্ষা তম্বৰ শক্তিশালী অংশ। এইসমূহ কোষে কেম'থেৰাপী বা অন্যান্য প্রতিৰোধী চিকিৎসা পদ্ধতিয়ে কৰাৰ দৰে স্বাস্থ্যকৰ কোষসমূহক আক্রমণ নকৰে। এই কোষসমূহক কেন্দ্ৰ কৰি এটা চিকিৎসা ব্যৱস্থা গঢ়ি তুলিব পাৰি, যিটো অন্যান্য পৰম্পৰাগত কেন্সাৰ চিকিৎসাতকৈ বহু সুৰক্ষিত আৰু কম পার্শ্বক্ৰিয়াৰ হ'ব।' 
 
অধ্যয়নটোৱে এই তথ্যও পোহৰলৈ আনিছে যে শৰীৰত সক্রিয় প্ৰতিৰোধী কোষ আৰু উচ্চ মাত্ৰাৰ এক্সপিঅ'-ৱান থকা কেন্সাৰ ৰোগীৰ জীয়াই থকাৰ হাৰ বেছি। এই তথ্য যকৃতৰ কেন্সাৰৰ দৰে বিভিন্ন কেন্সাৰত ভোগা ৰোগীৰ ক্ষেত্ৰত সঁচা প্রমাণিত হৈ আহিছে।  
 
গৱেষণাটোৰ সহঃ গৱেষক তথা ম'নাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক বাল্‌ল্ফ স্কিটেহেল্মে কয়- 'এই গৱেষণাই বিশেষকৈ পৰম্পৰাগত চিকিৎসা পদ্ধতি ব্যর্থ হোৱা ৰোগীৰ চিকিৎসাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি আমি আশা কৰিছো। শৰীৰৰ নিজা প্ৰতিৰোধ তন্ত্ৰক ব্যৱহাৰ কৰি কৰা চিকিৎসাই নিশ্চিত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।' 
 
দীর্ঘদিনীয়া গৱেষণাত প্রাপ্ত তথ্যক লৈ ছাউদাম্পটনত বিজ্ঞানীৰ দলটোৱে সম্প্রতি কেন্সাৰৰ সৈতে যুঁজিবলৈ শৰীৰৰ প্ৰতিৰোধী কোষৰ ব্যৱহাৰেৰে বিশ্বৰ প্ৰথমটো কেন্সাৰ প্ৰতিষেধক আৱিষ্কাৰৰ দিশত অগ্ৰসৰ হৈছে। এই প্রতিষেধক আবিষ্কাৰ হ'লে শৰীৰৰ প্ৰাকৃতিক প্রতিবোধ ক্ষমতা শক্তিশালী হৈ উঠিব আৰু ইয়াৰ পার্শ্বক্রিয়াও সাম্প্রতিক চিকিৎসা পদ্ধতিতকৈ বহু কম। গৱেষণাৰ অগ্রগতিয়ে মস্তিষ্ক, ডিঙি, এণ্ড'মেট্রিয়েল, ব্লাডাৰ আৰু স্তন কেন্সাৰকে ধৰি বিভিন্ন কেন্সাৰত নতুন 'ইমিউন'থেৰাপী' চিকিৎসাৰ বাট মুকলি কৰিব বুলি প্ৰকাশ কৰা হৈছে।