মৃত্যুৰ পিছত অংগদান কৰিবলৈ আগবাঢ়ি আহিছে ছৌদি আৰৱৰ ৫ লাখ লোক

Story by  atv | Posted by  [email protected] • 1 Months ago
ছৌদি আৰৱ ৰিয়াদত অৱস্থিত অৰ্গান ট্ৰান্সপ্লাণ্টেচন চেণ্টাৰৰ বিষয়ববীয়াসকল
ছৌদি আৰৱ ৰিয়াদত অৱস্থিত অৰ্গান ট্ৰান্সপ্লাণ্টেচন চেণ্টাৰৰ বিষয়ববীয়াসকল
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
ধৰ্মীয় বিশ্বাস আৰু সামাজিক কাৰণৰ বাবে মুছলমান সমাজত শৰীৰ আৰু অংগদান সম্পৰ্কে সাধাৰণতে সজাগতা যথেষ্ট কম হোৱা দেখা যায়। সময়ৰ লগে লগে নতুন প্ৰজন্মৰ এচামে শৰীৰ আৰু অংগদানৰ বাবে আগবাঢ়ে আহিছে যদিও সামাজিক বাধা আৰু ধৰ্মীয় নীতি-নিয়মৰ সন্মুখত তেওঁলোক থমকি ৰ'বলগীয়া হয়। এনে এক সময়তে ছৌদি আৰৱৰ দৰে এখন ইছলামিক ৰাষ্ট্ৰই অংগদানৰ দিশত আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে।
 
ছৌদি অৰ্গান ট্ৰান্সপ্লাণ্টেচন চেণ্টাৰে (Saudi Organ Transplantation Centre) ঘোষণা কৰিছে যে ছৌদি আৰবত প্ৰায় ৫ লাখ ৩৩ হাজাৰ লোকে মৃত্যুৰ পিছত অংগ দান কৰাৰ প্ৰতিশ্ৰুতি দিছে। মৃত্যুৰ পিছত অংগদান কৰিব বিচৰা লোকৰ সংখ্যা সৰ্বাধিক ৰিয়াদত আছে। এই চহৰখনৰ ১ লাখ ৪২ হাজাৰ আৰু মক্কাৰ ১ লাখ ১৫ হাজাৰ লোকে মৃত্যুৰ পিছত অংগদান কৰিবলৈ চুক্তিবদ্ধ হৈছে। একেদৰে, ইষ্টাৰ্ণ প্ৰভিন্সৰ ৬৫ হাজাৰ আৰু নাজৰানৰ ১৫০০ লোকে (সৰ্বনিম্ন) আনৰ জীৱন ৰক্ষা কৰাৰ লক্ষ্যৰে মৃত্যুৰ পিছত অংগদান কৰিবলৈ প্ৰস্তুত হৈছে।
 
তেওঁলোকৰ উদ্দেশ্য হৈছে আন ৰোগীৰ জীৱন ৰক্ষা কৰা অথবা তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা দূৰ কৰা, আৰু তেওঁলোকক নতুন জীৱনৰ সুযোগ প্ৰদান কৰা।
 
জুবলী ফাউণ্ডেচনে অংগদানকলৈ অনুষ্ঠিত কৰা এখন সজাগতামূলক সভাৰ দৃশ্য
 
ছৌদি চেণ্টাৰ ফৰ অৰ্গান ট্ৰান্সপ্লাণ্টেচনৰ ডাঃ তালাল আল-গৌফীয়ে আল আৰবিয়া (Al Arabiya)ৰ আগত প্ৰকাশ কৰিছে যে আত্মীয়ৰ মৃত্যুৰ পিছত বহুতো পৰিয়ালে অংগদান কৰিবলৈ নাকচ কৰাৰ সম্ভাৱনা নথকা নহয়। কিন্তু ইমানসংখ্যক লোকে অংগদানৰ বাবে আগবাঢ়ি অহাটোৱে এই কথাকে প্ৰমাণ কৰিছে যে মুছলমান সমাজে ক্ৰমান্বয়ে অংগদানক আঁকোৱালি লৈছে আৰু তেওঁলোকৰ মাজত অংগদানক লৈ সচেতনতাৰ সৃষ্টি হৈছে।
 
ছৌদি আৰবত এই অংগদান অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা মৃত লোকৰ পৰা ৬,০০০ৰো অধিক অংগ আনৰ শৰীৰৰত সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে।
 
২০২৩ চনত ছৌদি অৰ্গান ট্ৰান্সপ্লাণ্টেচন কেন্দ্ৰটোৱে জীৱিত দাতাৰ পৰা ১,৬৬২ টাতকৈও অধিক অংগ সফলতাৰে সংস্থাপন কৰিছে। একেদৰে, জীৱিত আৰু মৃত উভয় দাতাৰ পৰা ২০৩৭ জনতকৈ অধিক ৰোগীৰ শৰীৰত অংগ সংস্থাপন কৰা হৈছে। ইয়াৰে বহুতে বৈজ্ঞানিক গৱেষণাৰ বাবেও অংগ দান কৰিছে।
 
হস্পিতালত অংগদান কৰি মৃত্যু হোৱা এগৰাকী ব্যক্তিক শ্ৰদ্ধা জ্ঞাপন কৰিছে হস্পিতাল কৰ্তৃপক্ষই
 
উল্লেখ্য যে, অসমৰ মুছলমান সমাজৰ মাজতো শৰীৰ আৰু অংগদানক লৈ সজাগতাৰ সৃষ্টি হোৱা দেখা গৈছে। গুৱাহাটীৰ হাতীগাঁৱৰ দৰগাহ ৰোডৰ বাসিন্দা মুছফিকা চুলতানাৰ মৃতদেহ যোৱা বছৰ মেডিকেল বিজ্ঞান অধ্যয়ন আৰু গৱেষণাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চমুকৈ জি এম চি এইচক গতাই দিয়া হৈছিল। ইতিমধ্যে তেওঁৰ দুটা চকু শ্ৰীশংকৰদেৱ নেত্ৰালয়লৈ দান কৰা হৈছে।
 
২০২৩ চনৰ ৮ ছেপ্টেম্বৰৰ নিশা নিজ বাসগৃহত মুছফিকা চুলতানাৰ মৃত্যু হয়। মুছফিকা চুলতানাৰ পূৰ্বে তেওঁৰ প্ৰয়াত স্বামী আফতাবুদ্দিন আহমেদেও ২০১১ চনত একে উদ্দেশ্যে জি এম চি এইচক নিজৰ মৃতদেহ দান কৰি মহানতাৰ পৰিচয় দিছিল।  দেহদানৰ লগতে আফতাবুদ্দিনেও মৰণোত্তৰভাৱে শ্ৰীশংকৰদেৱ নেত্ৰালয়ত তেওঁৰ নেত্ৰদান কৰিছিল।
 
অসমত অংগ আৰু শৰীৰ দান আন্দোলন আৰম্ভ কৰা ইলোৰা বিজ্ঞান মঞ্চ (ইভিএম) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে জনোৱা মতে, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত শৈক্ষিক আৰু গৱেষণাৰ উদ্দেশ্যে নিজৰ শৰীৰ দান কৰা মুছফিকা চুলতানা আৰু তেওঁৰ স্বামী আফতাবুদ্দিন দেশৰ ভিতৰতে প্ৰথম মুছলমান দম্পতী হিচাপে পৰিগণিত হৈছে।
 
প্ৰয়াত মুছফিকা চুলতানা আৰু আফতাবুদ্দিন আহমেদ
 
ইলোৰা বিজ্ঞান মঞ্চৰ মুখপাত্ৰ ইছফাকুৰ ৰহমানে 'আৱাজ-দ্য ভইচ'ক জনোৱা মতে, মুছলমানসকলৰ ধৰ্মীয় বিশ্বাস আৰু আগ্ৰহৰ অভাৱৰ বাবে যোৱা কিছু বছৰত মুছলমানসকলৰ মাজত শৰীৰ আৰু অংগদানৰ বিষয়ে সজাগতা অতি কম আছিল। এনে অৱস্থাত প্ৰয়াত মুছফিকা চুলতানা আৰু আফতাবুদ্দিন আহমেদে চিকিৎসা বিজ্ঞান অধ্যয়ন আৰু গৱেষণাৰ উদ্দেশ্যে মৃতদেহ দান কৰি মুছলমানসকলৰ বাবে এক আদৰ্শ দাঙি ধৰিছে।
 
উল্লেখ্য যে, অসমৰ মুছলমানসকলৰ মাজত দেহ আৰু অংগদান সম্পৰ্কে সজাগতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইলোৰা বিজ্ঞান মঞ্চ(ইভিএম)ই এই কথা জানিবলৈ দিছে যে যদিও মুছলমান জনসংখ্যাৰ এক বৃহৎ অংশই এতিয়াও এনে মহান কামৰ প্ৰতি অনীহা প্ৰকাশ কৰে, তথাপি ভালেসংখ্যক শিক্ষিত আৰু উদাৰবাদী মুছলমানে মৃত্যুৰ পিছত তেওঁলোকৰ শৰীৰ আৰু অংগদান কৰিবলৈ আগবাঢ়ি আহিছে। তাৰে এক উদাহৰণ হ'ল আফতাবুদ্দিন আহমেদ আৰু মুছফিকা চুলতানা দম্পতী।
 
ইছফাকুৰ ৰহমানে কয় যে ৰেকৰ্ড অনুসৰি তেওঁৰ সংস্থাৰ বেনাৰত থকা প্ৰায় ২০০জন ব্যক্তিয়ে শৈক্ষিক আৰু গৱেষণাৰ উদ্দেশ্যে এই পৰ্যন্ত নিজৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় তথা ৰাজ্যৰ অন্যান্য চিকিৎসা মহাবিদ্যালয়সমূহত দান কৰিছে। দাতাসকলৰ ভিতৰত আছিল ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাক্তন বিধায়ক নিজামুদ্দিন খানো আছে।