তাৰিক আনোৱাৰ / নতুন দিল্লী
সমাজত তৃতীয় লিংগৰ ব্যক্তিসকলৰ জীৱন-যাপন স্বাভাৱিক কৰি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তনকাৰীৰ ভূমিকা পালন কৰি আহিছে এগৰাকী মহিলাই। কোভিড-১৯ৰ প্ৰতিষেধক কেন্দ্ৰৰ মুৰব্বীৰ দায়িত্ব পালন কৰা প্ৰথমগৰাকী ট্ৰেন্স-মহিলা (trans-woman) হোৱাৰ পৰা আৰম্ভ কৰি আইচিএমআৰ (ICMR) আৰু এইমছ (AIIMS)ৰ দৰে ৰাষ্ট্ৰীয় চিকিৎসা প্ৰতিষ্ঠানৰ সৈতে কাম কৰা প্ৰচেষ্টাসমূহে তেওঁৰ অভিযানক আগুৱাই নিছে। তেওঁৰ নাম হৈছে ডাঃ আকছা শ্বেইখ।
হিউমেন ছলিডাৰিটি ফাউণ্ডেশ্যন (Human Solidarity Foundation) নামৰ সংগঠনৰ জৰিয়তে তেওঁ খাদ্য সুৰক্ষা, চিকিৎসা পাঠ্যক্ৰম সংস্কাৰ, আৰু ট্ৰেন্স তথা ইন্টাৰচেক্স লোকৰ বাবে নৈতিক গৱেষণাৰ পৰিকাঠামোৰ ওপৰত কাম কৰে। কিন্তু তেওঁৰ মিছন ইয়াতে সম্পূৰ্ণ হোৱা নাই। হামডাৰ্ড ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চৰ কমিউনিটি মেডিচিনৰ অধ্যাপিকা হিচাপে ডাঃ আকছাই ব্যৱস্থাটো সলনি কৰাৰ ক্ষেত্ৰত এক নিৰৱ বিপ্লৱৰ নেতৃত্ব দিছে।
“আমি তৃতীয় লিংগ সমূদায়ক কেৱল স্বাস্থ্যসেৱাৰ গ্ৰাহক হিচাপেই নহয়, স্বাস্থ্য প্ৰদানকাৰী যেনে চিকিৎসক, নাৰ্ছ, যত্ন লোৱা ব্যক্তিৰ লগতে চিকিৎসা বিজ্ঞানৰ শিক্ষক, গৱেষক আৰু শিক্ষাৰ্থী হিচাপেও হিচাপেও চাব লাগিব।” ডাঃ আকছাই আৱাজ-দ্য ভইচক এইদৰে কয়।
ডাঃ আকছা শ্বেইখে বঁটা গ্ৰহণ কৰাৰ এক দৃশ্য
মুম্বাইত শৈশৱৰ গুণ্ডাগিৰিৰ পৰা ১৭ বছৰ বয়সত লিংগ পৰিচয় বিকাৰ ধৰা পৰালৈকে তেওঁৰ জীৱন যাত্ৰাৰ কথা বৰ্ণনা কৰি তেওঁ কয়, “শৈশৱত মোৰ কোনো বন্ধু নাছিল। সেয়ে শৈশৱ কালছোৱা মোৰ বাবে আছিল হতাশজনক।
তেওঁৰ পৰিয়ালৰ প্ৰতিক্ৰিয়াও সমানেই কঠোৰ আছিল। “মোক ৰন্ধা-বঢ়া কৰাত বাধা দিয়া হৈছিল। মোক কোৱা হৈছিল যে বিবাহেই মোৰ দুৰ্দশাৰ একমাত্ৰ সমাধান। এবাৰ মোক মৰমৰ ভতিজাৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ কোৱা হৈছিল, তেতিয়া মোৰ অন্তৰে কান্দি উঠিছিল।"-তেওঁ কয়।
সমাজ আৰু পৰিয়ালৰ নিৰ্যাতন অসহ্যকৰ হোৱাত ২৮ বছৰ বয়সত তেওঁ মুম্বাই এৰি নতুন দিল্লীত বসতি স্থাপন কৰিবলৈ আহে। ইয়াতেই তেওঁ হৰম’ন থেৰাপী আৰম্ভ কৰিছিল আৰু মাকৰ প্ৰতিবাদৰ পিছতো স্তন ইমপ্লাণ্টৰ অস্ত্ৰোপচাৰ কৰিছিল। “মই মোৰ মাক কৈছিলো যে মই যদি এয়া নকৰো, তেন্তে মই মৰিম,’’ ডাঃ আকছা শ্বেইখে কয়। তেওঁৰ মতে নিজৰ লিংগ পৰিচয়ক নিশ্চিত কৰাটো বিলাসীতা নহয়, বৰঞ্চ এক প্ৰয়োজনীয়তা, আৰু কেতিয়াবা ই জীৱন-মৃত্যুৰো কথা হৈ পৰে।
“শাৰিৰীক পৰিৱৰ্তন সহজ কথা নহয়। মই মেডিকেল কলেজৰ সময়ত ট্ৰেন্স-পাৰ্ছন (trans-person) হিচাপে মোৰ পৰিচয় আৱিষ্কাৰ কৰিবলৈ আহিছিলো আৰু মই মোৰ পৰিচয়ৰ কথাও ক’ব পৰা নাছিলো,” তেওঁ কয়। ডাঃ আকছাই কয় যে ভাৰতৰ চিকিৎসালয়সমূহত এতিয়াও ‘নুসুধিবা, নক’বা’ৰ দৰে মানসিকতা চলি আছে, যাৰ ফলত প্ৰায়ে ভুল চিকিৎসা হয়। ক’ভিড-১৯ মহামাৰীৰ আৰম্ভণিৰ দিনবোৰৰ এনে এটা ঘটনাৰ কথা মনত পেলাই আকছাই কয় যে তেঁওৰ স্তন ইমপ্লাণ্টবোৰ এক্স-ৰেত নিউমোনিয়া বুলি ভুলকৈ ধৰা হৈছিল। কিন্তু সৌভাগ্যক্ৰমে বিভাগটোৰ মুৰব্বীয়ে তেওঁৰ স্তন সংৰোপনৰ বিষয়ে জানিছিল আৰু তেওঁ সমস্যাটো উপলব্ধি কৰিছিল।
ডাঃ আকছা শ্বেইখ
“নুসুধিবা, নক’বা’ মনোভাৱৰ বাবে কেতিয়াবা আমি সঠিক প্ৰশ্ন সুধিব নোৱাৰো আৰু শেষত ভুল নিদান বা দুৰ্ব্যৱহাৰৰ সন্মুখীন হওঁ,” ডাঃ আকছাই কয়। এই অনিশ্চতা আৰু ধূসৰ প্ৰতিচ্ছবিখন সলনি কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ। তেওঁ কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়তো তৃতীয় লিংগৰ ব্যক্তিসকলক প্ৰায়ে টিকাকৰণ প্ৰক্ৰিয়াৰ পৰা বাদ দিয়া হৈছিল। “চিকিৎসা সমূদায়ে তেওঁলোকক এটা দুৰ্বল গোট হিচাপে গণ্য কৰে যাক সুৰক্ষা দিয়াৰ প্ৰয়োজন আছে। এই চিন্তাধাৰাৰ ফলত অধিক মনোযোগৰ প্ৰয়োজন হোৱা এটা গোটক বাদ দিয়া হয়।”
কিছুমান কথা বিপদজনক হৈ নপৰালৈকে লক্ষ্য নকৰাকৈয়ে থাকি যায়। "তেজৰ হিম'গ্লবিনৰ সংখ্যাৰ বাবে চিছ-জেণ্ডাৰ পুৰুষ আৰু মহিলাৰ বাবে বিভিন্ন স্বাভাৱিক পৰিসৰ আছে। অৱশ্যে আমি এতিয়াও অধ্যয়ন কৰা নাই যে ট্ৰেন্স-পুৰুষৰ বাবে স্বাভাৱিক পৰিসৰ কি। একেদৰে বৃক্কৰ ৰেনাল ফাংচন পৰীক্ষাত পুৰুষ আৰু মহিলাৰ বাবে মান বেলেগ বেলেগ, কিন্তু ট্ৰেন্স আৰু নন-বাইনাৰী ব্যক্তিৰ বাবে স্বাভাৱিক মূল্য কিমান?”-তেওঁ প্ৰশ্ন উত্থাপন কৰে।
তেওঁ কয় যে এয়া কেৱল তথ্যৰ কথাই নহয়, স্বাভাৱিক বুলি গণ্য নকৰা শৰীৰবোৰৰ লগত কেনে ব্যৱহাৰ কৰা হয়, তাৰো প্ৰমাণ পোৱা যায়। আকছাই প্ৰশ্ন সোধে, “এম বি বি এছৰ পাঠ্যক্ৰমৰ এনাটমী ক্লাছত আপুনি কেতিয়াবা ট্ৰেন্স ব্যক্তিৰ মৃতদেহ, বা অক্ষম ব্যক্তিৰ সন্মুখীন হৈছেনে?” তেওঁ কয় যে স্কুলৰ পাঠ্যপুথিত এতিয়াও ইণ্টাৰছেক্স লোকক অপমানজনক শব্দ ব্যৱহাৰ কৰি উল্লেখ কৰা হৈছে। আন্তঃলিংগ কেঁচুৱাৰ শৰীৰটো পুৰুষ বা মহিলাৰ নীতি-নিয়মৰ লগত খাপ খুৱাবলৈ আৰু বেয়া আৰু অপ্ৰয়োজনীয় অস্ত্ৰোপচাৰ কৰা হয়।
“এই সন্দৰ্ভত গাইডলাইন ফ্ৰেমৱৰ্ক কৰিবলৈ কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছিল, কিন্তু যোৱা দুবছৰত কমিটীৰ কেতিয়াও বৈঠক হোৱা নাছিল!” তেওঁ উল্লেখ কৰে। দিল্লী কমিছন ফৰ প্ৰটেকচন অৱ চাইল্ড ৰাইটছত আবেদন দাখিল কৰাৰ পিছত ডাঃ আকছা আৰু তেওঁৰ সহযোগীসকলে দিল্লীৰ চৰকাৰী চিকিৎসালয়ত কৰা এনে অস্ত্ৰোপচাৰ সফলতাৰে সমাপ্ত কৰে। তেওঁ কয়, “দেশজুৰি নিষেধাজ্ঞাৰ অতি প্ৰয়োজন হৈ পৰিছে।"
চিকিৎসাসকলৰ সৈতে ডাঃ আকছা শ্বেইখ
ট্ৰেন্স-ডোলেচেণ্টৰ যত্নৰ বিষয়টো আন এক জটিল বিষয়। ভাৰতীয় আইনসমূহে বৰ্তমান নাবালকক হৰম’ন প্ৰদান কৰাটোক সম্ভাৱ্য যৌন অপৰাধ হিচাপে শ্ৰেণীভুক্ত কৰাৰ বাবে বহু এণ্ডক্ৰাইন’লজিষ্টে (endocrinologists) যৌৱন প্ৰতিৰোধী ঔষধ (puberty blockers) দিয়াটো এৰাই চলিছে।
ডাঃ আকছাই কয়, “Pubertal পলম হোৱাটোৱে ডিছফ’ৰিয়া (জীৱনৰ প্ৰতি অস্বস্তি)ৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰে, যাৰ ফলত যৌৱনকালত শৰীৰত পৰিৱৰ্তন ঘটিব পাৰে। নিৰাপদ, নৈতিক নিৰ্দেশনা স্থাপনৰ বাবে অধিক গৱেষণা অতি গুৰুত্বপূৰ্ণ আছিল। বেছিভাগ ক্ষেত্ৰতে ১০ বছৰ বয়সত এজন ব্যক্তিয়ে চিনাক্ত কৰা লিংগটো ১৮ বছৰ বয়সতো একেই থাকে।”
সংস্কাৰৰ ক্ষেত্ৰত ব্যাপকভাৱে কাম কৰাৰ পিছতো ড০ আকছাই এগৰাকী মুছলমান আৰু একে সময়তে এগৰাকী ট্ৰেন্স-পাৰ্ছন হোৱাৰ প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰে। তেওঁৰ সপোন হ’ল কোনো ট্ৰেন্স-চাইল্ডে (trans-child) পৰিচয় আৰু গ্ৰহণযোগ্যতা তথা জীৱন আৰু মৰ্যাদাৰ মাজৰ পৰা যাতে এটা বাছি ল’ব লগা নহয়। তেওঁ কয়, “আপোনাৰ সন্তানৰ ওপৰত চিকিৎসাৰ হস্তক্ষেপৰ সন্দৰ্ভত অভিভাৱকৰ কিমান নিয়ন্ত্ৰণ থাকিব লাগে সেয়া এক সক্ৰিয় বিতৰ্ক।” শেষত তেওঁ খলিল জিব্ৰানৰ এক উদ্ধৃতি দিয়ে, "আপোনাৰ সন্তান প্ৰকৃতাৰ্থত আপোনাৰ সন্তান নহয়, তেওঁলোক ঈশ্বৰৰ সন্তান।”