ৰাজ্যৰ ভূ-জলত অধিক মাত্ৰাত আৰ্ছেনিক

Story by  atv | Posted by  [email protected] • 3 Months ago
ৰাজ্যৰ ভূ-জলত অধিক মাত্ৰাত আৰ্ছেনিক
ৰাজ্যৰ ভূ-জলত অধিক মাত্ৰাত আৰ্ছেনিক
 
গুৱাহাটী
 
কেন্দ্ৰীয় ভূ-জল পৰিষদে পৰীক্ষা কৰা অসমৰ ভূ-গৰ্ভৰ পানীৰ নমুনাৰ ২১টাত মাত্ৰাধিক পৰিমাণৰ মাৰাত্মক আছেনিকৰ উপস্থিতি ধৰা পৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দিয়া এটা নিৰ্দেশৰ ভিত্তিত কেন্দ্রীয় ভূ- জল পৰিষদে এই পৰীক্ষা কৰিছিল।
 
অসমকে ধৰি দেশৰ ২৫খন ৰাজ্যৰ ২৩০খন জিলাৰ ভূ-গৰ্ভৰ পানীত মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক আৰ্ছেনিক আৰু ২৭খন ৰাজ্যৰ ৪৬৯খন জিলাৰ পানীত মাত্ৰাধিক পৰিমাণে ফ্ল'ৰাইড থকা বিষয়ক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মূল বিচাৰপীঠে গ্ৰহণ কৰা এটা নিজাববীয়া গোচৰৰ ভিত্তিত যোৱা ডিচেম্বৰ আৰু ফেব্ৰুৱাৰী মাহত দিয়া দুটা নিৰ্দেশৰ পাছত কেন্দ্ৰীয় ভূ-জল পৰিষদে ২৫খন ৰাজ্যৰ ভূ-গৰ্ভৰ পানীৰ নমুনা পৰীক্ষা কৰিছিল।
 
সেই অনুসৰি অসমৰ মুঠ ২৪৫টা ব্লকৰপৰা ৪৪০টা ভূ-গৰ্ভৰ পানীৰ নমুনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰে ১৪টা ব্লকৰ আৰু ২১টা নমুনাত মাত্ৰাধিক পৰিমাণৰ (প্রতি লিটাৰত ০.০১ মিলিগ্রামতকৈ বেছি) আৰ্ছেনিক ধৰা পৰা বুলি কেন্দ্ৰীয় ভূ-জল পৰিষদে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত প্রতিবেদন দাখিল কৰিছে। পৰিষদৰ প্রতিবেদনত কোৱা হৈছে যে অসমৰ নমুনা সংগ্রহ কৰা ব্লকৰ ৬ শতাংশ ব্লকৰ পানী আৰু মুঠ নমুনাৰ ৫ শতাংশত মাত্রাধিক আৰ্ছেনিক ধৰা পৰিছে।
 
সেউজ ন্যায়াধিকৰণে ভূ-গৰ্ভৰ পানীত থকা ফ্ল'ৰাইড সম্পৰ্কেও পৰীক্ষাৰ নিৰ্দেশ দিছিল যদিও কেন্দ্রীয় ভূ-জল পৰিষদে ফ্ল'ৰাইড পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা নাই। উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজাববীয়া গোচৰ গ্ৰহণ কৰাৰ বাবে ভিত্তি হিচাপে লোৱা কেন্দ্ৰীয় ভূ-জল পৰিষদৰ পূৰ্বৰ প্ৰতিবেদনত অসমৰ ২১খন জিলাৰ ভূ-গৰ্ভৰ পানীত আৰ্ছেনিক আৰু ১৭ জিলাৰ পানীত ফ্ল'ৰাইড থকা বুলি উল্লেখ কৰিছিল।
 
এই গোচৰৰ ভিত্তিত ন্যায়াধিকৰণে পৰিষদ আৰু অসম চৰকাৰক এই দূষিত পানী সেৱন তথা ব্যৱহাৰৰপৰা বাৰণ কৰা আৰু এই সমস্যা সমাধানৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ বিষয়ে জনাবলৈ নির্দেশ দিছিল। সেই বিষয়ে পৰিষদ আৰু চৰকাৰে প্ৰতিবেদন দাখিল কৰিব পৰা নাই।কেন্দ্ৰীয় ভূ-জল পৰিষদে যোৱা ২০ এপ্ৰিলত প্রস্তুত কৰা আৰু অলপতে সেউজ ন্যায়াধিকৰণত দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰা মতে, ভূ-গৰ্ভৰ পানীৰ নমুনা পৰীক্ষাৰ পাছত ১৪টা ব্লকৰ ২১টা নমুনাত মাত্ৰাধিক পৰিমাণৰ আৰ্ছেনিক পোৱাৰ পাছত সেই অঞ্চলবোৰৰ লোকে আছেনিকমুক্ত পানী পোৱাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও অসমৰপৰা এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ প্রতিবেদন লাভ কৰা হোৱা নাই। অসমকে ধৰি ৰাজ্য চৰকাৰসমূহলৈ ১৫ মার্চ আৰু ১৮ মাৰ্চত এই পত্র প্ৰেৰণ কৰা হৈছিল।
 
আনহাতে, ভূ-গৰ্ভৰপৰা আহৰণ কৰা পানীত থকা আৰ্ছেনিক আৰু ফ্ল'ৰাইড পৃথককৰণৰ বাবে ফলপ্রসূ ব্যৱস্থা আছে যদিও ক্ষুদ্র পৰ্যায়ত অৰ্থাৎ ঘৰে ঘৰে এই পৃথকীকৰণ ব্যৱস্থা এতিয়াও কাৰ্যকৰী কৰিব পৰা হোৱা নাই বুলি কেন্দ্ৰীয় ভূ-জল পৰিষদে ন্যায়াধিকৰণক জানিবলৈ দিছে। পৰিষদৰ এই প্ৰতিবেদনৰ পাছত ন্যায়াধিকৰণে গোচৰৰ শেহতীয়া শুনানিৰ পাছত পৰিষদক গৃহস্থালি পৰ্যায়ত আৰ্ছেনিক আৰু ফ্ল'ৰাইড পৃথকীকৰণৰ ব্যৱস্থা কাৰ্যকৰীকৰণ সন্দৰ্ভত বিতং প্রতিবেদন দাখিল কৰিবলৈ আৰু ভূ-গৰ্ভৰ পানীৰ নমুনাত মাত্রাধিক আৰ্ছেনিক পোৱা ৰাজ্যসমূহৰপৰা পৰিষদে পৰামৰ্শ দিয়া মতে ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন আদায় কৰিবলৈ নির্দেশ দিছে।
 
এই সন্দৰ্ভত কেন্দ্রীয় ভূ-জল পৰিষদে পৰৱৰ্তী শুনানিৰ দিন ৭ আগষ্টত ন্যায়াধিকৰণক জনাব লাগিব।