ৰাজ্যত ডেংগুৰ ভয়ংকৰ ৰূপ; গুৱাহাটীৰ পাঁচটা অঞ্চলক ৰেড জ’ন ঘোষণা

Story by  atv | Posted by  [email protected] • 23 d ago
ৰাজ্যত ডেংগুৰ ভয়ংকৰ ৰূপ; গুৱাহাটীৰ পাঁচটা অঞ্চলক ৰেড জ’ন ঘোষণা
ৰাজ্যত ডেংগুৰ ভয়ংকৰ ৰূপ; গুৱাহাটীৰ পাঁচটা অঞ্চলক ৰেড জ’ন ঘোষণা
 
গুৱাহাটী
 
কামৰূপ মহানগৰ, ডিমা হাছাও, কাৰ্বি আংলঙকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ডেংগুৱে জটিল ৰূপ ধাৰণ কৰিছে। এডিছ মহে কামোৰাৰ ফলত হোৱা এই জ্বৰত যোৱা ২৫ অক্টোবৰ পর্যন্ত অসমত ১৪৫১ গৰাকী লোক আক্রান্ত হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্যত প্ৰকাশ পাইছে।
 
এই তথ্য মতে, ডিমা হাছাও জিলাত ৪৪১ গৰাকী, কামৰূপ মহানগৰ জিলাৰ ২২৫ গৰাকী, যোৰহাট জিলাত ৮৪ পশ্চিম কাৰ্বি আংলং জিলাত ৬৬ গৰাকী, নলবাৰীত ৪৫ গৰাকী, শোণিতপুৰ জিলাত ৪২ গৰাকী আক্রান্ত হৈছে। ৰাজ্যৰ তামুলপুৰ আৰু দক্ষিণ শালমাৰা জিলাৰ বহিৰে সকলো জিলাত এই ৰোগত আক্ৰান্ত হৈছে লোক। অৱশ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য মতে বৰ্তমানলৈকে এই ৰোগত কোনো লোকৰ মৃত্যু হোৱা নাই।
 
গুৱাহাটী মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ ভাস্কৰ নগৰ, গীতানগৰ আদি অঞ্চলতেই ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। স্বাস্থ্য বিভাগে এই ৰোগ নিয়ন্ত্ৰণলৈ অহা বুলি দাবী কৰিছে যদিও ৰাইজ কিন্তু আতংকিত হৈ আছে। বিশেষকৈ ৰাধাগোবিন্দ বৰুৱা পথ, ভাস্কৰ নগৰ, গীতানগৰ, ৰংমিলি পথ, মিলিজুলি পথ আদিৰ বাসিন্দাসকলে এতিয়াও আশ্বস্ত হ'ব পৰা নাই।
উল্লেখ্য যে ডেংগু ৰোগত অতিপাত জ্বৰ হয়, গাঁঠি-মাংসপেশী-মূৰৰ বিষ হয়। তদুপৰি শৰীৰত ৰঙা দাগ বা ঘামচিসদৃশ লক্ষণে দেখা দিব পাৰে। জটিল অৱস্থাত নাক, মুখ, দাঁতৰ আলুৰপৰা তেজ ওলায়। চিকিৎসকৰ মতে, অলাগতিয়াল বাচন-বৰ্তন, টায়াৰ, নাৰিকলৰ খোলা, খালী টাব আদিত জমা হোৱা পানীত এডিছ মহে কণী পাৰে। সেয়ে ঘৰৰ কোনো মুকলি পাত্ৰৰ পানী জমা হ'বলৈ নিদিবৰ বাবে আহ্বান জনোৱাৰ লগতে চিকিৎসকসকলে শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰা, শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিছে।
 
গুৱাহাটী মহানগৰীত ডেংগুৰ প্ৰকোপ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগমে আৰ জি বৰুৱা পথ, ভাস্কৰ নগৰ, কাৰ্বি পথ, অম্বিকাগিৰী নগৰ আৰু বামুণীমৈদাম ৰেলৱে ক'লনী- এই পাঁচটা অঞ্চল ‘ৰেড জ'ন' বুলি ঘোষণা কৰিছে। উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত এতিয়ালৈকে প্রায় আঢ়ৈশ লোক ডেংগুত আক্ৰান্ত হৈছে। বিশেষকৈ গীতানগৰ, মঠঘৰীয়া, ভাস্কৰ নগৰ আৰু বামুণীমৈদামত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক বৃদ্ধি হৈছে।
 
মহৰ নিয়ন্ত্ৰণৰ বাবে পৌৰ নিগমে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰিছে যদিও বিশেষ ফলপ্রসু হোৱা নাই। গুৱাহাটীবাসীক মহৰ কামোৰৰপৰা ৰক্ষা পাবলৈ সাৱধানতা অৱলম্বন কৰিবলৈ আঁঠুৱাৰ ব্যৱহাৰ আৰু অতিমাত্ৰা জ্বৰ বা প্ৰচণ্ড মূৰৰ বিষৰ দৰে লক্ষণে দেখা দিলে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ পৌৰ নিগমে আহ্বান জনাইছে। পাত্ৰত জমা কৰি ৰখা পানী আঁতৰোৱা, মহ খেদা ঔষধ ব্যৱহাৰ কৰা, চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাখা আৰু নলা-নৰ্দমাত পানী আবদ্ধ কৰি নাৰাখিবলৈ আহ্বান জনাইছে পৌৰ নিগমে।