ভাৰতত HMPV ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ৭লৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 8 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নাগপুৰ
 
নাগপুৰত ৭ আৰু ১৪ বছৰীয়া দুই শিশুৰ দেহত হিউমেন মেটাপনিউমোভাইৰাছৰ (HMPV) উপস্থিতি পোৱাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্তৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে। 
 
যোৱা ৩ জানুৱাৰীত শিশুকেইটাক জ্বৰ আৰু কাহৰ চিকিৎসাৰ বাবে মহানগৰীৰ ৰামদাস্পেঠ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
 
পৰীক্ষাৰ অন্তত চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰে যে, দুয়োজন Covid-19ৰ দৰে ৰোগ HMPV ৰোগত আক্ৰান্ত, যিয়ে জ্বৰ, কাহ, নাকত পানী ওলোৱা আৰু ডিঙিৰ বিষ আদি লক্ষণৰ সৈতে ওপৰ আৰু তলৰ শ্বাসনলীত প্ৰভাৱ পেলায়। 
 
আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাক লৈ মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগ সতৰ্ক অৱস্থাত আছে। কাহ, জ্বৰ বা যিকোনো গুৰুতৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ (SARI) ৰোগত আক্ৰান্ত লোকসকলক অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। 
 
বিভাগটোৱে ৰাজ্যবাসীক শান্ত হৈ থাকিবলৈ আৰু আতংকিত নহ’বলৈ আহ্বান জনাইছে। শীঘ্ৰে এই ভাইৰাছৰ প্ৰতিৰোধ আৰু ব্যৱস্থা সন্দৰ্ভত পৰামৰ্শাৱলী জাৰি কৰিব।  
 
উল্লেখ্য যে, এই দুই ৰোগীৰ ফলত দেশত এইচএমপিভি সংক্ৰমণৰ সংখ্যা ৭জনলৈ বৃদ্ধি পাইছে। আহমেদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ থকা দুমহীয়া ল’ৰা শিশু এটি  এই ভাইৰাছত আক্রান্ত হোৱাৰ বিপৰীতে বেংগালুৰুত দুজনকৈ সংক্রমণ হোৱাৰ খবৰ পোৱা গৈছে৷ 
 
ক্ৰমান্বয়ে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই HMPV নতুন ভাইৰাছ নহয় বুলি দৃঢ়তাৰে কয় আৰু ২০০১ চনত প্ৰথমবাৰৰ বাবে চিনাক্ত হোৱাৰ পিছৰে পৰা ই বিশ্বজুৰি কেইবাবছৰ ধৰি উপস্থিত হৈ আছে।  
 
তেওঁ নাগৰিকসকলক শান্ত হৈ থাকিবলৈ আহ্বান জনায়, একে সময়তে কেন্দ্ৰই সক্ৰিয়ভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জনস্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ৰূপায়ণ কৰি আছে বুলিও আশ্বাস দিয়ে। 
 
কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই মঙলবাৰে HMPV ত আক্ৰান্তৰ পিছত বৰ্তমানৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে, দেশত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ কোনো উত্থান নাই আৰু এনে ৰোগী ধৰা পেলাবলৈ মজবুত গৱেষণাও অব্যাহত আছে বুলিও জোৰ দিয়ে। 
 
স্বাস্থ্য সচিবগৰাকীয়ে ৰাজ্যসমূহক প্ৰতিৰোধমূলক ব্যৱস্থাৰ সন্দৰ্ভত বাসিন্দাসকলৰ মাজত সজাগতা শক্তিশালী কৰাৰ লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ওপৰত চোৱাচিতা বৃদ্ধি আৰু পৰ্যালোচনা কৰিবলৈ পৰামৰ্শ দিয়ে। 
 
২০০১ চনত নেদাৰলেণ্ডত প্ৰথমবাৰৰ বাবে HMPV সংক্ৰমণ ধৰা পৰিছিল আৰু ইয়াৰ পূৰ্বে ভাৰতৰ কিছু অংশত কেইবাজনো ৰোগী ধৰা পৰিছিল।