গুৱাহাটী
স্তন কেন্সাৰ থেৰাপিৰ বাবে এক উদ্ভাৱনীমূলক হাইড্র'জেল প্রস্তুত কৰিছে আই আই টি, গুৱাহাটী আৰু বসু ইনষ্টিটিউট কলকাতাৰ গবেষকসকলে। এই উদ্ভাবনীমূলক হাইড্র'জেল ভিত্তিক চিকিৎসাই টিউমাৰৰ স্থানলৈ পোনপটীয়াকৈ কেন্সাৰ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰে। ফলত গতানুগতিক কেন্সাৰ চিকিৎসাৰ সৈতে জড়িত পার্শ্বক্রিয়া বহু পৰিমাণে হ্রাস পায়।
এই গৱেষণাৰ তথ্যসমূহ বয়েল ছ'চাইটি অব্ কেমেস্ট্রিৰ গৱেষণা হৰাইজনছত প্রকাশ পাইছে। গবেষণাপত্ৰখনৰ সহঃ লেখক হৈছে দেৱপ্রতিম দাসৰ লগতে আই আই টি, গুৱাহাটীৰ গবেষক তনুশ্রী দাস, ঋত্বিকা কুশৱাহ আৰু সহযোগী হিচাপে আছে বসু ইনষ্টিটিউট কলকাতাৰ ড" কুলদীপ জানা, সত্যজিৎ হালদাৰ আৰু অৰূপ কুমাৰ মিশ্র। উল্লেখযোগ্য যে কৰ্কট ৰোগ বিশ্বজুৰি গুৰুতৰ প্ৰত্যাহ্বানমূলক হৈ পৰিছে।
বছৰি লাখ লাখ লোক কৰ্কট ৰোগত আক্রান্ত হৈছে। কেম'থেৰাপি আৰু অস্ত্রোপচাৰৰ জৰিয়তে কৰ্কট ৰোগৰ চিকিৎসা চলে যদিও এইক্ষেত্রত বহু সীমাবদ্ধতা থাকে। একেদৰে আভ্যন্তৰীণ অংগৰ বাবে অস্ত্রোপচাৰৰ দ্বাৰা টিউমাৰ আঁতৰোৱাটো সম্ভৱ নহয়। আনহাতে কেম'থেৰাপিৰ ফলত প্ৰায়ে কেন্সাৰ আৰু সুস্থ কোষ উভয়কে প্রভাৱিত কৰি ক্ষতিকাৰক পার্শ্বক্ৰিয়াৰ সৃষ্টি কৰে। এনে প্রেক্ষাপটত আই আই টি, গুৱাহাটীৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক দেবপ্রতিম দাস আৰু তেওঁৰ দলটোরে এই প্রত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি এনে এটা হাইড্র'জেল ডিজাইন কৰিছিল যিয়ে টিউমাৰৰ স্থানলৈ নিখুঁতভাবে ঔষধ প্ৰেৰণ কৰে।
আই আই টি, গুৱাহাটী কর্তৃপক্ষই সদৰী কৰা অনুসৰি হাইড্র'জেল হৈছে জলভিত্তিক, ত্রিমাত্রিক পলিমাৰ নেটৱৰ্ক যিয়ে তৰল পদাৰ্থ শোষণ আৰু ধৰি ৰাখিবলৈ সক্ষম। এই নতুনকৈ বিকশিত হাইড্র'জেলে কেন্সাৰ প্ৰতিৰোধী ঔষধৰ বাবে এক ভঁৰাল হিচাপে কাম কৰে আৰু টিউমাৰৰ অণু পৰিবেশৰ নির্দিষ্ট পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই নিয়ন্ত্রিতভাবে এনে ঔষধ মুকলি কৰি দিয়ে।