স্বাস্থ্যই পৰম সম্পদঃ প্ৰাচীন প্ৰজ্ঞা আৰু নতুন দৃষ্টিপাত

Story by  atv | Posted by  [email protected] • 3 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ডাঃ দেৱজিত বৰ্মন

"স্বাস্থ্যই হৈছে আটাইতকৈ ডাঙৰ উপহাৰ, সন্তুষ্টি আটাইতকৈ ডাঙৰ ধন, বিশ্বাসযোগ্যতাই হৈছে শ্ৰেষ্ঠ সম্পৰ্ক।" – ভাগৱত গীতা।প্ৰাচীন গভীৰ প্ৰজ্ঞাৰ পৰা আধুনিক বিজ্ঞান জগতলৈ এটা সত্য সদা অপৰিৱৰ্তিত হৈ আছে, সেয়া হ'ল - আৰোগ্যম পৰম ভাগ্যম, স্বাস্থ্যম সৰ্বাৰ্থসাধনম, অৰ্থাৎ "সুস্বাস্থ্যই হৈছে চূড়ান্ত সৌভাগ্য; ই সকলো কৃতিত্বৰ ভেটি।" 

আমাৰ পূৰ্বপুৰুষসকলে বুজি পাইছিল যে সুস্থ শৰীৰ-মন অবিহনে ধন-সম্পত্তি, সফলতা, আনকি সুখো অৰ্থহীন হৈ পৰে। আজিৰ দ্ৰুতগতিৰ পৃথিৱীখনত আমি প্ৰায়ে বস্তুগত লাভৰ পাছত দৌৰি ফুৰো আৰু এটা পূৰ্ণ জীৱনৰ মূল কথাটোকে অৱহেলা কৰোঁ, সেয়া হ'ল আমাৰ স্বাস্থ্য। প্ৰকৃত সমৃদ্ধি টকা বা সম্পত্তিৰ দ্বাৰা নহয় বৰঞ্চ আমাৰ শৰীৰৰ শক্তি, আমাৰ মনৰ স্পষ্টতা আৰু আমাৰ শান্তিৰ দ্বাৰাহে জুখিব পাৰি। গতিকে, আমি আমাৰ স্বাস্থ্য সঁচাকৈয়ে ধন- সোণৰ দৰে নিৰাপদে ৰাখিছো নে? নে পিছত ঘূৰাই পাম বুলি আশা কৰি অসাৱধানতাৰে তাক নিশে:ষ কৰি গৈছো! 

সুস্বাস্থ্যই হৈছে এক সফল আৰু পৰিপূৰ্ণ জীৱনৰ ভেটি। ইয়াৰ অবিহনে সকলো অৰ্থহীন - ধন, সম্পৰ্ক, কেৰিয়াৰ এই সকলোবোৰ মূহুৰ্ততেই মূল্যহীন হৈ পৰে, যদিহে আমি স্বাস্থ্য হেৰুৱাই পেলাওঁ। অহৰহ ভাগৰ, মানসিক চাপ বা স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা লোকে বাৰু কেনেকৈ নিজৰ ভৱিষ্যত সুন্দৰকৈ গঢ় দিব পাৰিব?
 

সুস্বাস্থ্যৰ বাবে জৰুৰী ভাল টোপনি (প্ৰতিনিধিত্বমূলক ফটো)
 
আমি স্বাস্থ্যৰ তিনিটা মূল বিষয় এই আলোচনাত গুৰুত্ব দিমঃ

১৷ টোপনি – আমি সাধাৰণতে আওকাণ কৰা এক মহাশক্তি

২৷ পৰিপুষ্টি – সফলতাৰ বাবে শৰীৰক প্ৰয়োজনীয় ইন্ধন যোগোৱা

৩৷ ব্যায়াম – শক্তিশালী ভৱিষ্যতৰ বাবে শক্তিশালী দেহ

সঠিক  টোপনি– কৃতকাৰ্যতাৰ গোপন অস্ত্ৰ

জীৱনত ব্যস্ত হৈ পৰাৰ লগে লগেই আমি প্ৰথমেই টোপনিৰ লগতেই আপোচ কৰিবলৈ আৰম্ভ কৰো। কিন্তু টোপনিৰ অভাৱৰ ফলত, কি হয় জানেনে? আমাৰ মনোযোগ দুৰ্বল হৈ পৰে, মগজুৰ উৎপাদনশীলতা হ্ৰাস পায়৷ মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি হয়৷ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে৷ দ্ৰুত বয়স বৃদ্ধি আৰু ওজন বৃদ্ধি হয়৷

আমি টোপনি কেনেকৈ ঠিক কৰিম?

১) টোপনিৰ সময়সূচীত মানি চলক: প্ৰতিদিনে একে সময়তে বিচনাত পৰাৰ অভ্যাস কৰক আৰু একে সময়ত উঠক, আনকি বন্ধৰ দিনতো৷
 
২) বিচনাৰ পৰাৰ আগতেই মোবাইল, টেবলেট বা টিভি বন্ধ কৰক: ফোন আৰু টিভিৰ পৰা অহা নীলা পোহৰে মেলাটনিন উৎপাদনত বাধা দিয়ে৷ মেলাটনিন উৎপাদন বিঘ্নিত হ'লে আমাৰ শৰীৰে দিন ৰাতিৰ পাৰ্থক্য ধৰিব নোৱাৰা হয় আৰু  ই আমাৰ দৈনন্দিন কাম-কাজত খেলি-মেলি লগায়৷
 
৩) মোবাইল হাতত লৈ বিচনালৈ যোৱাৰ পৰিবৰ্তে এখন কিতাপ হাতত লৈ বিচনালৈ যোৱাৰ অভ্যাস কৰক৷ পঢ়িবলৈ চেষ্টা কৰক।
 
৪) ভাল টোপনিৰ বাবে শোৱা কোঠাটো নিজৰ মতে সজাই লওক| আপোনাৰ শোৱা কোঠাটো আন্ধাৰ, আৰামদায়ক ভাৱে ঠাণ্ডা আৰু নিস্তব্ধ কৰি ৰাখক। 

বিচনাৰ বাবে এখন ভাল তুলিত পইচা অকণ খৰচ কৰিলে ভৱিষ্যতে হ'বলৈ গৈ থকা পিঠিৰ বিষ আৰু চিকিৎসাৰ খৰচৰ পৰা হাত সাৰি থাকিব পাৰিব৷ লগতে কোঠাতো যাতে শোৱাৰ সময়ত পাৰ্যমানে  আন্ধাৰ হৈ থাকে তাৰ বাবে ৰাতি অন্য পোহৰ সোমাব নোৱাৰাকৈ ডাঠ পৰ্দা লগাওক৷ 

ৰাতি চাহ, কফি আৰু অন্য  গধুৰ খাদ্য সীমিত কৰক: কমেও ৬ ঘণ্টা আগতেই চাহ, কফি সেৱন বন্ধ কৰক৷ শুবলৈ যোৱাৰ কমেও ২ ঘণ্টা আগতে গধুৰ আহাৰ গ্ৰহণ কৰা কাম শেষ কৰক৷ ৰাতিৰ ৰুটিন এখন বনাই লওক আৰু তাক মানি চলক৷ অন্তত: ৫ মিনিট হ'লেও ধ্যান কৰক, হাত-ভৰি মেলি অকণমান ব্যায়াম কৰক আৰু ডায়েৰি লিখা অভ্যাস কৰক৷ আপোনাৰ শৰীৰক জানিবলৈ দিয়ক যে এতিয়া জিৰণি লোৱাৰ সময়৷
 

শোৱাৰ সময়ত মোবাইল চোৱা নহয়, কিতাপ পঢ়াৰ অভ্যাস কৰক
 
যদি টোপনি যাবলৈ টান পায়, এই সৰু কিটিপটো ব্যৱহাৰ কৰিব পাৰে: ইয়াক ৪-৭-৮ কিটিপ বুলি মনত ৰাখক৷ ৪ চেকেণ্ড উশাহ টানক, ৭ চেকেণ্ড উশাহ ধৰি ৰাখক আৰু ৮ চেকেণ্ড এৰি দিয়ক৷

শৰীৰৰ বাবে পৰিপুষ্টিঃ জীৱনত  সফলতা লাভ কৰিবলৈ শৰীৰটোক  ইন্ধন যোগাবই লাগিব৷ আমাৰ শৰীৰটো গাড়ী এখনৰ দৰেই। আমি যদি সদায় বেয়া তেল ভৰাই থাকো, গাড়ীখন যিদৰে সোনকালে বেয়া হৈ যাব৷ ঠিক তেনেদৰে বেয়া খাদ্য, বাহিৰৰ জাংক ফুড খোৱাতো যদি আমি অভ্যাসত পৰিণত কৰি তোলো, আমাৰ শৰীৰো আমাৰ অজানিতেই বেয়া হ'বলৈ আৰম্ভ কৰিব, অৰ্থাৎ শৰীৰত বিভিন্ন ৰোগৰ উপসৰ্গ দেখা দিবলৈ আৰম্ভ কৰিব৷

দুৰ্বল পৰিপুষ্টিৰ ফলতঃ আমাৰ সোনকালে ভাগৰ লগা হ'ব আৰু মগজুৱে কোনো কামত স্পষ্টকৈ মনোযোগ দিব নোৱাৰা হ'ব৷
ৰোগৰ আশংকা বৃদ্ধি পাব, ওজন বৃদ্ধি হ'ব আৰু শৰীৰৰ শক্তিৰ পৰিমাণ কমি যাব৷

পৰিপুষ্টি কেনেকৈ ঠিক কৰিব?

গোটা খাদ্য খাওক: চৰ্বিহীন প্ৰটিন (কণী, দৈ, মাছ), গোটা শস্য (ময়দাৰ সলনি আটা, উখোৱা চাউল), স্বাস্থ্যকৰ চৰ্বি (সীমিত পৰিমাণৰ ঘী, মাকৈ, মাছ, ৰঙালাওৰ গুটি, নাৰিকল) আৰু শাক-পাচলিৰ ওপৰত গুৰুত্ব দিয়ক।
 
চেনি আৰু প্ৰচেছড খাদ্য কমকৈ খাওক: চেনি আৰু প্ৰচেছড খাদ্যই যদিও সাময়িকভাৱে শক্তি বৃদ্ধি কৰে, কিন্তু পাছলৈ শৰীৰত জটিল ৰোগ সৃষ্টিত ভূমিকা লয়৷
 
পানী খাওকঃ দৈনিক ২-৩ লিটাৰ পানী খালে বিপাকীয় ক্ৰিয়া আৰু মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায়। পিয়াহ নালাগে যদি, মোবাইলত এলাৰ্ম দিয়ক, এঘন্টাৰ মূৰে মূৰে অলপকৈ হ'লেও পানী খোৱা অভ্যাস কৰক৷
 
খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণৰ অভ্যাস কৰক: অতিমাত্ৰা খাদ্য গ্ৰহণ কৰিলে, আনকি স্বাস্থ্যকৰ খাদ্যও ওজন বৃদ্ধিৰ কাৰক হ’ব পাৰে।
 

প্ৰচেছড ফুডৰ পৰিৱৰ্তে সতেজ শাক-পাচলি, ফল-মূল খাওক
 
খাদ্যৰ পৰিকল্পনা কৰকঃ দিনটো কি খাম, পাৰিলে আগতেই ঠিক কৰক, কি খাদ্য ভাল, কি বেয়া, পৰিয়ালত আলোচনা কৰক৷ ঘৰতেই স্বাস্থ্যসন্মত খাদ্য ৰান্ধিলে জাংক ফুডৰ প্ৰলোভনৰ পৰা হাত সাৰি থাকিব পাৰিব৷ ঘৰৰ সৰু ল'ৰা ছোৱালীক সৰুৰ পৰাই সুখাদ্যৰ প্ৰতি আসক্ত কৰক৷

এটা সৰু কিটিপঃ ৮০/২০ নিয়ম মানি চলক—৮০% সময়ত স্বাস্থ্যকৰ খাদ্য খাওক আৰু কেতিয়াবা আমাৰ লোভ নিবাৰণৰ বাবে ২০% বা তাতোকৈ ক'ম বাহিৰা খাদ্যক ঠাই দিয়ক৷ 
 
এটা কথা শুনিছে চাগৈ, ক'মকৈ খাওঁক বেছিদিন খাওঁক৷ মানে আমি যদি দৈনিক ক'মকৈ খাও তেতিয়াহ'লে আমি বেছিদিন ধৰি খাই থাকিব পাৰিম৷ আৰু আমি যদি বেছিকৈ এবাৰতেই খাও তেতিয়া ক'ম সময়তেই শৰীৰ ৰোগাক্ৰান্ত হ'ব আৰু আমি বেছিদিন ধৰি আমি ভালপোৱা খাদ্য খাব পৰা হৈ নাথাকিম৷ আমি আমাৰ  ওচৰ চুবুৰীয়াৰ লগত এনেকুৱা ঘটনা হৈ থকা দেখিয়েই আছো৷

এইখিনিতেই এটা সৰু তত্ব কথা ক'বলৈ খুজিছো৷ আমি যেতিয়া জন্ম লাভ কৰো, তেতিয়া আমাৰ নামত ঐশ্বৰিক শক্তিয়ে চাউল আবন্টন দিয়ে, আৰু সেই চাউল আমি দহ বছৰতো খাই শেষ কৰিব পাৰো অথবা অলপ অলপকৈ তাক এশ বছৰলৈও খাব পাৰো৷ এতিয়া এই কথাষাৰত চাউলটো এটা উপমাহে৷ চাউল মানে আমাৰ জীৱনৰ সকলো ভোগ উপভোগ বুলি আমি ধৰি ল'ব পাৰো৷ 

অধুনালব্ধ গৱেষণাই ক'ম পৰিমাণে মদ খোৱাতোকো ভাল বুলি কৈছে, কিন্তু আমি নিচাত ক'ব নোৱাৰাকৈ খাই সোনকালে স্বাস্থ্য অৱনমিত হৈ একো এটা খাব নোৱাৰা হোৱা মানুহৰ কাহিনী প্ৰায় দৈনিক শুনিয়েই আছো৷ ১৩ শতিকাৰ বিখ্যাত চুফি কবি ৰুমিয়েও বিষৰ বিষয়ে প্ৰায় একেখিনি কথাকেই কৈ গৈছে৷ "আমাৰ প্ৰয়োজনীয়তাতকৈ অধিক যিকোনো বস্তুৱেই বিষ" লাগিলে সেয়া ৰাজনৈতিক ক্ষমতাই হওক বা খাদ্যই হওক৷

অন্য এষাৰ কথা জানি থওঁক "খাদ্য কেৱল প্ৰয়োজনীয় পৰিমাণৰ খাওক, যেন ঔষধ খাইছে, যাতে পিছলৈ খাদ্য হিচাপে কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।" কথাষাৰ কৈছিল বিখ্যাত গ্ৰীক চিকিৎসক হিপ’ক্ৰেটিছে৷
 

সুস্থ শৰীৰৰ বাবে ব্যায়ামক জীৱনৰ অংশ কৰি লওক
 
ব্যায়াম – শক্তিশালী ভৱিষ্যতৰ বাবে শক্তিশালী দেহ

শৰীৰৰ নিয়মিত চলাচলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, মস্তিষ্ক তথা শাৰীৰিক শক্তি বৃদ্ধি কৰে। অলস, নিষ্কৰ্মা, গতিহীন জীৱনশৈলীৰ ফলত আমাৰ শৰীৰত তলৰ লক্ষণসমূহ দেখা দিয়ে: পেশী ক্ষয় আৰু গাঁঠিৰ বিষ হোৱাৰ সম্ভাৱনা, ওজন বৃদ্ধি আৰু হৃদৰোগৰ সম্ভাৱনা আৰু মানসিক চাপ আৰু হতাশাগ্ৰস্ততা|

আপোনাৰ ব্যায়ামৰ ৰুটিন কেনেকৈ ঠিক কৰিব: আপুনি উপভোগ কৰা যিকোনো এটা  কাৰ্য্যকলাপ বিচাৰি উলিয়াওক: যেনে যোগাসন, খোজ কঢ়া, নৃত্য, ভাৰোত্তোলন কৰা৷ যিয়েই নকৰক কিয়, কামটো উপভোগ্য হ'ব লাগে, কষ্টকৰ নহয়৷ এখন ৰুটিন বনাওক আৰু তাক পালন কৰক৷ ফলাফল আপুনি নিজেই দেখিব৷

আমি কামটো সহজ কৰি, প্ৰতি সপ্তাহত মাত্ৰ ১৫০ মিনিটৰ লক্ষ্য থিক কৰি ল'ম: সেয়া মাত্ৰ ৩০ মিনিট, সপ্তাহত ৫ দিন মধ্যমীয়া ব্যায়াম, শৰীৰক বিশেষ কষ্ট নিদিয়াকৈ৷ সৰু ডাম্বেল এডাল কিনি ল'ব পাৰে, ইয়ে আমাৰ পেশী গঠন প্ৰক্ৰিয়াত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু লগতে বয়স বৃদ্ধি ৰোধ কৰে৷

হাত ভৰি নিয়মীয়াকৈ লৰাই থকা: ই নমনীয়তা বৃদ্ধি কৰে আৰু আঘাত প্ৰতিৰোধ কৰে।
 
সময় মতে ব্যায়াম কৰাত গুৰুত্ব দিয়ক: গুৰুত্বপূৰ্ণ সভা এখন থাকিলে যেনেদৰে আমি দহোবন কাটি কৰি তাত উপস্থিত হওঁ, থিক তেনেদৰেই আমাৰ ব্যায়ামৰ ৰুটিন খনো আমি মানি চলিব লাগে৷
 
সৰু কিটিপ এটা: সৰুকৈ আৰম্ভ কৰক! দৈনিক ১০ মিনিট খোজ কাঢ়িলেও ই আপোনাৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিব।

নিৰোগী হৈ থাকিবৰ বাবে মাত্ৰ সাতদিনীয়া এটা যাদুকৰী উপায়:

পৰিকল্পনা: ৭ দিনীয়া স্বাস্থ্য সমাধান প্ৰত্যাহ্বান। প্ৰথম দিন: এটা নিৰ্দিষ্ট টোপনিৰ ৰুটিন নিৰ্ধাৰণ কৰক৷ দ্বিতীয় দিন: আপোনাৰ পাকঘৰৰ ভৰালৰ পৰা জাংক ফুড আঁতৰাই পেলাওক৷ তৃতীয় দিন: কমেও ৮ গিলাচ পানী খাওক৷ চতুৰ্থ দিন: নিজৰ পছন্দ অনুসৰি ৩০ মিনিটৰ যোগাসন বা ব্যায়াম কৰক৷ পঞ্চম দিন: শুবলৈ যোৱাৰ এঘণ্টা আগতে মোবাইল বন্ধ কৰক ৷ ষষ্ঠ দিন: ঘৰতে স্বাস্থ্যসন্মত আহাৰ ৰান্ধক৷ ৭ম দিন: নিজৰ অগ্ৰগতিৰ বাবে চিন্তা কৰক আৰু ভৱিষ্যতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিম বুলি লক্ষ্য নিৰ্ধাৰণ কৰক৷
 
যদি এই সাতদিনৰ প্ৰত্যাহ্বানত আপুনি জিকি যায়, ইয়াক পুনৰাবৃত্তি কৰি যাওঁক৷ মাহটোত অন্তত: ৮০% বা ২৪ দিন ইয়াক মানি চলিবলৈ অহোপুৰুষাৰ্থ  কৰক৷ সৰু সৰু, ধাৰাবাহিক সঠিক পৰিৱৰ্তনৰ দ্বাৰা আমি সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰো৷
 

নিৰোগী শৰীৰে সুখী জীৱন নিশ্চিত কৰে
 
সামৰণিঃ
 
আমাৰ স্বাস্থ্য আমাৰ আটাইতকৈ ডাঙৰ সম্পদ। ইয়াৰ অবিহনে আন একোৱেই গুৰুত্বপূৰ্ণ নহয়। যেতিয়া আমি ভালকৈ শুও, সঠিক খাদ্য খাও আৰু দৈনিক ব্যায়াম কৰো, তেতিয়া আমি নিজৰ:

✔ শক্তি আৰু কৰ্মক্ষমতা বৃদ্ধি কৰো
✔ মানসিক চাপ আৰু ৰোগৰ আশংকা হ্ৰাস কৰো
✔ নিজৰ জীৱনত অধিক আত্মবিশ্বাসী হৈ পৰো আৰু নিজৰ জীৱনটো  নিয়ন্ত্ৰণত ৰাখিব পাৰো

আজি আমি কি কি আলোচনা কৰিলো বাৰু?

আমি টোপনি সঠিক কৰিলে, শৰীৰে নিজেই নিজকে মেৰামতি কৰি ল'ব৷ পৰিপুষ্টি ঠিক কৰিলে আমাৰ শক্তি বৃদ্ধি পাব৷ শৰীৰক সঠিক ব্যায়াম উপহাৰ দিলে, আমাৰ ভৱিষ্যতৰ আমিবোৰে আমাক ধন্যবাদ দিব। এটা নিৰোগী জীৱন উপহাৰ দিয়া বাবে৷

(ডাঃ দেৱজিত বৰ্মন এগৰাকী হোমিওপেথিক চিকিৎসক তথা বৰ্তমান অসম ডাউন টাউন মহাবিদ্যালয়ৰ গৱেষক ছাত্ৰ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগত কৰ্মৰত৷)


শেহতীয়া খবৰ