গুৱাহাটী
এতিয়াৰে পৰা স্বাস্থ্য বিভাগৰ পঞ্জীয়ন অবিহনে কোনো চিকিৎসা প্রতিষ্ঠানে চিকিৎসা সেৱা আগবঢ়াব নোৱাৰিব। কামৰূপ মহানগৰৰ যুটীয়া সঞ্চালকে শুকুৰবাৰে এই সন্দর্ভত এক নির্দেশনা জাৰি কৰিছে।
নির্দেশনাটোত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ইউ এছ মেধিয়ে উল্লেখ কৰা মতে, ক্লিনিকেল এষ্টাব্লিছমেন্ট এক্ট ২০১০ অনুসৰি সকলো ধৰণৰ চিকিৎসা প্রতিষ্ঠান উক্ত আইনৰ অধীনত পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। কিন্তু কামৰূপ মহানগৰ জিলাৰ একাংশ চিকিৎসা প্রতিষ্ঠানে স্বাস্থ্য বিভাগত নিজৰ নাম পঞ্জীয়ন নকৰা কাৰ্য দৃষ্টিগোচৰ হৈছে।
সেয়ে এতিয়াৰে পৰা পঞ্জীয়ন অবিহনে মহানগৰ জিলাৰ সৰু-বৰ যিকোনো চিকিৎসা প্রতিষ্ঠানে চিকিৎসা সেৱা আগবঢ়াব নোৱাৰিব। আইন উলংঘা কৰা যিকোনো চিকিৎসা প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ'ব।
আনহাতে এতিয়াৰে পৰা চৰকাৰী চিকিৎসালয়ৰ যিকোনো চিকিৎসক আৰু কৰ্মচাৰীয়ে কোনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নিজৰ কৰ্তব্যৰ সময়ত কাম কৰিব নোৱাৰিব। অন্যথা চৰকাৰী চিকিৎসক- কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট চিকিৎসালয়ৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্রহণ কৰা হ'ব।