গুৱাহাটী
১ আগষ্টৰ পৰা বৃদ্ধি হ'ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ (জি এম চি এইচ) চিকিৎসা সেৱা মাচুল। এশ শতাংশ পর্যন্ত বাঢ়িল জি এম চি এইচৰ সেৱা মাচুল। পূৰ্বতে ৰোগীৰ পঞ্জীয়ন মাচুল আছিল ১০ টকা। কিন্তু এতিয়াৰে পৰা ৰোগীসকলে পঞ্জীয়ন মাচুল আদায় দিব লাগিব ২০ টকাকৈ। একেদৰে জি এম চি এইচত বৃদ্ধি কৰা হৈছে ১০৭ টা বিভিন্ন পৰীক্ষাৰ মাচুল। বৃদ্ধি কৰা হৈছে পেয়িং কেবিনৰ মাচুলো।
১ আগষ্ট পৰা মাচুল বৃদ্ধি হোৱা বুলি ইতিমধ্যে জি এম চি এইচত বেনাৰ আৰি দিছে চিকিৎসালয় কর্তৃপক্ষই। শাসকীয় চৰকাৰখনে গ্রহণ কৰা সিদ্ধান্তমর্মেই জি এম চি এইচৰ বায়'কেমেস্ট্রিৰ প্রতিটো পৰীক্ষাতে ২০ শতাংশ মাচুল বৃদ্ধি কৰা হৈছে। বৃদ্ধি কৰা হৈছে যকৃৎ, বৃক্ক, প্র'টিন, এলকহল, ইউৰিক এচিড আদিৰ পৰীক্ষাৰ মাচুলো।
পূর্বতে থ্রাইৰয়ড পৰীক্ষাৰ মাচুল আছিল ৬০০ টকা। কিন্তু বৰ্তমান থাইৰয়ড পৰীক্ষাৰ বাবে ৰোগীয়ে আদায় দিব লাগিব ৮০০ টকাকৈ। ডি ভিটামিন পৰীক্ষাৰ মাচুল পূৰ্বৰ ১,২০০ টকাৰ ১,৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে পূর্বতে যিটো পেয়িং কেবিনৰ বাবে ৰোগীয়ে প্রতিদিনে ১,০০০ টকা আদায় দিব লাগিছিল, সেই পেয়িং কেবিনৰ বাবে এতিয়াৰে পৰা আদায় দিব লাগিব ১,২০০ টকাকৈ।
১ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ মুঠ ১০৭ টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে। আগত ১৫ দিনত পেথল'জি, মাইক্রবায় 'ল'জি আদি বিভাগৰ পৰীক্ষাৰ মাচুলো বৃদ্ধি কৰিব জি এম চি এইচ কর্তৃপক্ষই। এইদৰে তিনি-চাৰি মাহৰ ভিতৰত আটাইকেইটা বিভাগতে পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিব জি এম চি এইচ কর্তৃপক্ষই। অকল জি এম চি এইচ বুলিয়ে নহয়, দুই-এদিনতে ৰাজ্যৰ আন আন চৰকাৰী হাস্পতালতো বৃদ্ধি পাব চিকিৎসা সেৱাৰ মাচুল।