ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতা ইন্দ্ৰেশ কুমাৰ আৰু মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ সদস্যৰ সৈতে দিল্লীৰ মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকল
নতুন দিল্লী
হিন্দু আৰু মুছলমানসকলৰ মাজত ঘনিষ্ঠতা বৃদ্ধি কৰাৰ উদ্দেশ্যে কাম কৰি অহা ইন্দ্ৰেশ কুমাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুছলিম ৰাষ্ট্ৰীয় মঞ্চই (এমআৰএম) ঝাৰখণ্ডৰ বোকাৰোত ৫০০ বিচনাযুক্ত কৰ্কট ৰোগ চিকিৎসালয় স্থাপন কৰিছে।
মুছলিম ৰাষ্ট্ৰীয় মঞ্চই ঝাৰখণ্ড ৰাজ্য আৰু চুবুৰীয়া অঞ্চলসমূহত সেৱা আগবঢ়োৱাৰ বাবে চিকিৎসালয়খন উদ্বোধন কৰিছে। মঞ্চৰদ্বাৰা চলি থকা 'সমন্বয় সপ্তাহ' অনুষ্ঠান উদযাপনৰ সময়ত এই কথা ঘোষণা কৰা হৈছে।
৫০০ বিছনাযুক্ত 'মেডিচেণ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, বোকাৰো'ৰ পৰিচালন সঞ্চালক হৈছে মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক ডাঃ মজিদ তালিকোটি। তেওঁ উদ্বোধনী অনুষ্ঠানত ভাষণ দি কয়, 'সেৱাই হৈছে প্ৰকৃত ধৰ্ম।'
ডাঃ তালিকোটিয়ে কয়, "আমাৰ লক্ষ্য কেৱল এখন চিকিৎসালয় খোলা নহয়, বৰঞ্চ দৰিদ্ৰ আৰু আৰ্তজনক সুলভ আৰু উন্নতমানৰ চিকিৎসা প্ৰদান কৰাহে। আগন্তুক সময়ত এই চিকিৎসালয়খনে কেৱল ঝাৰখণ্ডকে সেৱা আগবঢ়োৱাই নহয়, ই সমগ্ৰ উত্তৰ-পূব ভাৰতৰ জীৱন ৰক্ষাকাৰী এখন চিকিৎসালয় হিচাপে পৰিগণিত হ'ব।"
বোকাৰো চিকিৎসালয়ত মক পেচেণ্টৰ সৈতে আৰ এছ এছ আৰু এম আৰ এমৰ নেতা ইন্দ্ৰেশ কুমাৰ
ডাঃ তালিকোটিয়ে ঘোষণা কৰিছে যে, প্ৰতি বছৰে এই চিকিৎসালয়খৰ উদ্যোগত ১৮ ফেব্ৰুৱাৰীত আৰ্তৰোগীসকলৰ বাবে বিনামূলীয়া কেন্সাৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব, আৰু এই পদক্ষেপ পিছলৈও অব্যাহত থাকিব।
তেওঁ লগতে কয়, "আমি এই চিকিৎসালয়খন সেৱা আৰু নিষ্ঠাৰে আগবঢ়াই লৈ যাব লাগিব। কাৰণ আমাৰ লক্ষ্য হৈছে, প্ৰতিজন দৰিদ্ৰ আৰু আৰ্তজনক উন্নতমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰা।"
ইফালে ইন্দ্ৰেশ কুমাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ (এম আৰ এম) মুছলমান অংশৰ এটা দলে দিল্লীৰ মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘সমন্বয় সপ্তাহ’ উদযাপনৰ সময়ত মত-বিনিময় কৰে।
মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ এগৰাকী মুখপাত্ৰই কয় যে, মাদ্ৰাছাখনৰ চৌদিশ 'ইংকিলাব জিন্দাবাদ', 'বন্দে মাতৰম', 'জয় হিন্দ' আদি শ্লোগানেৰে মুখৰ হৈ পৰিছিল। বক্তাসকলে স্বাধীনতা সংগ্ৰামৰ বীৰসকলক স্মৰণ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে, স্বাধীনতা কেৱল এটা অধিকাৰ নহয়, ই এক দায়িত্বও।
ইছলামিক সন্মিলনত ছাত্ৰ-ছাত্ৰীৰ সৈতে জড়িত হৈ থকাৰ সময়ত ইন্দ্ৰেশ কুমাৰে ছাত্ৰ-ছাত্ৰীসকলক কয় যে, ধৰ্মীয় শিক্ষা (মাদ্ৰাছাৰ শিক্ষা)ৰ লগতে আধুনিক শিক্ষা (সাংসাৰিক জ্ঞান)ও অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে উল্লেখ কৰে যে, বিজ্ঞান, চিকিৎসা, অভিযান্ত্ৰিক, প্ৰশাসন আদি ক্ষেত্ৰত উত্তম হ’বলৈ শিশুসকলে ধৰ্মৰ বাহিৰে আন বিষয়তো পাকৈত হ’ব লাগিব।
তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কয় যে, মূলসুঁতিৰ শিক্ষাই দেশ আৰু সমাজৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাব পাৰে। জাতীয়তাবাদ আৰু শিক্ষাৰ সংমিশ্ৰণে ভাৰতক বিশ্বৰ নেতা হোৱাৰ দিশত আগুৱাই লৈ যাব।
ইন্দ্ৰেশ কুমাৰেও "Be First a Hindustani" বুলি এক বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, "শিশুসকল, আপোনালোকৰ শিক্ষা কেৱল কিতাপতে সীমাবদ্ধ হৈ থাকিব নালাগে। আমি সকলোৱে এই বিষয়েও জনা উচিত যে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্ম - মানৱতা; সৰ্ববৃহৎ কৰ্ম - দেশপ্ৰেম আৰু সৰ্বশ্ৰেষ্ঠ পৰিচয় হৈছে- হিন্দুস্তানী (ভাৰতীয়)।
বোকাৰোত ইন্দ্ৰেশ কুমাৰে কৰ্কট চিকিৎসালয় উদ্বোধন কৰাৰ এক মূহুৰ্ত
তেওঁ কয়, “ডাক্তৰ, অভিযন্তা, বিষয়া, বিজ্ঞানী ইত্যাদি আপুনি যি হ’বলৈ নিবিচাৰে কিয়, প্ৰথমে কিন্তু নিজকে হিন্দুস্তানী বুলি পৰিচয় দিব লাগিব। আমি যেতিয়া এই মনোভাৱ মনত লৈ আগবাঢ়ি যাম, তেতিয়াহে আমি ঘৃণা আৰু বৈষম্য দূৰ কৰিবলৈ সক্ষম হ’ম।"
তেওঁ আৰু কয়, "আজি আমি যি স্বাধীনতা আৰু অধিকাৰ লাভ কৰিছো, সেয়া কোনো একক ধৰ্মৰ ফলত লাভ কৰা নহয় বৰঞ্চ সমগ্ৰ ভাৰতৰ ঐক্যতাৰ ফলতে লাভ কৰিছো। আমি যে 'জয় হিন্দ' বুলি কওঁ, ই কেৱল এক শ্লোগান নহয়, ই আমাৰ সংস্কৃতিৰ প্ৰতীক হয়। আমি আমাৰ এই সংস্কৃতিক শক্তিশালী কৰাটো অতি প্ৰয়োজন।"
তেওঁ লগতে কয়, "যেতিয়া আমি সকলোৱে একত্ৰিত হৈ কাম কৰিম তেতিয়াহে ভাৰত শক্তিশালী হ'ব। আমাৰ এই অভিযান কেৱল এসপ্তাহিক অনুষ্ঠানতে সীমাবদ্ধ হৈ নাথাকিব বৰঞ্চ ই আমাৰ চিন্তা, সংস্কৃতি আৰু সেৱা মনোভাৱৰ অংশ হৈ পৰিব।"
এন চি এম ই আইৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ শ্বাহিদ আখতাৰে জোৰ দি কয় যে, "আমাৰ শিক্ষাৰ এটাই লক্ষ্য হ'ব লাগে যাতে শিশুসকল কেৱল ধৰ্মীয় শিক্ষাৰ মাজত সীমাবদ্ধ হৈ নাথাকি আধুনিক বিজ্ঞান, গণিত, কম্পিউটাৰ আৰু বৃত্তিমূলক শিক্ষাতো পাৰদৰ্শিতা লাভ কৰে। মুছলমান সমাজে সত্যক মানি ল'ব লাগিব, কাৰণ শিক্ষাৰ দিশত পৰিৱৰ্তন নানিলে অগ্ৰগতি লাভ কৰাটো কঠিন হৈ পৰিব।"
তেওঁ জোৰ দি কয় যে, মাদ্ৰাছাসমূহক ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ সৈতে মিলাই আধুনিক শিক্ষাক সামৰি লোৱা উচিত, যাতে শিশুসকলে নিজৰ ইচ্ছামতে যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰাটো নিশ্চিত কৰিব পাৰে।
এম আৰ এমৰ ৰাষ্ট্ৰীয় আহ্বায়ক ড০ শালিনী আলীয়ে ঘোষণা কৰে যে, মঞ্চই দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আৰু ৰাজস্থানৰ মহিলাসকলক আত্মনিয়োগৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে তেওঁলোকক চিলাই মেচিনৰ দৰে সঁজুলি আৰু টিউচন চেণ্টাৰৰ দৰে সুবিধা আৰু কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰিব।
মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ স্বেচ্ছাসেৱকসকলে সপ্তাহটোৰ ভিতৰত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰাখণ্ডত ৰেচন, গৰম কাপোৰ, কম্বল, ঔষধ আৰু ফল-মূল বিতৰণ কৰি আহিছে। মুছলিম ৰাষ্ট্ৰীয় মঞ্চই লক্ষ্ণৌ আৰু ডেৰাডুনত উন্নত 'দান শিবিৰ'ৰ আয়োজন কৰিছে; মঞ্চৰ স্বেচ্ছাসেৱকসকলে ভোপাল আৰু জয়পুৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক অভিযানো চলাছে; তেওঁলোকে মছজিদ, মন্দিৰ, গীৰ্জা, গুৰুদ্বাৰত শান্তি আৰু ভাতৃত্ববোধৰ বাবেও প্ৰাৰ্থনা কৰিছে।