অংগদান দিয়া কামটোক এক আন্দোলনৰ ৰূপ দিব লাগিব: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা

Story by  atv | Posted by  Munni Begum • 2 Months ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
স্বাস্থ্য বিভাগৰ দায়িত্ব গ্রহণ কৰাৰ পাছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ তাত চলি থকা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লয় আৰু হাস্পতালখনৰ দায়িত্ববাহী বিষয়া-কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয়।  
 
হাস্পতালখনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী শর্মাই জি এম চি হাস্পতালৰ চিকিৎসা সম্পর্কীয় বিভিন্ন সফলতাৰ শলাগ লয়। সংবাদমেলত ডঃ শর্মাই কয়, 'মগজুৰ মৃত্যু হোৱা ৰোগী (ব্রেইন ডেড পেচেণ্ট)ৰ নিকটাত্মীয়ই তেনে ৰোগীৰ দেহৰ বিভিন্ন অংগ-প্রত্যংগ মানৱ কল্যাণৰ অৰ্থে দান দিব পাৰে। তেনে অংগই অন্য এজন অসুস্থ ৰোগীক জীৱনদান দিব পাৰে। এই বিষয়টোক লৈ আমি কিছু সজাগতাৰ ব্যৱস্থা কৰিব লাগিব। অংগদান দিয়া কামটোক এটা আন্দোলনৰ ৰূপ দিব লাগিব।' 
 
এই প্রসংগতে মুখ্যমন্ত্ৰী শর্মাই জি এম চি হাস্পতালত মগজুৰ মৃত্যু হোৱা এজন লোকৰ দান দিয়া দুয়োটা বৃক্কৰ জৰিয়তে উজানবজাৰৰ অমৰ বাছফৰ (৩৮) আৰু কামপুৰৰ পল্লৱজ্যোতি দাস (২১) নামৰ দুজন ৰোগীৰ জীৱন ৰক্ষা কৰাৰ প্ৰসংগ উল্লেখ কৰে। জি এম চি হাস্পতালত প্রথমবাৰৰ বাবে এনেদৰে বৃক্ক সংৰোপণ সফল হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শর্মাই কয় যে এম এম চি হাস্পতাল সম্পূর্ণ হৈ উঠিলে যকৃৎ (লিভাৰ) সংৰোপণৰো চেষ্টা চলোৱা - হ'ব। 
 
নিঃসন্তান দম্পতীক আই ভি এফৰ জৰিয়তে সন্তান উপহাৰ দিয়াৰ দিশতো জি এম চি হাস্পতালৰ কেন্দ্ৰটোৱে সফলতা অর্জন কৰা বুলি স্বাস্থ্য বিভাগৰো দায়িত্ব লোৱা মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে। তেওঁ কয়, 'এই পর্যন্ত ৩৬টা এমব্রিঅ' মাতৃগৰ্ভত সংস্থাপন কৰা হৈছে, আঠগৰাকী গৰ্ভৱতী হৈছে আৰু এগৰাকীয়ে সন্তান জন্ম দিব পাৰিছে। বেচৰকাৰী হাস্পতালত ইয়াৰ বাবে বহু ধনৰ প্রয়োজন হয় যদিও জি এম চি হাস্পতালত ৭৫ হেজাৰ টকাৰ পৰা এক লাখ টকা ব্যয় হয়।' 
 
হাস্পতালখনত বোনমেৰু সংস্থাপন ২৮টালৈ বৃদ্ধি পোৱা বুলিও তেওঁ সদৰি কৰে। চিটিস্কেন মেচিন, এম আৰ আই মেচিন, চিকিৎসক নোহোৱা আদি সমস্যাবোৰ দূৰ কৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় কেইখনক শক্তিশালী আৰু আত্মনিৰ্ভৰ কৰাৰো পোষকতা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
 
গাঁৱে-ভূঞে স্থাপন কৰা বিভিন্ন হাস্পতালবোৰক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰি তেওঁ কয় যে পাবত গজা হাস্পতাল বহুত হ'ল। এনে হাস্পতালত এতিয়া আৰু আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসাৰ সুবিধা প্ৰদান কৰা নহয়। ছুপাৰ স্পেচিয়েলিটী হাস্পতাল হ'লেহে সেই সুবিধা আগবঢ়োৱা হ'ব বুলিও কয় ডঃ শর্মাই।