আৱাজ দ্য ভইচ / নতুন দিল্লী
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জামিয়া মিলিয়া ইছলামিয়া (জেএমআই)ৰ জৈৱ প্ৰযুক্তি বিভাগৰ অধ্যাপক মহম্মদ মাহফুজুল হকক প্ৰায় ৬৫ লাখ টকাৰ সন্মানীয় গৱেষণা অনুদান প্ৰদান কৰিছে। এই অনুদানৰ জৰিয়তে হৃদযন্ত্ৰৰ ৰোগ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত উন্নত গৱেষণাক উৎসাহিত কৰা হ’ব আৰু আণৱিক এনজাইম’লজীত অধ্যাপক হকৰ অৱদানক স্বীকৃতি দিয়া হ’ব।
এই অনুদানৰ ফলত অধ্যাপক হক আৰু তেওঁৰ দলটোৱে হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৰোগজন্মত iNOS আৰু ইয়াৰ লগত জড়িত আণৱিক ব্যৱস্থাৰ ভূমিকা সম্পৰ্কে গভীৰ অধ্যয়ন কৰাৰ সুযোগ পাব। ইয়াৰ লক্ষ্য হৈছে সম্ভাৱ্য চিকিৎসা লক্ষ্য চিনাক্ত কৰা আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ নতুন চিকিৎসা কৌশল প্ৰস্তুত কৰা।
এই গৱেষণাই ভাৰত আৰু বিশ্বজুৰি স্বাস্থ্যসেৱাৰ পদ্ধতিত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ সম্ভাৱনা আছে। জামিয়াৰ উপাচাৰ্য অধ্যাপক ড. মাজহাৰ আছিফ আৰু পঞ্জীয়ক অধ্যাপক ড. মহম্মদ মাহতাব আলম ৰিজৱীয়ে এই গুৰুত্বপূৰ্ণ কৃতিত্বৰ বাবে হকক অভিনন্দন জনাই কয়, ‘এয়া আমাৰ বিশ্ববিদ্যালয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আইচিএমআৰৰ অনুদান লাভ কৰা অধ্যাপক হকে গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰতীক। আমি নিশ্চিত যে এই গৱেষণাই স্বাস্থ্যসেৱা খণ্ডত ইতিবাচক পৰিৱৰ্তন আনিব।’
ইফালে, এই কৃতিত্বৰ বিষয়ে অধ্যাপক ড০ মহম্মদ মাহফুজুল হকে কয় যে আইচিএমআৰৰ পৰা এই অনুদান লাভ কৰাটো মোৰ বাবে এক বৃহৎ সন্মান। আমাৰ গৱেষণাক আগুৱাই নিয়াৰ লগতে লাখ লাখ লোকৰ স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ এয়া এক বৃহৎ সুযোগ। মোৰ দল, বিশ্ববিদ্যালয় আৰু আইচিএমআৰৰ সহায়ৰ বাবে মই কৃতজ্ঞ।"
এই অনুদান তিনি বছৰৰ বাবে প্ৰদান কৰা হয়, য’ত উন্নত পৰীক্ষা, বিশেষজ্ঞৰ সহযোগিতা আৰু উদ্ভাৱনীমূলক পদ্ধতি বিকশিত কৰাৰ বাবে আৰ্থিক সহায় অন্তৰ্ভুক্ত কৰা হয়। এই পদক্ষেপ ভাৰতৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ অত্যাধুনিক গৱেষণাক প্ৰসাৰিত কৰাৰ আইচিএমআৰৰ মিছনৰ সৈতে সামঞ্জস্যপূৰ্ণ।
উল্লেখ্য যে, অধ্যাপক মহম্মদ মাহফুজুল হক এজন প্ৰখ্যাত আণৱিক এনজাইম’লজিষ্ট। তেওঁৰ গৱেষণাত নাইট্ৰিক অক্সাইড চিনথেজ আৰু অন্যান্য ফ্লেভ’প্ৰটিনৰ গঠন, জৈৱ ৰসায়ন আৰু কাৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিবোৰে হৃদযন্ত্ৰৰ ৰোগ, হাওঁফাওঁৰ উচ্চ ৰক্তচাপ আৰু কেন্সাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
২০১৭ চনত জামিয়া মিলিয়া ইছলামিয়াৰ জৈৱ প্ৰযুক্তি বিভাগত সেৱা আৰম্ভ কৰি তেওঁ ২০১৭-২০২০ চনলৈকে বিভাগটোৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জামিয়াত নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ আমেৰিকাৰ ক্লিভলেণ্ড ক্লিনিকত মলিকুলাৰ মেডিচিনৰ অধ্যাপক হিচাপে কাম কৰিছিল আৰু কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
এই কৃতিত্বই জামিয়া মিলিয়া ইছলামিয়াৰ গৱেষণা আৰু উদ্ভাৱনৰ উৎকৃষ্টতাক অধিক উচ্চতালৈ লৈ গৈছে।