গুৱাহাটী
ৰাজ্যজুৰি অব্যাহত আছে জাপানী এনকেফেলাইটিছৰ আতংক। জাপানী এনকেফেলাইটিছৰ লগতে ডেংগু আৰু মেলেৰিয়াৰ সংক্ৰমণো বিভিন্ন জিলাত অব্যাহত আছে। এতিয়ালৈকে জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ হেৰুৱাইছে ১৯জনে। সম্প্রতি ১২খন জিলাত জাপানী এনকেফেলাইটিছ, সাতখন জিলাত ডেংগু আৰু দুখন জিলাত মেলেৰিয়াৰ সংক্ৰমণ চলি আছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বছৰত এতিয়ালৈ ৰাজ্যত ৩৫০জন লোক ডেংগুত আক্ৰান্ত হৈছে। ইয়াৰে ১৯জনৰ মৃত্যু হৈছে। আনহাতে, ডেংগুত আক্ৰান্ত হোৱা ২,৭১৯জনৰ ভিতৰত মৃত্যু হৈছে দুজন ৰোগীৰ। ৰাজ্যত এতিয়ালৈকে ২৬৫জন মেলেৰিয়াত আক্ৰান্ত হৈছে যদিও কোনো লোকৰ মৃত্যু হোৱা নাই বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্রকাশ কৰিছে।
ইপিনে, আজি বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, যোৰহাট, কামৰূপ মহানগৰ, কোকৰাঝাৰ, নগাঁও আৰু শিৱসাগৰ জিলাত এজনকৈ ৰোগী, শোণিতপুৰত চাৰিজন আৰু তিনিচুকীয়াত দুজনসহ মুঠ ১৭জন জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ তথ্য আহিছে।
আনহাতে, পূব কাৰ্বি আংলং জিলাত ডেংগুৰ প্রকোপ অব্যাহত আছে। জিলাখনত আজি ১১৪জন ডেংগু ৰোগী নতুনকৈ ওলোৱাৰ বিপৰীতে ধুবুৰী, গোৱালপাৰা, যোৰহাট আৰু মাজুলীত এজনকৈ ৰোগী, হোজাইত চাৰিজন, ডিব্ৰুগড়ত দুজনসহ মুঠ ১২৪জন ৰোগী নতুনকৈ ওলাইছে।
মেলেৰিয়াত চিৰাং আৰু গোৱালপাৰাত এজনকৈ মুঠ দুজন ৰোগী নতুনকৈ আক্ৰান্ত হৈছে। উল্লেখ্য, যোৱা বছৰ জানুৱাৰীৰপৰা ৯ আগষ্টলৈকে ৰাজ্যত ৩৫৫জন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছিল ৬৯জনৰ। মৃত্যুৰ হাৰ আছিল ১৯.৪ শতাংশ। এইবাৰ এতিয়ালৈকে জাপানী এনকেফেলাইটিছত মৃত্যুৰ হাৰ হৈছে ৫.৪ শতাংশ।