ৰাজ্যত মেলেৰিয়া-এনকেফেলাইটিছৰ বিভীষিকা

Story by  atv | Posted by  [email protected] • 2 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
গুৱাহাটী
 
জাপানী এনকেফেলাইটিছ, এনকেফেলাইটিছ সদৃশ ৰোগ, মেলেৰিয়া, ডেংগুিয়ে ৰাজ্যত সৃষ্টি কৰিছে বিভীষিকাৰ। বিগত দিনকেইটাত জিলাই জিলাই ৰোগকেইবিধে ধাৰণ কৰিছে সংহাৰী ৰূপ। উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন জিলাত দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। প্রাণ হেৰুৱাইছে এজনৰ পিচত আনজন ৰোগীয়ে। ক্ৰমাৎ উদ্বেগজনক পৰিস্থিতিৰ দিশে আগবাঢ়িছে ৰাজ্য।
 
বান বিভীষিকাৰ পিচত ৰাজ্যবাসীৰ বাবে আতংকৰ বিষয় হিচাপে প্রতিপন্ন হৈছে জাপানী এনকেফেলাইটিছ, ডেংণ্ডি, মেলেৰিয়া আৰু এনকেফেলাইটিছ সদৃশ ৰোগ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ এন এইচ এমৰ তথ্যত উন্মোচিত হৈছে এই কথা। পৰিস্থিতি এনে পর্যায় পাইছে যে জাপানী এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰাজ্যবাসীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে।
 
তথ্য অনুসৰি বিগত সময়ছোৱাত ৰাজ্যত এনকেফেলাইটিছ সদৃশ ৰোগ 'একিউট এনকেফেলাইটিছ ছিনদ্রম'ত আক্রান্ত হৈছে ১,০০৫ গৰাকী লোক। এই ৰোগত মৃত্যুক সাবটিছে ৪৭ গৰাকী ৰোগীয়ে। লক্ষণীয়ভাৱে এনকেফেলাইটিছ সদৃশ ৰোগত যোৰহাট জিলাৰ লোক সর্বাধিক আক্রান্ত হৈছে। যোৰহাটত ৮৭ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাবটিছে আঠগৰাকী ৰোগীয়ে।
 
আনহাতে এই ৰোগত নগাঁও জিলাত ৬৬ গৰাকী, ডিব্ৰুগড়ত ৬৯ গৰাকী, শিৱসাগৰত ৩৪ গৰাকী, কামৰূপত ৪০ গৰাকী, বৰপেটাত ৪৮ গৰাকী, শোণিতপুৰত ৫৯ গৰাকী আৰু লখিমপুৰত আক্ৰান্ত হৈছে ৫২ গৰাকী লোক। ইয়াৰে শিৱসাগৰত পাঁচগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে বৰপেটাত ছগৰাকী, কামৰূপত পাঁচগৰাকী, শোণিতপুৰত দুগৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। জাপানী এনকেফেলাইটিছ (জে ই) ৰোগত বিগত সময়ছোৱাত ৰাজ্যত আক্ৰান্ত হৈছে ৩২৭ গৰাকী লোক।
 
তথ্য অনুসৰি এই সময়ছোৱাত জাপানী এনকেফেলাইটিছত প্রাণ হেৰুৱাইছে ১৫ গৰাকী ৰোগীয়ে। জিলা হিচাপে এই ৰোগত আক্ৰান্তৰ সংখ্যা যোৰহাটতে সর্বাধিক। যোৰহাটত ৪৩ গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে এগৰাকীয়ে। এনেদৰে শোণিতপুৰত ২৩ গৰাকী, কামৰূপ মহানগৰত ১২ গৰাকী আৰু শিৱসাগৰত আক্রান্ত হৈছে ১৬ গৰাকী লোক। শিৱসাগৰ জিলাত প্রাণ হেৰুৱাইছে চাৰিগৰাকীয়ে।
 
আনহাতে মেলেৰিয়াত বিগত সময়ছোৱাত আক্রান্ত হৈছে ৫১৬ গৰাকী লোক। মেলেৰিয়াত আক্ৰান্তৰ ক্ষেত্ৰত শীর্ষত আছে কোকৰাঝাৰ জিলা। জিলাখনত মুঠ ২১২ গৰাকী লোক মেলেৰিয়াত আক্রান্ত হৈছে। একেদৰে চিৰাঙত ৮১ গৰাকী আৰু ওদালগুৰিত আক্রান্ত হৈছে ৪৮ গৰাকী লোক। ডেংণ্ডি ৰোগত বিগত সময়ছোৱাত ৰাজ্যত আক্রান্ত হৈছে ৪১৮ গৰাকী লোক। মুঠ ৮১ গৰাকী আক্রান্তৰে ডেংগুি আক্ৰান্তৰ শীৰ্ষত আছে ডিমা হাচাও জিলা। যোৰহাট জিলাত ডেংণ্ডিত আক্রান্ত হৈছে ৫৩ গৰাকী।
 
উল্লেখযোগ্য যে সাধাৰণতে জুনৰ পৰা আগষ্টলৈ এই ৰোগকেইবিধৰ প্ৰাদুৰ্ভাৱ অব্যাহত থাকে। আনহাতে এন এইচ এমৰ সমান্তৰালভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ তথ্যতো উন্মোচিত হৈছে ৰোগকেইবিধৰ ভয়াৱহতাৰ কথা। জি এম চি এইচত ক্রমে বৃদ্ধি পাইছে জাপানী এনকেফেলাইটিছত আক্রান্ত ৰোগীৰ সংখ্যা। জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ মতে এক এপ্ৰিলৰ পৰা এতিয়ালৈকে হাস্পতালখনত ভর্তি হৈছে জাপানী এনকেফেলাইটিছত আক্রান্ত ৪৮ গৰাকী ৰোগী। হাস্পতালখনত ইতিমধ্যে প্রাণ হেৰুৱাইছে ১৩ গৰাকীয়ে। এই সময়ছোৱাত মেলেৰিয়াত আক্রান্ত ১১০ গৰাকী ৰোগীৰ ২৬ গৰাকীয়ে মৃত্যুক সাবটিছে।
 
ডেংগিত ১১ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাবটিছে দুগৰাকীয়ে। ডাঃ অভিজিৎ শৰ্মাৰ মতে জাপানী এনকেফেলাইটিছত বিগত দুদিনত জি এম চি এইচত মৃত্যুক সাবটিছে পাঁচগৰাকী ৰোগীয়ে। অতি গুৰুতৰ অৱস্থাত তথা পলমকৈ হাস্পতালত ভর্তি হোৱা বাবে ৰোগীকেইজনৰ প্ৰাণ ৰক্ষা কৰিব পৰা নহ'ল বুলি তেওঁ উল্লেখ কৰে। সেয়ে জ্বৰ হ'লেই সাৱধানতা অবলম্বন কৰিবলৈ তেওঁ ৰাইজক পৰামৰ্শ প্রদান কৰে। জি এম চি এইচ কর্তৃপক্ষই ৰোগীসকলক পার্যমানে সহায় আগবঢ়াবলৈ সততে সাজু থকাৰ কথা তেওঁ উল্লেখ কৰে।