আয়ুষ্মান ভাৰত স্বাস্থ্য বীমাৰ কভাৰেজ ৭০ বছৰৰ ওপৰলৈ সম্প্ৰসাৰিত কৰিলে কেন্দ্ৰই

Story by  atv | Posted by  [email protected] • 6 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (Ayushman Bharat Pradhan Mantri Jan Arogya Yojana)ৰ অধীনত আয় নিৰ্বিশেষে ৭০ বছৰ আৰু তাৰ ওপৰৰ সকলো জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য কভাৰেজ বৃদ্ধিত অনুমোদন জনাইছে।

কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা প্ৰতিশ্ৰুতি দিছিল যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰৰ ওপৰৰ সকলো জ্যেষ্ঠ নাগৰিকক কভাৰেজ দিয়া হ’ব। ইতিমধ্যে এই আঁচনিয়ে সামৰি লোৱা বহু পৰিয়ালত জ্যেষ্ঠ নাগৰিক আছে। এনে পৰিয়ালত অতিৰিক্ত কভাৰেজ, টপ আপ কভাৰেজ হ’ব ৫ লাখ টকা।”
 
এই কভাৰেজৰ লক্ষ্য হৈছে ৪.৫ কোটি পৰিয়ালৰ ছয় কোটি জ্যেষ্ঠ নাগৰিকক পাঁচ লাখ টকা বিনামূলীয়া স্বাস্থ্য বীমা কভাৰেৰে উপকৃত কৰা। যোগ্য হিতাধিকাৰীসকলক আঁচনিৰ অধীনত নতুন সুকীয়া কাৰ্ড প্ৰদান কৰা হ’ব বুলিও তেওঁ লগতে কয়।
চৰকাৰৰ মতে, ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিক যিসকলে ইতিমধ্যে অন্যান্য জনস্বাস্থ্য বীমা আঁচনি যেনে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (চিজিএইচএছ), প্ৰাক্তন সেনাবাহিনী অৱদানমূলক স্বাস্থ্য আঁচনি (ইচিএইচএছ), আয়ুষ্মান কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আদিৰ সুবিধা লাভ কৰি আছে, তেওঁলোকে হয় বৰ্তমানৰ আঁচনি বাছি ল’ব পাৰে, নতুবা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা গ্ৰহণ কৰিব পাৰে।