নিপাহ ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত ২ জন লোকৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
কেৰালাৰ কোঝিকোড জিলাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই আজি  প্ৰকাশ কৰিছে। 
 
ব্যক্তিগত চিকিৎসালয়ৰ পৰা দুজন লোকৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত কালি সমগ্ৰ জিলাতে  স্বাস্থ্য সতৰ্কবাণী জাৰি কৰা হৈছিল। এই  সতৰ্কবাণী জাৰি কৰাৰ কেইঘণ্টামানৰ পাছতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই  কথা প্ৰকাশ কৰিছে। 
 
স্বাস্থ্যমন্ত্ৰী মাণ্ডৱিয়াই কয় যে পৰিস্থিতিৰ বুজ ল’বলৈ আৰু নিপাহ ভাইৰাছ ব্যৱস্থাপনাত ৰাজ্য চৰকাৰক সহায় কৰিবলৈ কেৰালালৈ এটা কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হৈছে। 
 
সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি ৩০ আগষ্টত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমজন ব্যক্তিৰ মৃত্যু আৰু সোমবাৰে দ্বিতীয়জন ব্যক্তিৰ মৃত্যু হৈছে। 
 
কেৰালা চৰকাৰে কোজিকোডত এটা কন্ট্ৰল ৰুম স্থাপন কৰি সতৰ্কতামূলক ব্যৱস্থা হিচাপে মাস্ক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। 
 
ইয়াৰপূর্বে কেৰেলাৰ মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নে মানুহক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামর্শ দি ভুক্তভোগীৰ সৈতে ঘনিষ্ঠ সংস্পর্শত থকা সকলক চিকিৎসাধীন হৈ থকাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই বুলিও মন্তব্য কৰিছে৷ 
 
মুখ্যমন্ত্রী গৰাকীয়ে কয় যে, "দুয়োজন ব্যক্তিৰ সংস্পৰ্শত থকাসকলৰ সন্ধান কৰি চিকিৎসা কৰা হৈছে। সাৱধান হোৱাটোৱেই পৰিস্থিতি মোকাবিলা কৰাৰ মূল চাবিকাঠি। স্বাস্থ্য বিভাগে প্ৰস্তুত কৰা কাৰ্য্য পৰিকল্পনাত সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।"  
 
২০১৮ চনত কোজিকোড আৰু মালাপ্পুৰম জিলাত নিপাহ ভাইৰাছৰ সংক্ৰমণ হোৱাৰ লগতে পিছলৈ ২০২১ চনত কোজিকোডত নিপাহ ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে।
 
বিশ্ব স্বাস্থ্য সংস্থা বা ডব্লিউ এইচ অ’ৰ তথ্য অনুসৰি  বাদুলিয়ে খোৱা ফলৰ দ্বাৰা নিপাহ ভাইৰাছ  বিয়পিছে আৰু ই মানুহৰ লগতে জীৱ-জন্তুৰ বাবেও মাৰাত্মক হোৱাৰ সম্ভাৱনা আছে। শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ, জ্বৰ, মূৰ ঘূৰোৱা, বমি হোৱা আদিও দেখা যায়।