নেট্ৰাম আই ফাউণ্ডেচন আৰু হেলা ইণ্ডিয়া লাইটিং লিমিটেডৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Story by  atv | Posted by  Munni Begum • 4 d ago
 স্বাস্থ্য পৰীক্ষা শিবিৰ উদ্বোধন কৰাৰ এক মূহুৰ্ত
স্বাস্থ্য পৰীক্ষা শিবিৰ উদ্বোধন কৰাৰ এক মূহুৰ্ত
 
গুৱাহাটী 

নতুন দিল্লীৰ নেত্ৰাম আই ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু উদয়ন কৃষ্টি সংঘ, এমেচাৰ ৰেডিঅ' অধ্যয়ণ  আৰু বিকাশ কেন্দ্ৰ (উত্তৰ-পূৰ্বাঞ্চল), অসম আৰক্ষী পেঞ্চনাৰ কল্যাণ সন্থা (এ পি পি ডব্লিউ এ), গুৱাহাটীৰ সহযোগত দেওবাৰে লখৰা চাৰিআলিৰ উদয়ন কৃষ্টি সংঘ চৌহদত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ সামৰণি পৰে। 
 
পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ অনুষ্ঠিত এই শিবিৰত চালক, হেণ্ডিমেনৰ লগতে ঘাইপথৰ কাষত কাম কৰা মেকানিকৰ উপৰিও স্থানীয় প্ৰায় ১৫০ৰো অধিক ৰোগীয়ে চকুৰ সেৱা, অস্থিৰোগ সেৱা, ছালৰ ৰোগ, সাধাৰণ স্বাস্থ্যসেৱাৰ লগতে ৰক্তচাপ আৰু ব্লাড চুগাৰও নিৰীক্ষণ সম্পন্ন কৰা হয়৷ ইয়াৰ উপৰিও বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ লগতে প্ৰায় ৫০ৰো অধিক প্ৰেছক্ৰিপচন চশমা বিতৰণ কৰা হয়৷ 
 
এ পি পি ডব্লিউ এৰ প্ৰধান সচিব তাহেৰউদ্দিন আহমেদে জনোৱা মতে, অসম আৰক্ষীৰ প্ৰাক্তন বিশেষ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই বিনামূলীয়া চিকিৎসা সেৱা শিৱিৰৰ উদ্বোধন কৰি ভাষণত কয়, এনে স্বাস্থ্য পৰীক্ষা শিবিৰে গাঁৱৰ জনসাধাৰণৰ মংগলৰ পোষকতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ৰোগীসকলৰ দুৱাৰমুখলৈ সুলভ চিকিৎসা সেৱা অনা, স্বাস্থ্যজনিত সমস্যাসমূহ আগতীয়াকৈ ধৰা পেলোৱা আৰু প্ৰতিৰোধ কৰাটো নিশ্চিত কৰিব। 
 
মেডিচিন বিশেষজ্ঞ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ (প্ৰাক্তন) ভাৰপ্ৰাপ্ত উপ-স্বাস্থ্য বিষয়া ডা: নগেন্দ্ৰ নাথ শৰ্মা, চালৰোগৰ বিশেষজ্ঞ ডা: নৱ হাজৰিকা, অস্থিৰোগ বিশেষজ্ঞ ডা: কাস্তুৰী ডেকা আৰু চকু বিশেষজ্ঞ  খিটবৰ সোনোৱালদেৱে চিকিৎসা আগবঢ়ায়৷ 
 
উদয়ন কৃষ্টি সংঘৰ সভাপতি- সম্পাদক সমন্মিতে হেমন্ত কলিতা, ৰামচৰন কলিতা, দুলাল মেধি, গোবিন্দ কাকতি, দীপ বৰা, টিকেন্দ্ৰজিৎ ডেকাৰ উপৰিও অসীম ৰঞ্জন গগৈ, বিমল জ্যোতি গগৈ, সুমন সিনহা, দেৱজিৎ ডেকা, জিতেন্দ্ৰ কলিতা, মাখন মহন্ত আদিয়ে উক্ত শিৱিৰটোৰ সফল ৰূপায়ণত সহায়-সহযোগিতা আগবঢ়ায়৷