দীপজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যন, এএমচি প্ৰাক্তন ছাত্ৰ সন্থা আৰু একাডেমিক ফ'ৰামৰ সহযোগত বিনামূলীয়া স্বাস্থ্যশিবিৰ

Story by  atv | Posted by  [email protected] • 5 Months ago
বিনামূলীয়া স্বাস্থ্যশিবিৰৰ দৃশ্য
বিনামূলীয়া স্বাস্থ্যশিবিৰৰ দৃশ্য
 
গুৱাহাটী
 
দেওবাৰে গুৱাহাটীৰ বেলতলাস্থিত প্ৰমোদ মেম'ৰিয়েল অল্ড এজ হোম আৰু হাতীগাঁওৰ বৃদ্ধাশ্ৰমত থকা ককা-আইতাসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। 
 
 
এই স্বাস্থ্যশিবিৰটোত উদ্যোগ লৈছিল দীপজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যন, মুম্বাই আৰু এ এম চি প্ৰাক্তন ছাত্ৰ সন্থা আৰু একাডেমিক ফ'ৰাম,গুৱাহাটীয়ে। স্বাস্থ্যশিবিৰটোত সহযোগিতা আগবঢ়াইছিল উইণ্ট্ৰব হাস্পতালে। 
 
বিনামূলীয়া স্বাস্থ্যশিবিৰৰ দৃশ্য
 
স্বাস্থ্য শিবিৰটোত চকু আৰু ই এন টি পৰীক্ষাকে ধৰি বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা হয়। লগতে, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰো স্ক্ৰীনিং কৰা হৈছিল। শিবিৰটোত চকু বিশেষজ্ঞ ডাঃ সুভ্ৰা দাস, জিএমচিএইচৰ আঞ্চলিক চকু চিকিৎসা প্ৰতিষ্ঠানৰ সঞ্চালক, ডাঃ অঞ্জনা চৌধুৰী আৰু ইএনটি বিশেষজ্ঞ ডাঃ ছামিম আহমেদ আৰু উইণ্ট্ৰব হাস্পতালৰ নাৰ্ছৰ এটা দলৰ লগতে "সম্পূৰ্ণ এনজিঅ"ৰ প্ৰতিস্থাপক দীপজ্যোতি গাৰ্গ আৰু সঞ্চালিকা শ্ৰীমতী অমৃতা বৰকটকী, সমাজকৰ্মী শ্ৰীমতী অনুভূতি ভট্টাচাৰ্য উপস্থিত থাকে। 
 
৭০ জনতকৈ অধিক ৰোগীক পৰীক্ষা কৰি ১৯ জন কেটাৰেক্ট ধৰা পৰাৰ লগতে জি এম চি এইচত বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰা হ’ব বুলি জানিবলৈ দিয়ে। এন জি অ'টোৱে এ এম চি এলুমনি এছ'চিয়েচন আৰু একাডেমিক ফ'ৰাম ,গুৱাহাটী আৰু মহানগৰীৰ উইণ্ট্ৰব হাস্পতালৰ সহযোগিতাক শলাগ লয়।