ঘৰুৱা খাদ্য আৰু উপবাসেৰে কেন্সাৰমুক্ত হৈছে নবজ্যোত সিং সিধুৰ পত্নী; কি কয় চিকিৎসা বিশেষজ্ঞসকলে

Story by  atv | Posted by  Munni Begum • 2 h ago
নবজ্যোত সিং সিধু আৰু তেওঁৰ পত্নী
নবজ্যোত সিং সিধু আৰু তেওঁৰ পত্নী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
ভাৰতত সম্প্ৰতি কৰ্কট ৰোগ এক ভয়ংকৰ সামাজিক ব্যাধিত পৰিণত হৈছে। প্ৰতি বছৰে কৰ্কটত আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে। চৰকাৰী তথ্য অনুসৰি, ২০২২ চনত ভাৰতত আনুমানিক ১৪,৬১,৪২৭ জন লোক নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। ২০২৫ চনৰ ভিতৰত এই পৰিমাণ ১২.৮% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 
 
আমাৰ বাবে অতি উদ্বেগ আৰু চিন্তাৰ বিষয় যে সমগ্ৰ ভাৰতৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ সমস্যা সবাতোকৈ বেছি। মানুহৰ স্বাস্থ্যলৈ চৰম ভাবুকি কঢ়িয়াই অনা এনে এক জটিল ক্ষণত প্ৰাক্তন ক্ৰিকেটাৰ তথা পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী নবজ্যোত সিং সিধুৰ এক দাবীয়ে সমগ্ৰ দেশত খলকনিৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ নবজ্যোত সিং সিধুৱে ঘোষণা কৰিছে যে তেওঁৰ পত্নী নৱজোত কৌৰ সিধুৱে চিকিৎসাৰ সময়ত আৰু তাৰ পিছত কঠোৰ খাদ্য ৰুটিন মানি চলি ক্লিনিকেলভাৱে আজি কেন্সাৰমুক্ত হৈ উঠিছে। 
এক সংবাদমেলত সিধুৱে কয়, "নৱজোত কৌৰে ষ্টেজ ৪ কেন্সাৰৰ সৈতে যুঁজি দি আছিল আৰু চিকিৎসকে আমাক কৈছিল যে মোৰ পত্নীৰ ৫%হে জীয়াই থকাৰ সম্ভাৱনা আছে। আমাৰ হাতত টকা থকাৰ বাবেই নহয়, অনুশাসিত আৰু কঠোৰ খাদ্য নিয়ম মানি চলাৰ বাবেই তেওঁ আজি কেন্সাৰক পৰাস্ত কৰিব পাৰিছে। ৪০ দিনৰ মূৰত তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।"
 
প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয় যে তেওঁৰ পত্নী নৱজোত কৌৰে  দিনটো নেমু পানীৰে আৰম্ভ কৰিছিল, আৰু ইয়াৰ পিছত কেঁচা হালধি, আপেল চাইডাৰ ভিনেগাৰ, নিম পাত আৰু তুলসী সেৱন কৰিছিল। কমলাজাতীয় টেঙা ফল, কুমলীয়া ডালিম, আমলখি, বুটমাহ আৰু আখৰোটৰ দৰে ফলৰ ৰস তেওঁৰ দৈনন্দিন খাদ্যৰ অংশ আছিল। সিদ্ধুৱে উপবাসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দাবী কৰে চেনি আৰু কাৰ্বহাইড্ৰেট নথকা খাদ্য গ্ৰহণ কৰি কেন্সাৰৰ কোষক বিনাশ কৰিব পাৰি।
কিন্তু তেওঁৰ এই মন্তব্যসমূহে দেশৰ চিকিৎসা জগতত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
বিশেষজ্ঞসকলে কৰ্কট ৰোগৰ চিকিৎসাত পুষ্টিকৰ খাদ্যৰ ভূমিকা স্বীকাৰ কৰিছে যদিও কৰ্কট ৰোগৰ আৰোগ্যৰ বাবে কেৱল খাদ্যই যথেষ্ট হ’ব নোৱাৰে বুলি সকীয়াই দিছে। "যদিও খাদ্যই আৰোগ্য লাভ কৰাত যথেষ্ট সহায় কৰে। তথাপি ই কেমোথেৰাপি, ৰেডিয়'থেৰাপি, বা অস্ত্ৰোপচাৰৰ দৰে পৰম্পৰাগত কেন্সাৰ চিকিৎসা পদ্ধতিৰ স্থান ল'ব নোৱাৰে। কৰ্কট ৰোগ বহুমুখী, ইয়াৰ জটিল জীৱবিজ্ঞানক লক্ষ্য কৰি ল’বলৈ কেইবাটাও থেৰাপীৰ প্ৰয়োজন হয়।"- দিল্লীৰ চি কে বিৰলা হাস্পতালৰ চাৰ্জিকেল অংক’লজীৰ সঞ্চালক ডাঃ মনদীপ সিং মালহোত্ৰাই এইদৰে কয়।
 
ইফালে, নতুন দিল্লীৰ পি এছ আৰ আই হাস্পতাল (PSRI Hospital)ৰ জ্যেষ্ঠ হেমেট’লজিষ্ট আৰু অংক’লজিষ্ট ডাঃ অমিত উপাধ্যায়ে প্ৰকাশ কৰে যে ভূমধ্যসাগৰীয় খাদ্যই স্তন বা পাকস্থলীৰ কৰ্কট ৰোগত আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰে বুলি বৈজ্ঞানিক প্ৰমাণ পোৱা গৈছে। কিন্তু কেৱল পুষ্টিকৰ খাদ্য গ্ৰহণে ইয়াৰ বাবে যথেষ্ট নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
 
ডাঃ মালহোত্ৰাই ব্যাখ্যা কৰে যে কম গ্লাইচেমিক খাদ্য আৰু নিউট্ৰাচিউটিকেলে গ্লুক’জ নিৰ্ভৰশীল কৰ্কট ৰোগৰ চিকিৎসাৰ কাৰ্যকাৰিতা বৃদ্ধি কৰিব পাৰে যদিও protein pathwaysৰ ওপৰত নিৰ্ভৰশীল আনৰ ক্ষেত্ৰত এইবোৰ প্ৰযোজ্য নহ’বও পাৰে। "চিকিৎসা হিচাপে খাদ্যৰ নীতি-নিয়ম সাৰ্বজনীনভাৱে প্ৰযোজ্য নহয়। ৰোগীসকলে অনুকূল ফলাফলৰ বাবে প্ৰমাণভিত্তিক চিকিৎসা সেৱাৰ সৈতে খাদ্য কৌশলৰ সংমিশ্ৰণ ঘটাব লাগে আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে ঘনিষ্ঠ সহযোগিতা নিশ্চিত কৰিব লাগে।"-ডাঃ মালহোত্ৰাই কয়।
 
কেঁচা হালধী
 
উল্লেখ্য যে, কেন্সাৰ ৰোগীৰ আৰোগ্য হোৱাৰ যাত্ৰাত খাদ্য অতি গুৰুত্বপূৰ্ণ, কাৰণ ই চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰাত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰাখে, যাৰ ফলত চিকিৎসা ব্যৱস্থাৰ উন্নত সঁহাৰি নিশ্চিত হয়।"ৰোগীয়ে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আৰু কেন্সাৰ কোষৰ বৃদ্ধি কম কৰিবলৈ প্ৰ'টিন, স্বাস্থ্যকৰ চৰ্বি, আৰু কম গ্লাইচেমিক কাৰ্বহাইড্ৰেটেৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে। কেন্সাৰৰ প্ৰকাৰ আৰু পৰ্যায়ৰ ওপৰত ভিত্তি কৰি খাদ্যশৈলী (Dietary plans) তৈয়াৰ কৰিব লাগে আৰু বিপাকীয় প্ৰয়োজনীয়তাৰ সৈতে মিল থকাটো নিশ্চিত কৰিব লাগে। ৰোগীয়ে এই ক্ষেত্ৰত তেওঁলোকৰ অংক’লজিষ্ট আৰু ডায়েটিচিয়ানৰ সৈতে ঘনিষ্ঠভাৱে আলোচনা কৰিব লাগে।"-ডাঃ মালহোত্ৰাই লগতে কয়।
 
ইফালে, প্ৰখ্যাত হেপাট’লজিষ্ট ড০ চাইৰিয়াক এবি ফিলিপছে কৰ্কট ৰোগৰ চিকিৎসাৰ লৈ প্ৰচাৰ হোৱা এক ভুল ধাৰণাৰ বিষয়ে আলোচনা কৰে। উপবাসৰ জৰিয়তে কৰ্কটৰ কোষ বিনাশৰ চেষ্টা কৰাটো উচিত নহয় বুলি তেওঁ মন্তব্য কৰে। "কেন্সাৰ ৰোগীক intermittant fasting (দিনজোৰা উপবাস) জাপি দিয়াটো এক অপৰাধ। ই আক্ষৰিক অৰ্থত তেওঁলোকক আৰোগ্যৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ পৰা বঞ্চিত কৰিব। গতিকে, অনাহাৰে থাকি কৰ্কট কোষবোৰক বিনাশ কৰাৰ কথা-বতৰাবোৰ বন্ধ কৰক।" টুইটাৰত তেওঁ এইদৰে লিখিছে।
 
ইয়াৰ সৈতে সংযুক্ত কৰি ডাঃ উপাধ্যায়ে কয় যে খাদ্যৰ পৰা চেনি সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা অভ্যাসে কেন্সাৰৰ কোষক হত্যা কৰিব নোৱাৰে। এয়া ভুল ধাৰণা যে চেনি এৰাই চলিলে কেন্সাৰৰ কোষ মৰি যাব। শৰীৰৰ প্ৰতিটো কোষৰ বাবে চেনিৰ প্ৰয়োজন আছে। উল্লেখ্য যে, খাদ্য আৰু কৰ্কট ৰোগৰ গৱেষণাৰ ক্ষেত্ৰখন এতিয়াও বিকশিত হৈ আছে। ডাঃ অমিত উপাধ্যায়ে উল্লেখ কৰে যে নিউট্ৰিজেন’মিক্স (nutrigenomics) নামেৰে জনাজাত এক নতুন গৱেষণাত ৰোগীক তেওঁলোকৰ জেনেটিক প্ৰফাইল অনুসৰি পুষ্টিৰ পৰামৰ্শ দিয়া হয়। এই প্ৰক্ৰিয়া এতিয়াও বিকশিত হৈ আছে।
 
নবজ্যোত সিং সিধু আৰু তেওঁৰ পত্নী
 
"একেখিনি খাদ্যই একে ধৰণেৰে সকলোকে প্ৰভাৱিত কৰিব নোৱাৰে। আমি এতিয়াও বুজিবলৈ চেষ্টা কৰি আছো যে জিনবোৰ কেনেকৈ পুষ্টিৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। হয়তো ভৱিষ্যতে আমি পুষ্টিকৰ খাদ্য (nutrition)ক কেনেকৈ চিকিৎসা প্ৰক্ৰিয়াত একত্ৰিত কৰিব পাৰি, তাৰ ওপৰত অধিক গাইডলাইন ভিত্তিক চিকিৎসা পদ্ধতি বিকশিত কৰিব পাৰো। কিন্তু বৰ্তমান সময়ত পুষ্টি (nutrition) এটা পৰিপূৰক (supplement) কিন্তু চূড়ান্ত চিকিৎসা পদ্ধতি নহয়," ডাঃ উপাধ্যায়ে কয়।