কৰ্কট ৰোগৰ ঔষধৰ জিএছটিৰ হাৰ হ্ৰাস

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে কয় যে, জি এছ টি পৰিষদে কিছু কেন্সাৰ ঔষধৰ জি এছ টি হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ লগতে নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বৈঠকত চিকিৎসা স্বাস্থ্য বীমাৰ হাৰো হ্ৰাসৰ সন্দৰ্ভত পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিব।  
 
সোমবাৰে জি এছ টি কাউন্সিলৰ ৫৪ সংখ্যক বৈঠকৰ অধ্যক্ষতা কৰি বিত্তমন্ত্ৰী সীতাৰমণে কয় যে, কিছুমান কেন্সাৰ ঔষধৰ জি এছ টিৰ হাৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। লগতে পৰিষদে নিমখীয়া বস্তুৰ জি এছ টিৰ হাৰ ১৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰিছে। 
 
বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যোৱা ছমাহত অনলাইন গেমিংৰ পৰা আহৰণ কৰা ৰাজহ ৪১২ শতাংশ বৃদ্ধি পাইছে। তেওঁ কয়, " হাৰ যুক্তিসঙ্গতকৰণৰ ওপৰত মন্ত্ৰী গোট (জিঅ'এম) আৰু ৰিয়েল ইষ্টেটৰ মন্ত্ৰী গোটে আজি স্থিতি প্ৰতিবেদন দাখিল কৰিছে। অনলাইন গেমিং আৰু কেচিনোৰ স্থিতি দাখিল কৰা হৈছিল। অনলাইন গেমিংৰ পৰা ৰাজহ ছয় মাহত ৪১২ শতাংশ বৃদ্ধি হৈ ₹৬,৯০৯ কোটি হৈছে। আনহাতে, যোৱা ছমাহত কেচিনোৰ পৰা লাভ কৰা ৰাজহ ৩৪ শতাংশ বৃদ্ধি পাইছে।"
 
স্বাস্থ্য বীমাৰ সন্দৰ্ভত সীতাৰমণে কয় যে, জি এছ টি পৰিষদে মূল্য হ্ৰাসৰ ওপৰত নতুন মন্ত্ৰী গোট গঠন কৰাৰ সিদ্ধান্ত লৈছে, যিয়ে অক্টোবৰৰ শেষৰ ফালে প্ৰতিবেদন দাখিল কৰিব। জি এছ টি হাৰ যুক্তিসঙ্গতকৰণৰৰ পেনেলৰ নেতৃত্ব দি থকা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে মন্ত্ৰী গোটক নেতৃত্ব দিব।
 
বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বৰ্তমান ঋণাত্মক ভাৰসাম্যৰ সন্মুখীন হোৱা আই জি এছ টি সন্দৰ্ভত অতিৰিক্ত সচিব (ৰাজহ)ৰ নেতৃত্বত এখন সচিব সমিতি গঠন কৰা হ’ব। ই ৰাজ্যসমূহৰ পৰা ধন  আদায়ৰ উপায় বিচাৰিব।


শেহতীয়া খবৰ