হজৰত মহম্মদৰ ৪ টা ফিটনেছ মন্ত্ৰৰে শৰীৰ আৰু আত্মা উভয়ৰে যতন লওঁ আহক

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

গুলাম কাদিৰ
 
ফিটনেছ আৰু স্বাস্থ্যৰ আলোচনা প্ৰায়ে আধুনিক বিজ্ঞান আৰু ট্ৰেণ্ডৰ মাজতে সীমাবদ্ধ বুলি গণ্য কৰা হয়। কিন্তু শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে শ শ বছৰ ধৰি পথ প্ৰদৰ্শন কৰা এটা আচৰিত উৎস হ’ল হজৰত মহম্মদ (ছঃ)ৰ ছুন্নাহ।
 
হজৰত মহম্মদে কেৱল আধ্যাত্মিক পথ প্ৰদৰ্শন কৰাই নহয়, তেওঁৰ জীৱনৰ ফিটনেছ আৰু স্বাস্থ্যৰ টিপছৰ জৰিয়তে আমাক শিকাইছিল যিবোৰ আজিও প্ৰাসংগিক। আহক আমি হজৰত মহম্মদ (ছঃ)ৰ চুন্নাহৰ পৰা অনুপ্ৰাণিত চাৰিটা মূল ফিটনেছ টিপছৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ, যিয়ে আমাৰ শৰীৰক পুষ্টি দিয়াৰ লগতে আত্মাক পুনৰুজ্জীৱিত কৰাত সহায় কৰে।
 
১. উপবাস
 
হজৰত মহম্মদে তেওঁৰ অনুগামীসকলক প্ৰতি সপ্তাহৰ সোমবাৰ আৰু বৃহস্পতিবাৰে ৰোজা ৰাখিবলৈ বা উপবাসে থাকিবলৈ পৰামৰ্শ দিছিল। এই ৰোজা কেৱল ধৰ্মীয় ৰীতি-নীতি নাছিল, বৰঞ্চ ইয়াৰ শাৰীৰিক আৰু মানসিক বহু উপকাৰ আছে। আধুনিক বিজ্ঞানেও উপবাসক স্বাস্থ্যকৰ বুলি গণ্য কৰে, যাক আমি 'Intermittent Fasting' বুলি জানো।
 
ই কেৱল শৰীৰক কেলৰি নিয়ন্ত্ৰণ কৰাত সহায় কৰাই নহয় শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াও উন্নত কৰে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে পৰামৰ্শ দিয়া এই উপবাসৰ পদ্ধতিয়ে কেৱল ওজন কমাবলৈ সহায় কৰাই নহয়, ই ইনচুলিনৰ সংবেদনশীলতাও বৃদ্ধি কৰে, যিটো শৰীৰৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ।
 
 
উপবাসৰ সময়ত (ৰোজা) শৰীৰে খাদ্য খোৱাৰ পৰা জিৰণি লয়, আৰু শৰীৰে নিজকে আভ্যন্তৰীণভাৱে পৰিষ্কাৰ কৰি নতুন কোষ পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াক "অটোফেজি" বোলা হয়, যিটো স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী প্ৰক্ৰিয়া।
 
২. সুষম খাদ্য
 
হজৰত মহম্মদ (ছঃ)-এ অতি শক্তিশালী কথা এটা কৈছিল, “আদমৰ পুত্ৰই নিজৰ পেটতকৈ বেয়া কোনো পাত্ৰ ভৰাই নিদিয়ে।” এই বক্তব্যৰ জৰিয়তে তেওঁ আমাক বুজাই দিছিল যে পৰিমিত খাদ্য খোৱাতো অত্যন্ত গুৰুত্বপূৰ্ণ। আধুনিক যুগত য’ত জাংক ফুড আৰু অতিমাত্ৰা খাদ্য খোৱাৰ মাত্ৰা বাঢ়িছে, তেনে সময়ত এই ছুন্নাই আমাক সকীয়াই দিছে যে আমি আমাৰ শৰীৰে সঁচাকৈয়ে যিমানখিনি প্ৰয়োজনীয় বুলি ভাবে সিমানখিনিহে খাব লাগে।
 
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সদায় স্বাস্থ্যসন্মত আৰু প্ৰাকৃতিক খাদ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে, পেটৰ আধা অংশ খাদ্যৰ বাবে, এক চতুৰ্থাংশ পানীৰ বাবে আৰু বাকী চতুৰ্থাংশ বায়ুৰ বাবে এৰি দিব লাগে। এই ভাৰসাম্য কেৱল শাৰীৰিক স্বাস্থ্যৰ বাবেই অপৰিহাৰ্য নহয়, ই আত্মনিয়ন্ত্ৰণ আৰু অনুশাসনো আনে।
 
আজিৰ যিখন পৃথিৱীত অনিয়মিত আৰু অসন্তুলিত খাদ্যাভ্যাসৰ বাবে মেদবহুলতা, হৃদৰোগ আৰু পাচনতন্ত্ৰৰ সমস্যা বাঢ়িছে, নবীৰ এই বাৰ্তা পালন কৰাটো আমাৰ জীৱনশৈলীলৈ অনুশাসন অনাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব পাৰে।
 
৩. শাৰীৰিক কাৰ্যকলাপ

হজৰত মহম্মদ (ছঃ)ৰ ছুন্নাত শাৰীৰিক কাৰ্যকলাপক এক গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে। সাঁতোৰ, ঘোঁৰা চলোৱা, মল্লযুঁজৰ দৰে ব্যায়ামৰ অনুৰাগী আছিল হজৰত মহম্মদ। তেওঁৰ সংগী চাহাবাও আছিল যোদ্ধা, যিসকল শাৰীৰিকভাৱে অতি শক্তিশালী আৰু সক্ৰিয় আছিল। এইদৰে নবীৰ শিক্ষা আছিল যে এজন মুছলমান শাৰীৰিকভাৱে সক্ৰিয় আৰু শক্তিশালী হ’ব লাগে।
 
 
সাঁতোৰ, দ্ৰুত গতিত খোজ কঢ়া, দৌৰা বা যুদ্ধ কলাৰ দৰে নিয়মিত ব্যায়াম কেৱল শাৰীৰিক স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, ই মানসিক আৰু আৱেগিক স্বাস্থ্যও উন্নত কৰে। এইটো এক প্ৰকাৰৰ মানসিক চাপ নিৰাময় প্ৰক্ৰিয়া, যিয়ে আমাৰ মনক শান্ত কৰি আত্মাক শান্তি প্ৰদান কৰাত সহায় কৰে।
 
আজিৰ ব্যস্ত জীৱনশৈলীত নিয়মীয়া ব্যায়ামক আওকাণ কৰাটো সাধাৰণ কথা হৈ পৰিছে যদিও নবীৰ চুন্নাহত শিকোৱা হৈছে যে ফিটনেছ কেৱল আমাৰ শৰীৰৰ বাবেই প্ৰয়োজনীয় নহয়, ই আমাৰ আত্মাক পুনৰুজ্জীৱিত কৰাৰ এক মাধ্যমো। ই আমাৰ জীৱনটোক সুষম আৰু অনুশাসিত কৰি তোলে। 
 
৪. আত্ম-যত্ন আৰু আত্মাৰ যত্ন লোৱাঃ
 
হজৰত মহম্মদ (ছঃ)-এ কৈছিল, "নিশ্চয়, এজন মুমিনৰ জীৱন কেৱল ভালৰ দ্বাৰাহে বৃদ্ধি পায়।" এই বক্তব্যই কেৱল শাৰীৰিক স্বাস্থ্যৰ কথাই কোৱা নাই, আত্মাক পুষ্টিৰ কথাও কয়। সুস্থ জীৱন মানে কেৱল শাৰীৰিকভাৱে শক্তিশালী হোৱাই নহয়, মানসিক আৰু আধ্যাত্মিকভাৱেও সুষম আৰু শক্তিশালী হোৱাটোও প্ৰয়োজনীয়।
 
হজৰত মহম্মদ (ছঃ)-এ এক সামগ্ৰিক জীৱন যাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। অৰ্থাৎ আমি কেৱল আমাৰ শৰীৰৰ যত্ন লোৱাই নহয়, আমাৰ মন আৰু আত্মাৰো যত্ন লোৱা উচিত। আমি মানসিক চাপক সঠিকভাৱে পৰিচালনা কৰা উচিত, পাৰিবাৰিক সম্পৰ্কক মূল্য দিয়া উচিত, আৰু আমাৰ স্বাস্থ্যৰ প্ৰতি সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰা উচিত।
 
স্বাস্থ্যসন্মত অভ্যাস, নিয়মীয়া ব্যায়াম, সঠিক খাদ্যাভ্যাস আৰু সঠিক মানসিক মনোভাৱ গ্ৰহণ কৰি আমি এক পূৰ্ণতাপূৰ্ণ আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিব পাৰিম। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাত আমাক শিকাইছে যে স্বাস্থ্য কেৱল শৰীৰতে সীমাবদ্ধ নহয়, কিন্তু মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ সমানেই গুৰুত্ব আছে।
 
৫. চুন্নাহ অনুপ্ৰাণিত জীৱনশৈলীঃ
 
হজৰত মহম্মদ (ছঃ)ৰ ছুন্নাত ফিটনেছ আৰু স্বাস্থ্যৰ বহু উপাদান সন্নিবিষ্ট কৰা হৈছে, যিবোৰ আজিৰ সময়তো সম্পূৰ্ণ প্ৰাসংগিক। উপবাস, সুষম খাদ্য, নিয়মীয়া শাৰীৰিক কাৰ্য্যকলাপ, আত্মাৰ যত্ন লোৱা আদি সকলোবোৰেই ফিটনেছৰ গুৰুত্বপূৰ্ণ স্তম্ভ, যিয়ে সুস্থ আৰু সুষম জীৱনৰ ভেটি স্থাপন কৰে।
 
 
আজিৰ আধুনিক ফিটনেছ আৰু স্বাস্থ্যৰ জগতখনত হজৰত মহম্মদ (ছঃ)ৰ ছুন্নাতে আমাক এক কালজয়ী আৰু সমৃদ্ধ দৃষ্টিভংগী প্ৰদান কৰে। এই ফিটনেছ টিপছসমূহ গ্ৰহণ কৰি আমি কেৱল শাৰীৰিকভাৱে সুস্থ হৈ থকাই নহয়, মানসিক আৰু আধ্যাত্মিক শান্তিও লাভ কৰিব পাৰো।
 
আহক আমি হজৰত মহম্মদ (ছঃ)ৰ গভীৰ শিক্ষা আমাৰ জীৱনত গ্ৰহণ কৰি শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ভাৰসাম্যৰ এই যাত্ৰাত কৃতজ্ঞতাৰে আগবাঢ়ি যাওঁ।