দেশত ১.৪ মিলিয়নতকৈ অধিক মহিলাৰ স্তন কেন্সাৰৰ পৰীক্ষা সম্পন্ন

Story by  atv | Posted by  [email protected] • 5 d ago
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা
 
নতুন দিল্লী
 
সমগ্ৰ ভাৰতবৰ্ষত ১৪.৬ কোটিৰো অধিক মহিলাৰ স্তন কেন্সাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। লগতে ৫৭,১৮৪ গৰাকী মহিলাৰ দেহত এই ৰোগ ধৰা পৰাৰ বিপৰীতে ৫০,৬১২ গৰাকীয়ে চিকিৎসা গ্ৰহণ কৰি আছে। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই।
 
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় এন চি ডি পৰ্টেলৰ তথ্যৰ উদ্ধৃতি দি তেওঁ লোকসভাৰ এক প্ৰশ্নৰ লিখিত উত্তৰত কয় যে ৯ কোটিৰো অধিক মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰ পৰীক্ষা কৰা হৈছে। যাৰ ভিতৰত ৯৬,৭৪৭ গৰাকীৰ এই ৰোগ ধৰা পৰিছে আৰু ৮৬,১৯৬ গৰাকী চিকিৎসাধীন হৈ আছে।
 
স্তন আৰু ছাৰ্ভাইকেল কেন্সাৰকে ধৰি পাঁচটা সাধাৰণ এন চি ডিৰ বাবে অসংক্ৰামক ৰোগ (এন চি ডি) পৰীক্ষা আৰু পৰিচালনা তথা যত্নৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে ২০১৮ চনত চৰকাৰে এনপি-এনচিডিৰ অধীনত ৰাষ্ট্ৰীয় এনচিডি পৰ্টেল মুকলি কৰাৰ কথা অৱগত কৰে।
 
উল্লেখ্য যে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মুখৰ কেন্সাৰ, স্তন কেন্সাৰ আৰু ছাৰ্ভাইকেল কেন্সাৰৰ দৰে ডাঙৰ এন চি ডি প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে, ২০১০ চনত আন্তঃগাঁথনি শক্তিশালী কৰিছিল। তাৰোপৰি মানৱ সম্পদ বিকাশ, স্বাস্থ্য প্ৰসাৰ, আগতীয়া নিদান, ব্যৱস্থাপনা আৰু উপযুক্ত স্তৰলৈ প্ৰেৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰম্ভ কৰিছিল।
 
আনহাতে এই কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশতে ৭৭০খন জিলা এনচিডি ক্লিনিক স্থাপন কৰা হৈছে। লগতে ২৩৩ খন কাৰ্ডিয়াক কেয়াৰ ইউনিট চমুকৈ চি চি ইউ, ৩৭২খন জিলা ডে কেয়াৰ চেণ্টাৰ আৰু ৬৪১০ খন কমিউনিটি হেল্থ চেণ্টাৰত এনচিডি ক্লিনিক স্থাপন কৰা হৈছে বুলি স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই জানিবলৈ দিয়ে।