ক্ৰাউডফাণ্ডিঙৰ শক্তিঃ বিৰল ৰোগত আক্ৰান্ত ২২ মহীয়া শিশুৱে লাভ কৰিলে ১৭.৫ কোটি টকাৰ বেজী

Story by  atv | Posted by  [email protected] • 3 Months ago
বিৰল ৰোগত আক্ৰান্ত ২২ মহীয়া শিশুৱে লাভ কৰিলে ১৭.৫ কোটি টকাৰ বেজী
বিৰল ৰোগত আক্ৰান্ত ২২ মহীয়া শিশুৱে লাভ কৰিলে ১৭.৫ কোটি টকাৰ বেজী
 
জয়পুৰ

এটা নিষ্পাপ শিশুৰ হৃদয়স্পৰ্শী কাহিনীয়ে শেহতীয়াকৈ দেশৰ জনপ্ৰিয় অভিনেতা, টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰ, শাক-পাচলি বিক্ৰেতা আৰু বহুতো সাধাৰণ মানুহক একত্ৰিত কৰিছে। ৰাজস্থানৰ এটা ২২ মহীয়া শিশুক নতুন জীৱন দিবলৈ তেওঁলোকে পাৰ্যমানে সাহায্য আগবঢ়াইছে। কঁকালৰ তলৰ শৰীৰৰ প্ৰায় সকলো কাৰ্য্যক্ষমতা হেৰুৱাই পেলোৱা ২২ মহীয়া ল’ৰাটোৰ জীৱন ৰক্ষা কৰিবলৈ ১৭.৫ কোটি টকা মূল্যৰ এটা বেজীৰ প্ৰয়োজন হৈছিল। তেতিয়াই ক্ৰাউডফাউণ্ডিঙৰ জৰিয়তে দেশ-বিদেশৰ বিভিন্ন ক্ষেত্ৰৰ অজস্ৰ লোক একত্ৰিত হৈ শিশুটোৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়ায়।  
 
ৰাজস্থান আৰক্ষীৰ উপ-পৰিদৰ্শক নৰেশ শৰ্মাৰ পুত্ৰ হৃদয়াংশ শৰ্মা স্পাইনেল মাস্কুলাৰ এট্ৰফি (spinal muscular atrophy) নামৰ এক বিৰল জেনেটিক ডিছঅৰ্ডাৰত আক্ৰান্ত। এই ৰোগৰ পৰা মুক্তি পাবলৈ শিশুটোক বিশ্বৰ অন্যতম ব্যয়বহুল প্ৰতিষেধকৰ দৰকাৰ হৈছে, যাৰ মূল্য হৈছে ১৭.৫ কোটি টকা।
 
ফেব্ৰুৱাৰী মাহত যেতিয়া ল’ৰাজনৰ বয়স ২০ মাহ আছিল, তেতিয়া ৰাজস্থান আৰক্ষীয়ে তেওঁৰ বাবে ক্ৰাউডফাণ্ডিং অভিযান আৰম্ভ কৰিছিল। ইয়াৰ সময়সীমা আছিল অতি কম। কাৰণ শিশুটোক ২ বছৰ বয়সৰ ভিতৰত বেজীটো দিব লাগিব আৰু তেতিয়াহে তেওঁ সুস্থ হৈ থাকিব।
ছ’চিয়েল মিডিয়াত ক্ৰাউডফাউণ্ডিঙৰ আবেদন প্ৰকাশ পোৱাৰ পিছতে ক্ৰিকেটাৰ দীপক চহৰ আৰু অভিনেতা সোণু ছুদ আগবাঢ়ি আহে। এই অভিযানত জয়পুৰৰ ফলমূল বিক্ৰেতা, শাক-পাচলি বিক্ৰেতা আৰু দোকানীকে ধৰি সকলো সৰু-বৰ ব্যক্তি জড়িত হৈ পৰে। বিভিন্ন এন জি অ’ আৰু সামাজিক সংগঠনেও এই অভিযানৰ বাবে ধন সংগ্ৰহত সহায় কৰিছিল।
 
ৰাজস্থানত এই পৰ্যায়ৰ ক্ৰাউডফাণ্ডিং প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে, য'ত তিনিমাহতকৈও কম সময়ৰ ভিতৰতে ৯ কোটি টকা সংগ্ৰহ কৰা হয়। এই ধনেৰে জয়পুৰৰ জে কে ল’ন হাস্পতালত শিশুটোক বেজী দিয়া হয়। বাকী থকা ধন এবছৰৰ ভিতৰত তিনিটা কিস্তিত জমা কৰা হ'ব।