কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ পৰা চৌদি আৰৱৰ ৰজাৰ স্বাস্থ্যৰ যত্ন লোৱা আদৰ্শবান চিকিৎসক ডাঃ এম এছ খুৰু

Story by  atv | Posted by  [email protected] • 3 Months ago
ডাঃ এম এছ খুৰু
ডাঃ এম এছ খুৰু
 
আহমেদ আলী ফায়াজ/শ্ৰীনগৰ
 
জম্মু আৰু কাশ্মীৰৰ ছোপোৰ (Sopore)ৰ গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ মহম্মদ চুলতান খুৰু কাশ্মীৰৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ (SKIMS) সঞ্চালক থকা সময়ত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদীয়ে ১৯৯০ চনৰ আৰম্ভণিতে কাশ্মীৰৰ কিছু অংশক ‘মুক্ত অঞ্চল’লৈ ৰূপান্তৰিত কৰিছিল।
 
খুৰুৰ সহযোগী গাঁওবাসী তথা বিশিষ্ট চিভিটিএছ চাৰ্জন ডাঃ আব্দুল আহদ গুৰুক অপহৰণ কৰি গুলীয়াই হত্যা কৰা হয়। এ কে-৪৭ ৰাইফল আৰু ৰকেট লঞ্চাৰ ব্ৰেণ্ডিং কৰা সন্ত্ৰাসবাদীয়ে SKIMSৰ চাইন ব’ৰ্ডৰ পৰা ‘SK’ (ইয়াৰ প্ৰতিষ্ঠাপক শ্বেখ মহম্মদ আব্দুল্লাৰ নামৰ সংক্ষিপ্ত ৰূপ) আঁতৰাই চিকিৎসালয়ৰ চাইনব’ৰ্ডত কেৱল IMS ৰাখিছিল।ইয়াৰ ভিতৰত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থান স্থাপন কৰিছিল, আৰু স্থানটো নিয়ন্ত্ৰণ কৰিবলৈ কোঠা আৰু ৱাৰ্ড দখল কৰিছিল। ইয়াৰ দেৱালত ‘আজাদী’ আৰু ‘জেহাদ’ৰ পোষ্টাৰ আবৃত আছিল।
 
স্নাতক ডিগ্ৰী লোৱাৰ সময়ত ডাঃ এম এছ খুৰু
 
ডাঃ খুৰুৱে শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰ কটকটীয়া আৱেষ্টনীৰ মাজত বাস কৰিছিল আৰু ঘূৰা-ফূৰা কৰিছিল। এগৰাকী জেষ্ঠ আই পি এছ বিষয়া আৰু চুবুৰীয়া বীৰানা আইভালীয়ে খুৰুক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছু দিনৰ বাবে ‘অদৃশ্য’ হ’বলৈ পৰামৰ্শ দিছিল। আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "আইভালীয়ে মোক কৈছিল যে তেওঁ ৫০০ আৰক্ষী নিয়োগ কৰিব পাৰে, তথাপিও মই কিন্তু তাত নিৰাপদ নহয়।"
 
"মোৰ দেউতাই মোক প্ৰতিশ্ৰুতি দিছিল যে মই মোৰ মানুহৰ সেৱা কৰি যাম। কিন্তু কাশ্মীৰত মোৰ জীৱন বিপদত পৰাত দেউতাই মোক সেই প্ৰতিশ্ৰুতিৰ বন্ধনৰ পৰা মুক্ত কৰি দিছিল। মই এবছৰৰ ছুটী লও আৰু পৰৱৰ্তী কেইসপ্তাহমানৰ ভিতৰত মই মোৰ পত্নী হালিমাৰ সৈতে ছৌদি আৰবলৈ গৈছিলো।”-ডাঃ মহম্মদ চুলতান খুৰুৱে কয়।
 
তেওঁ ৰিয়াদৰ King Faisal Specialist Hospital & Research Centre (কে এফ এছ এইচ)ত যোগদান কৰে। হেপাট’লজীৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰি খুৰুৱে অধ্যাপক আৰু গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ মুৰব্বী পদলৈ উন্নীত হয়।
 
সাত বছৰৰ পাছত খুৰুৱে কে এফ এছ এইচত লিভাৰ ট্ৰান্সপ্লাণ্ট বিভাগ স্থাপন কৰি ১০০ৰো অধিক জটিল অস্ত্ৰোপচাৰৰ তদাৰক কৰে। ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন চিকিৎসালয়ত যকৃত সংস্থাপন কৰা ৩০০ৰো অধিক ৰোগীৰ কে এফ এছ এইচ ক্লিনিক আৰু অস্ত্ৰোপচাৰৰ পিছৰ যত্নও তেওঁ পৰিচালনা কৰিছিল। ১০ বছৰ সেৱাৰ অন্তত খুৰুৱে নিজৰ গৃহ চহৰ জম্মুলৈ উভতি আহে।
 
পিতৃৰ সৈতে ডাঃ এম এছ খুৰু
 
“ছৌদি আৰবত মই অবিশ্বাস্যভাৱে বহুতো সন্মান আৰু স্বীকৃতি পাইছিলোঁ। SKIMS ত কাম কৰি থাকোঁতে মোৰ পৰিয়াল আৰু সন্তানৰ বাবে সময় নাছিল। মই সপ্তাহত সাত দিন, ২৪ ঘণ্টা কাম কৰিছিলো। আৰম্ভণিতে মোৰ দৰমহা আছিল মাহে ৩০০ টকা। সঞ্চালক হিচাপে ওলাই যোৱাৰ সময়ত মোৰ মুঠ দৰমহা আছিল ১৮ হাজাৰ টকা। ঘৰলৈ নিবলৈ মোৰ হাতত ৯ হাজাৰতকৈ বেছি টকা থকা নাছিল। সহকৰ্মীসকলৰ পৰা টকা ধাৰ কৰি মই জীৱন নিৰ্বাহ কৰিছিলো।"-আদৰ্শৱান চিকিৎসকজনে কয়।
 
ডাঃ খুৰুৱে পুনৰ কয়, "ৰিয়াদত মই দিনটোত মাত্ৰ ৬ৰ পৰা ৮ ঘণ্টা কাম কৰাৰ কথা আছিল; সপ্তাহত পাঁচ দিন। ইয়াৰ ফলত মই মোৰ পৰিয়ালটোক সুন্দৰভাৱে সময় দিব পৰা হ'লো। মোৰ এজন ল’ৰা আৰু দুগৰাকী ছোৱালী আছে আৰু তেওঁলোক সকলো ডাক্তৰ। ভগৱানৰ কৃপাত সিহঁতে ভাল কাম কৰি আছে।”
 
তেওঁ লগতে কয় যে ৰিয়াদত তেওঁৰ দৰমহা ৪ লাখৰ পৰা ১০ লাখ টকাৰ ভিতৰত আছিল। “মোৰ সমনীয়া ক্লিনিচিয়ানসকলৰ দৰে মোৰ চিকিৎসা গৱেষণাৰ প্ৰতি অত্যন্ত আকৰ্ষণ আছিল, আৰু ধনৰ কথা বিবেচনা নকৰিলেও ভাল উপাৰ্জনে আপোনাক শ্ৰেষ্ঠখিনি উজাৰি দিবলৈ অনুপ্ৰাণিত কৰে।” খুৰুৱে লগতে কয়।
 
কুৱেইটত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ পৰা বঁটা গ্ৰহণ কৰে ড° এম এছ খুৰুৱে
 
“শ্ৰীনগৰত পঢ়া-শুনা আৰু প্ৰশিক্ষণৰ সময়ছোৱাত মই কঠিন সময়ৰ সন্মুখীন হৈছিলো। আগতে শ্ৰীনগৰত থাকি শনিবাৰে ছোপোৰৰ ঘৰলৈ যাত্ৰা কৰি সোমবাৰে পুৱা পুনৰ উভতি আহিছিলো। পাঁচ বছৰ ধৰি মামাই মোক মোৰ সপ্তাহৰ খৰচৰ বাবে ১০ টকাকৈ দিছিল। ঘৰলৈ সাপ্তাহিক যাত্ৰাৰ বাবে এটকা ছয় আনা ৰাখি বাকী আঠ টকা দহ আনাৰ ভিতৰতে কামবোৰ পৰিচালনা কৰিছিলো।”-খুৰুৱে কষ্টকৰ দিনবোৰৰ কথা এইদৰে স্মৰণ কৰে।
 
তেওঁ বিশ্বৰ অন্যতম শীৰ্ষ গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট আৰু লিভাৰ ট্ৰান্সপ্লাণ্ট বিশেষজ্ঞ হিচাপে উপাৰ্জন কৰা ধনৰ পৰা খুৰুৱে প্ৰকৃত সন্তুষ্টি লাভ নকৰে, বৰঞ্চ ছৌদি ৰাজকীয় পৰিয়ালৰ চিকিৎসক হোৱাৰ সুযোগে তেওঁক অধিক সন্তুষ্টি দিয়ে।
 
“মই ৰজা আব্দুল্লা আৰু ফাহাদৰ স্বাস্থ্যসেৱা চম্ভালিছিলো। আমি আগতে কেৱল ৰজাৰ ওচৰলৈ গৈছিলোঁ। ৰাজপৰিয়ালৰ বাকী সকলো সদস্য আমাৰ ওচৰলৈ কে এফ এছ এইচ (KFSH)ত আহিছিল। এবাৰ তাত মোৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। যেতিয়া মোৰ চেতনা ঘূৰি আহিল, তেতিয়া দেখিলোঁ যে কে এফ এছ এইচৰ সঞ্চালকে মোক মোৰ কোঠালৈ লৈ গৈছে”, খুৰুৱে মনত পেলাইছে।
 
ইফালে, ৰিয়াদতো ঘৰৰ অস্থিৰ পৰিস্থিতিয়ে খুৰুক শান্তিৰে থাকিব নিদিলে৷ শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ (জিএমচি) এমবিবিএছৰ প্ৰশিক্ষাৰ্থী পুত্ৰ য়াছিৰক অপহৰণ কৰা হয়। তেতিয়া খুৰুৱে জম্মুলৈ উভতি আহিবলগীয়া হ’ল। কিন্তু কেনেবাকৈ সংকটৰ সমাধান হয় আৰু তেওঁ পুনৰ ৰিয়াদলৈ যায়।
 
শ্ৰীনগৰৰ বাসগৃহত ডাঃ এম এছ খুৰু
 
১৯৪৪ চনত জন্মগ্ৰহণ কৰা খুৰুৱে জম্মুৰ ছোপোৰৰ মহাৰাজৰ বাধ্যতামূলক শিক্ষা বিদ্যালয় (Maharaja’s compulsory education school)ত প্ৰাথমিক শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল। ইয়াৰ উপৰিও ১৯৬৭ চনত জিএমচি শ্ৰীনগৰৰ পৰা ছোপোৰত হাইস্কুল আৰু এফএছচি (১০+২) আৰু এমবিবিএছ সমাপ্ত কৰি তেওঁ মেধাৰ তালিকাত প্ৰথম স্থানেৰে সোণৰ পদক লাভ কৰে। পিছলৈ বিশেষজ্ঞ অধ্যয়ন আৰু উৎকৃষ্ট কামৰ ফলত তেওঁ ডজনৰো অধিক পদক লাভ কৰে।
 
খুৰু হৈছে ১৯৭৮ চনত হেপাটাইটিছ ‘ই’ ভাইৰাছ আৱিষ্কাৰ কৰা ব্যক্তি। ২০০ খন গাঁৱৰ ৫৭ হাজাৰতকৈ অধিক লোকক এই ভাইৰাছে আক্ৰান্ত কৰিছিল। বহু গৰ্ভৱতী মহিলাকে ধৰি ১৬০০ জন লোকৰ ইয়াৰ ফলত মৃত্যু হৈছিল।
 
‘মই জিএমচি শ্ৰীনগৰৰ ফেকাল্টী আছিলোঁ। গুলমাৰ্গৰ পৰা ৱুলাৰ হ্ৰদলৈকে নিংগলী নাল্লাৰ দুয়োকাষে মহামাৰী ভাবুকিপূৰ্ণ অনুপাতত বিয়পিবলৈ ধৰাৰ লগে লগে মই কাৰ্যতঃ এটা সৰু দলৰ সৈতে জুইত জপিয়াই পৰিলোঁ। মোৰ পৰিয়ালৰ আন সদস্যৰ লগত সংক্ৰমিত হৈছিলো কিন্তু আমি জিৰণি লোৱা নাছিলো যেতিয়ালৈকে আমি প্ৰতিষ্ঠা কৰা নাছিলো যে ই এটা সম্পূৰ্ণ নতুন হেপাটাইটিছ ভাইৰাছ। মই ইয়াৰ নাম ৰাখিলোঁ হেপাটাইটিছ ‘ই’। যোৱা ৪৫ বছৰত এই ধাৰাবাহিকখনৰ আন কোনো ভাইৰাছ পোৱা নাই”, খুৰুৱে কয়।
 
খুৰুৱে চণ্ডীগড়ৰ স্নাতকোত্তৰ ইনষ্টিটিউট অৱ মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ (পিজিআইএমইআৰ)ত গেষ্ট্ৰ’এণ্টেৰ’লজীত ডিএম সম্পূৰ্ণ কৰাৰ পিছত ব্ৰিটেইন আৰু আমেৰিকাত ফেল’শ্বিপ লাভ কৰে। নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন (এন ই জে এম)ৰ গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ পোৱা প্ৰথমজন ভাৰতীয় চিকিৎসা বিজ্ঞানী হিচাপেও অধ্যাপক খুৰুৱে গৌৰৱ অৰ্জন কৰিছে।
 
উল্লেখ্য যে, ডাঃ খুৰুৱে আশীৰ দশকত নতুন ৰোগ আৰু চিকিৎসা পদ্ধতি বিশ্ববাসীৰ আগত উন্মোচন কৰিছিল। তেওঁ প্ৰথমে প্ৰকাশ কৰিছিল যে কেনেকৈ কিছুমান বিশেষ ৰোগৰ চিকিৎসা আক্ৰমণাত্মক পদ্ধতি অবিহনে কৰিব পাৰি, যাৰ ফলত বিশ্বৰ বিশ্ববিদ্যালয় আৰু চিকিৎসালয়সমূহেও ইয়াৰ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল।