গুৱাহাটীত ডেংগিৰ আতংক; ৪০ জন লোক আক্ৰান্ত

Story by  atv | Posted by  Munni Begum • 11 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ৰাজধানী মহানগৰ গুৱাহাটীত ডেংগিয়ে আতংকৰ সৃষ্টি কৰিছে। মহানগৰখনৰ ভাস্কৰ নগৰ, হাতীগড় চাৰিআলি, গীতানগৰ, কাৰ্বি পথ আদিত নিতৌ ইজনৰ পিচত আনজন এই ৰোগত আক্ৰান্ত হৈছে। ইতিমধ্যে ডেংগিত আক্ৰান্ত হৈ ভাস্কৰ নগৰ, কাৰ্বি পথৰ প্ৰায় ৪০ জন লোক সম্প্রতি চিকিৎসাধীন অৱস্থাত। 
 
স্বাস্থ্য বিভাগৰ এক সূত্ৰই সদৰী কৰামতে, বিগত এটা পষেকত বৃহত্তৰ এই অঞ্চলটোত ৩৫- ৩৭ জনৰো অধিক লোক এই ৰোগত আক্রান্ত হৈছে। এক কথাত ক'বলৈ গ'লে ডেংগিৰ হটস্পটত পৰিণত হৈছে ভাস্কৰ নগৰ। এই লৈ সৃষ্টি হোৱা আতংকৰ মাজতে স্বাস্থ্য বিভাগে ভাস্কৰ নগৰ অঞ্চলৰ বাসিন্দাসকলক সজাগ কৰাৰ বাবে মাইকেৰে ডেংগিক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, সেই বিষয়ে ঘোষণা কৰিছে। সমান্তৰালকৈ ফ'গিঙৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। 
 
আৰ জি বৰুৱা পথৰ জুৰোড তিনিআলিৰ সমীপৰ অৰুণাচল পথেৰে ভাস্কৰ নগৰলৈ প্ৰৱেশ কৰা স্থানতে থকা বৃহৎ নলাটো আজিও টায়াৰ, ভগা বটল, প্লাষ্টিকৰ পেকেটেৰে ভৰি আছে। এইসমূহ আৱৰ্জনা ডেংগিৰ বাহক হিচাপে গণ্য কৰা হয় যদিও নলাটো পৰিষ্কৰণত জি এম চি কর্তৃপক্ষই অদ্যাপি গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে। 
 
অভিযোগমতে উক্ত অঞ্চলৰ বৰ্জিত-বৰষুণৰ পানীবাহী এই নলাটো পৰিষ্কৰৰ ক্ষেত্ৰত জি এম চি কর্তৃপক্ষৰ হেমাহীৰ বাবে আজি সমগ্ৰ ভাস্কৰ নগৰৰ বহু লোক জ্বৰকে ধৰি নানান ৰোগত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। নলাটোত পৰি থকা এনে কদর্য পদাৰ্থৰ দ্বাৰা সৃষ্ট বীজাণুৱে বাসিন্দাসকলক ৰোগত আক্ৰান্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বহু লোকে। 
 
তদুপৰি নলাটোৰ দাঁতিতে আছে এটা বৃহৎ ডাম্পিং গ্রাউণ্ড। এই ডাম্পিং গ্রাউণ্ডত ৰে'লৱেৰ লগতে গুৱাহাটী পৌৰ নিগমেও জাবৰ-জোঁথৰ দ'মাই অহাৰ কথাও বহু লোকে ব্যক্ত কৰে। আনকি জাবৰ-জোঁথৰৰ বৃহৎ বৃহৎ দ'মৰ পৰা ওলোৱা উৎকট দুর্গন্ধই অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰা বুলিও বহু লোকে জানিবলৈ দিয়ে। সেয়ে তেওঁলোকে শীঘ্রে ডাম্পিং গ্রাউণ্ড উক্ত স্থানৰ পৰা আঁতৰাবলৈ প্ৰশাসনক দাবী জনাইছে। ৰাইজে নলাটো শীঘ্ৰে পৰিষ্কাৰ কৰি এক স্বাস্থ্যসন্মত পৰিবেশ গঢ়ি তুলিবলৈ জি এম চিক আহ্বান জনাইছে।