ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত হ’লে বৃহৎ সংখ্যক পাকিস্তানী ৰোগীয়ে নতুন জীৱন লাভ কৰিব

Story by  atv | Posted by  Munni Begum • 3 Months ago
পাকিস্তানী যুৱতীৰ বুকুত ভাৰতীয় হৃদযন্ত্ৰৰ স্পন্দন
পাকিস্তানী যুৱতীৰ বুকুত ভাৰতীয় হৃদযন্ত্ৰৰ স্পন্দন
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী
 
এজন পাকিস্তানী ৰোগীক নতুন জীৱন দিয়াৰ পাছত চুবুৰীয়া দেশখনত আকৌ এবাৰ প্ৰশংসা লাভ কৰিছে ভাৰতীয় চিকিৎসকে। সাধাৰণ পাকিস্তানীৰ মতে, ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক উন্নত হ’লে বৃহৎ সংখ্যক পাকিস্তানী ৰোগীয়ে নতুন জীৱন লাভ কৰিব। 
 
পাকিস্তানৰ চিকিৎসা ব্যৱস্থা কেৱল ব্যয়বহুলে নহয়, চিকিৎসালয়ত গুৰুতৰ ৰোগীৰ চিকিৎসাৰ বিশেষ উন্নত ব্যৱস্থা নাই। পাকিস্তানৰ বৃহৎ চিকিৎসালয়সমূহতো ৰোগীৰ অংগ সংৰোপণৰ বাবে বিশেষ ব্যৱস্থা নাই। দিল্লীৰ এপ’ল’ হাস্পতালত বিদেশী ৰোগীৰ চিকিৎসা ব্যৱস্থাৰ চোৱাচিতা কৰা এজন কৰ্মচাৰীয়ে কয় যে পাকিস্তানৰ চিকিৎসা ব্যৱস্থা ইমানেই বেয়া যে প্ৰতিমাহে দেশখনৰ পৰা প্ৰায় ৫০০ ৰোগী দিল্লীৰ এপ'ল' হাস্পতাললৈ আহে। 
 
ইয়াৰ ভিতৰত লিভাৰ ট্ৰান্সপ্লাণ্টৰ ৰোগীৰ সংখ্যা যথেষ্ট বেছি। ইয়াৰ চিকিৎসাৰ বাবে ভাৰতৰ এখন ভাল চিকিৎসালয়ত ২০ৰ পৰা ৩২ লাখ টকা খৰচ হয়। আনহাতে পাকিস্তানত এনে ৰোগীৰ চিকিৎসা সম্ভৱ নহয় আৰু তেওঁলোকে ইউৰোপীয় বা আমেৰিকান দেশলৈ যাব লাগে, য'ত কোটি কোটি টকা খৰচ হয়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পাকিস্তানে বিগত কেইবাবছৰ ধৰি এক বৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে দেশখনৰ স্বাস্থ্য ব্যৱস্থাত। আনকি অপাৰেচন থিয়েটাৰতো হৃদযন্ত্ৰ, কৰ্কট ৰোগ আৰু বৃক্কৰ দৰে অস্ত্ৰোপচাৰৰ বাবে নূন্যতম সা-সামগ্ৰীখিনিৰো অভাৱ দেখা গৈছে। 
 
২০২২-২৩ বিত্তীয় বৰ্ষত পাকিস্তানে ২৩ বিলিয়ন ডলাৰ বিদেশী ঋণ হিচাপে দিবলগীয়া হৈছিল, যাৰ বাবে স্বাস্থ্যসেৱা ব্যৱস্থাত বেয়াকৈ প্ৰভাৱ পৰিছে। আনকি পাকিস্তানে অত্যাৱশ্যকীয় ঔষধ লাভৰ বাবেও সংগ্ৰাম কৰি আছে। যিহেতু চিকিৎসালয়ত ৰোগীয়ে অসুবিধাৰ সন্মুখীন হৈছে, সেয়েহে স্থানীয় ঔষধ নিৰ্মাতাসকলেও তেওঁলোকৰ উৎপাদন হ্ৰাস কৰিবলৈ বাধ্য হৈছে। ঔষধ আৰু চিকিৎসা সঁজুলিৰ নাটনিৰ বাবে চিকিৎসকে অস্ত্ৰোপচাৰ কম কৰিবলৈ বাধ্য হৈছে।
 
উল্লেখ্য যে, পাকিস্তানৰ ঔষধ নিৰ্মাণ ক্ষেত্ৰখন আমদানিৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল আৰু প্ৰায় ৯৫ শতাংশ ঔষধৰ বাবে তেওঁলোকক ভাৰত আৰু চীনকে ধৰি অন্যান্য দেশৰ কেঁচামালৰ প্ৰয়োজন হয়। গুৰুগ্ৰামৰ মেদান্তা হাস্পতালৰ এগৰাকী ৰাজহুৱা সম্পৰ্কৰক্ষী বিষয়াই (PRO) কয় যে ইৰাক, ইৰাণ, আৰব, আফগানিস্তান, পাকিস্তানৰ দৰে মুছলমান দেশৰ পৰা অহা বিদেশী ৰোগীয়ে বেছিভাগেই দিল্লী-এনচিআৰৰ চিকিৎসালয়ত চিকিৎসা ল’ব বিচাৰে। আনহাতে এই বিষয়ত দক্ষিণৰ চহৰ চেন্নাই আৰু বেংগালুৰু ইতিমধ্যে আগবাঢ়ি আছে।
 
ভাৰত-পাকিস্তানৰ সীমান্ত
 
এখন ‘ফাইভ ষ্টাৰ’ চিকিৎসালয়ৰ বিদেশী কোষৰ এজন বিষয়াই কয় যে যদি পাকিস্তানী ৰোগীয়ে ভিছা লাভ কৰাত সহজ হৈ পৰে, তেন্তে তাৰ পৰা বহু সংখ্যক লোক চিকিৎসাৰ বাবে ভাৰতলৈ আহিব পাৰে। সম্প্ৰতি ভাৰতীয় ভিছা লাভৰ ক্ষেত্ৰত পাকিস্তানী নাগৰিকসকলে বহু বাধাৰ সন্মুখীন হৈছে। পাকিস্তানী ৰোগীয়ে ভিছা লাভ কৰিবলৈ বহু সময় লাগে বুলি অভিযোগ উত্থাপন হৈছে।উল্লেখ্য যে, ভাৰত চৰকাৰৰ উদ্যোগত মুছলমান দেশৰ বাহিৰেও প্ৰায় ১৫০খন দেশৰ ৰোগী চিকিৎসাৰ বাবে ইয়ালৈ আহে। দেশত ৰোগীৰ ই-ভিছাৰ বাবে প্ৰতিদিনে কমেও এক হাজাৰ আৱেদন লাভ কৰা হয়।
 
স্বাস্থ্যসেৱাৰ বাবে ভাৰত কিয়?
 
প্ৰতি বছৰে ভাৰতত চিকিৎসা পৰ্যটনৰ সম্প্ৰসাৰণ ঘটিছে। দেশৰ সকলো বৃহৎ চিকিৎসালয়ত প্ৰতিদিনে ইয়াৰ বাবে কিমান আৱেদন পোৱা যায় তাৰ সঠিক তথ্য কাৰো হাতত নাই যদিও অনুমান কৰা হৈছে যে প্ৰতি বছৰে ভাৰতে ১০ লাখ আবেদন লাভ কৰে। আনকি থাইলেণ্ড আৰু ছিংগাপুৰৰ পৰাও ৰোগী এতিয়া ভাৰতলৈ আহিবলৈ আৰম্ভ কৰিছে।
 
শেহতীয়া বছৰবোৰত স্বাস্থ্য সংস্থাসমূহে ভাৰতৰ দ্বিতীয় বৃহত্তম ব্যৱসায় হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ বাবেই মেট্ৰ’ চহৰৰ বহু চিকিৎসালয় ডিটক্স চেণ্টাৰত পৰিণত হৈছে। আন দেশৰ তুলনাত ভাৰতত চিকিৎসা ব্যয় সস্তা অৰ্থাৎ চিকিৎসাৰ নামত আন দেশত ৰোগীয়ে যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছে। ইয়াৰ বিপৰীতে ভাৰতীয় চিকিৎসালয়সমূহে চিকিৎসাৰ বাবে উচিত মূল্য আদায় কৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
পাকিস্তানী ৰোগীৰ বাবে ভাৰতীয় চিকিৎসকৰ 'পিচ ক্লিনিক'
 
কেইবছৰমান আগতে ভাৰতীয় চিকিৎসকে পাকিস্তানী ৰোগীৰ বাবে ‘পিচ ক্লিনিক’ৰ আয়োজন কৰিছিল। এক প্ৰতিবেদন অনুসৰি পাকিস্তানৰ কৰাচীৰ লিভাৰ ট্ৰান্সপ্লাণ্ট কৰা ৰোগীৰ বাবে এই চিকিৎসা শিবিৰটো স্থাপন কৰা হৈছিল। হাৰিয়ানাৰ গুৰুগ্ৰামৰ মেদান্ত হাস্পতালৰ মুখ্য লিভাৰ ট্ৰান্সপ্লাণ্ট চাৰ্জন ডাঃ অৰবিন্দৰ সিং ছয়নৰ তত্বাৱধানত এই ‘পিচ ক্লিনিক’ৰ আয়োজন কৰা হৈছিল।
 
কৰাচীৰ ডাঃ জিয়াউদ্দিন হাস্পতালৰ চিকিৎসকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।। এই সময়ছোৱাত ভাৰতীয় চিকিৎসকসকলে পাকিস্তানী চিকিৎসকৰ সৈতে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিছিল। বৃক্ক আৰু যকৃত সংৰোপণৰ বিশেষজ্ঞ ডাঃ ছয়নে কয় যে পাকিস্তানী ৰোগীৰ চিকিৎসা তেওঁৰ বাবে এক বেলেগ অভিজ্ঞতা।
 
তেওঁ কয়, আমি জিয়াউদ্দিন হাস্পতালকো ইয়াৰ চিকিৎসক আৰু পেৰামেডিকেলক মেডান্টা হাস্পতাললৈ প্ৰশিক্ষণৰ বাবে পঠিয়াবলৈ আমন্ত্ৰণ জনাইছো। দুয়োখন দেশৰ সম্পর্ক উন্নত হোৱাৰ পাছত মেদান্তা হাস্পতালৰ আন চিকিৎসকসকলেও ভৱিষ্যতে পাকিস্তানলৈ গৈ পাকিস্তানী ৰোগীৰ চিকিৎসা কৰিব৷ আমি এই ৰোগীসকলক যিমান পাৰি সুস্থ কৰিব বিচাৰো। 
 
ভাৰতীয় চিকিৎসকে পাকিস্তানী ৰোগীৰ বাবে আয়োজন কৰা ‘পিচ ক্লিনিক’
 
ইফালে, জিয়াউদ্দিন চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অসীম হুছেইনে কয় যে দুয়োখন চিকিৎসালয়ৰ মাজত শান্তি কাৰ্যসূচীৰ অংশ হিচাপে এই শিবিৰৰ আয়োজন কৰা হৈছে। “আমি ভাৰতৰ পৰা আৰু অধিক চিকিৎসকক আমন্ত্ৰণ জনাইছো যাতে তেওঁলোকে লিভাৰ ট্ৰান্সপ্লাণ্টেচনৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষজ্ঞতা আৰু অভিজ্ঞতা আমাৰ সৈতে ভাগ-বতৰা কৰিব পাৰে।”-তেওঁ কয়।
 
ডাঃ হুছেইনে কয় যে জিয়াউদ্দিন হাস্পতালত কম্বাইণ্ড কিডনী-লিভাৰ ৱাৰ্ড স্থাপনৰ বাবে আলোচনা চলি আছে। তেওঁ কয়, আমি এই সংযুক্ত ৱাৰ্ডটো আমাৰ চিকিৎসকৰ দ্বাৰা শেহতীয়া তথ্য-প্ৰযুক্তিৰ আন্তঃগাঁথনিৰ জৰিয়তে মেডান্টা হাস্পতালৰ বিশেষজ্ঞৰ প্ৰত্যক্ষ সহায়ত চলাব বিচাৰো।
 
জিয়াউদ্দিন হাস্পতালৰ চিকিৎসা অধীক্ষক ডাঃ অনুপ দৱানীয়ে কয় যে দুয়োখন দেশৰ চিকিৎসা পেছাদাৰীসকলে পাকিস্তানৰ ৰোগীসকলক বিশেষকৈ কিডনী আৰু লিভাৰ ট্ৰান্সপ্লাণ্টেচনৰ ক্ষেত্ৰত সুবিধা আৰু বিশেষজ্ঞতা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো ভাল কথা।
 
হাৰিয়ানাৰ গুৰুগ্ৰামৰ মেদান্ত হাস্পতাল
 
তেওঁ কয়, ইয়াৰ দ্বাৰা পাকিস্তানৰ স্বাস্থ্যসেৱা উদ্যোগত বিপ্লৱ আহিব পাৰে। জিয়াউদ্দিন হাস্পতালে ইয়াৰ পূৰ্বে ভাৰতৰ এপ’ল’ হাস্পতালৰ সহযোগত এখন 'পীচ ক্লিনিক'ৰ আয়োজন কৰি কৰাচীত যৌথ অস্ত্ৰোপচাৰ কৰাৰ লগতে দুয়োখন দেশৰ চিকিৎসকে নিজৰ বিশেষজ্ঞতা আৰু অভিজ্ঞতা ভাগ-বতৰা কৰাৰ সুবিধা প্ৰদান কৰিছিল।