গুৱাহাটী
আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰায় দুবছৰৰ পিছতো আজিকোপতি সম্পূর্ণৰূপে কার্যক্ষম হৈ নুঠিল উত্তৰ গুৱাহাটীত স্থাপন কৰা অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান চমুকৈ এইমছ। প্রতিষ্ঠানখনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ বাবে নামভৰ্তি কৰা শিক্ষার্থীসকলক পাঠদান কৰাৰ বাবে প্রয়োজনীয় অধ্যাপকৰ পদখিনিকে আজিলৈকে পূৰণ কৰিব পৰা নাই।
কেৱল সেয়াই নহয় প্রতিষ্ঠানখনত থকা অনাশৈক্ষিক পদবোৰৰ অর্ধেকতকৈ বেছিসংখ্যকেই এতিয়াও খালী হৈ আছে। মুকলি কৰাৰ পিচত বিগত প্রায় এবছৰ ধৰি বিৰাজ কৰা গুৱাহাটী এইমছৰ এই শোচনীয় অৱস্থাটো খোদ কেন্দ্রীয় স্বাস্থ্য মন্ত্রীয়েই উদঙাই দিছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই ৰাজ্যসভাৰ মজিয়াত দাখিল কৰা তথ্যত এই কথা স্পষ্ট হৈ পৰিছে।
উল্লেখ্য যে, ২০২৩ চনৰ ১৪ এপ্ৰিলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এইমছত এশখন এম বি বি এছৰ আসন আছে। এই আসনসমূহত পাঠদানো চলি আছে। তদুপৰি এইমছত বহির্বিভাগ (অ'পিডি) আৰু আন্তঃবিভাগ (আই পি ডি) চলি আছে। এনে পৰিস্থিতিত শৈক্ষিক প্রতিষ্ঠানখনত অধ্যাপক আৰু স্বাস্থ্যকর্মীৰ প্রয়োজনীয়তা নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। কিন্তু তাৰ পাচতো এইমছত খালী হৈ আছে বৃহৎসংখ্যক অধ্যাপককে ধৰি অনাশৈক্ষিক পদ।
ৰাজ্যসভাত জে পি নাড্ডাই দিয়া তথ্য অনুসৰি গুৱাহাটী এইমছৰ বাবে অনুমোদিত অধ্যাপকৰ পদৰ সংখ্যা ১৮৩ টা। ইয়াৰ ভিতৰত এতিয়ালৈকে ১০৫ টা পদতহে নিযুক্তি দিয়া হৈছে। খালী হৈ থকা পদৰ সংখ্যা ৭৮টা। অর্থাৎ এইমছত এতিয়াও খালী হৈ আছে অধ্যাপকৰ ৪৩ শতাংশ পদ। সেইদৰে অনাশৈক্ষিক পদৰ ক্ষেত্ৰত মুঠ ১,৪১০ টা পদত অনুমোদন জনোৱা হৈছিল। ইয়াৰ ভিতৰত এতিয়ালৈকে ৬৪১টা পদহে পূৰণ কৰা হৈছে। এতিয়াও ৭৬৯টা পদ খালী হৈ আছে। অর্থাৎ এই শিতানত এতিয়াও ৫৫% পদ খালী হৈ আছে।
গুৱাহাটীত এইমছ স্থাপনৰ নামত চৰকাৰীভাৱে এইদৰেই এতিয়া বঞ্চনা কৰা হৈছে ৰাজ্যবাসীক। বহু আশা লৈ এইমছলৈ চিকিৎসা গ্রহণ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যিসকল ৰোগী, প্রয়োজনীয় আহিলা, আন্তঃগাঁথনি, চিকিৎসক আদিৰ অভাৱত তেওঁলোকে এইমছৰ পৰা আকৌ জি এম চি এইচলৈ আহি চিকিৎসাৰ বাবে শাৰী পাতিবলগীয়া হয়।
উল্লেখ্য যে কেৱল গুৱাহাটী এইমছতে যে চিকিৎসক, অধ্যাপকৰ পদ খালী হৈ আছে তেনে নহয়, জিলাই জিলাই স্থাপন কৰা ৰাজ্যৰ আন আন মেডিকেল কলেজসমূহো পর্যাপ্ত অধ্যাপক, আন্তঃগাঁথনি অবিহনেই চলি আছে। উল্লেখ্য যে, জে পি নাড্ডাই দিয়া তথ্য অনুসৰি কেৱল গুৱাহাটী এইমছতে নহয়, দেশৰ আন আন প্রান্ততো নিৰ্মাণ কৰা এইমছতো খালী হৈ আছে বহু পদ। নতুন দিল্লীস্থিত এইমছৰ উপৰি কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত দেশৰ মুঠ ২২টা স্থানত এইমছ নির্মাণ কৰিছিল। এইসমূহ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে পৰিচালনা কৰি আহিছে।
এইসমূহৰ ভিতৰত মধ্যপ্ৰদেশৰ ভূপাল, ওড়িশাৰ ভুৱনেশ্বৰ, ৰাজস্থানৰ যোধপুৰ, ছত্তীশগড়ৰ ৰায়পুৰ আৰু বিহাৰৰ পাটনাৰ এইমছ সম্পূৰ্ণৰূপে কার্যক্ষম হৈছে। অন্ধ্রপ্রদেশৰ মংগলগিৰি, মহাৰাষ্ট্ৰৰ নাগপুৰ, পশ্চিমবংগৰ কল্যাণী, উত্তৰ প্ৰদেশৰ গোৰখপুৰ, পঞ্জাবৰ ভার্টিন্দা, হিমাচল প্ৰদেশৰ বিলাসপুৰ, অসমৰ গুৱাহাটী, ঝাৰখণ্ডৰ দেওঘৰ, তেলেংগানাৰ বিবিনগৰ, উত্তৰ প্ৰদেশৰ ৰায়বেৰেলি, গুজৰাটৰ ৰাজকোট, জম্মু কাশ্মীৰৰ জম্মু এইমছত এম বি বি এছৰ পাঠদান আৰম্ভ হোৱাৰ লগতে অ'পিডি, আই পি ডি সেৱা আৰম্ভ হৈছে। তদুপৰি তামিলনাডু, কাশ্মীৰ, হাৰিয়ানা আৰু বিহাৰত আন চাৰিখন এইমছ নির্মাণ কৰি থকা হৈছে।
এই আটাইবোৰ এইমছতে অনুমোদন জনোৱাত অধ্যাপক আৰু অনাশৈক্ষিক পদৰ বহু পদেই খালী হৈ আছে। অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনোৱামতে, ২০১৪ৰ পৰা বৰ্তমানলৈকে দেশৰ এম বি বি এছৰ আসনৰ সংখ্যা ১০২ শতাংশ বৃদ্ধি পাইছে। ২০১৪ ত দেশত মুঠ এম বি বি এছৰ আসনৰ সংখ্যা আছিল ৫১,৩৪৮ খন। কিন্তু ২০২৪ত এই সংখ্যা ১,১৮,১৩৭ খনলৈ বৃদ্ধি পাইছে। সেইদৰে মেডিকেল কলেজৰ সংখ্যা ২০১৪ চনৰ ৩৮৭ খনৰ পৰা বর্তমানে ৭৮০ খনলৈ বৃদ্ধি পাইছে।