বেংগালুৰুত আঠ মহীয়া কেঁচুৱাৰ দেহত এইচ এম পি ভি ভাইৰাছ উপস্থিতি

Story by  atv | Posted by  Munni Begum • 9 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
বেংগালুৰুত এটি আঠ মহীয়া কেঁচুৱাৰ দেহত এইচ এম পি ভি ভাইৰাছ ধৰা পৰে। মহানগৰীখনত এই ভাইৰাছত আক্ৰান্ত এইটোৱে হৈছে  প্ৰথমটো ঘটনা। মহানগৰীৰ উত্তৰ প্ৰান্তৰ জনপ্ৰিয় বেপ্টিষ্ট হাস্পতালত এই ঘটনা ধৰা পৰিছে। 
 
ৰাজ্যৰ স্বাস্থ্য বিভাগে অৱশ্যে স্পষ্ট কৰি দিয়ে যে, তেওঁলোকে নমুনাটো তেওঁলোকৰ পৰীক্ষাগাৰত পৰীক্ষা কৰা নাছিল৷ স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, "এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা এই প্ৰতিবেদন আহিছে আৰু ব্যক্তিগত চিকিৎসালয়খনৰ পৰীক্ষাৰ ওপৰত আমাৰ সন্দেহ কৰাৰ কোনো কাৰণ নাই।" 
 
সাধাৰণতে ১১ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এইচ এম পি ভি বা হিউমেন মেটানিউমোভাইৰাছ ধৰা পৰে আৰু সকলো ফ্লুৰ নমুনাৰ প্ৰায় ০.৭ শতাংশ এইচ এম পি ভি হয়। সূত্ৰটোৱে লগতে কয় যে, "আমি এতিয়াও নাজানো যে এইটো কি ভাইৰাছৰ প্ৰকাৰণ। কাৰণ চীনত ধৰা পৰা ভাইৰাছৰ  প্ৰকাৰণ কি সেই সম্পৰ্কে আমাৰ হাতত কোনো তথ্য নাই।"
 
চীনে দেশত এইচএমপিভিৰ প্ৰাদুৰ্ভাৱৰ সন্দৰ্ভত সকীয়াই দিয়াৰ পিছতে শনিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে এক বিবৃতি-সহ-পৰামৰ্শদাতা প্ৰকাশ কৰিছে। শনিবাৰৰ চৰকাৰী বিবৃতিত কোৱা হৈছে যে, “কৰ্ণাটক ৰাজ্যত এইচএমপিভিৰ কোনো ৰোগীৰ তথ্য পোৱা নাই”, তেনে ক্ষেত্ৰত এই আঠ মহীয়া শিশুটিয়ে হৈছে ৰাজ্যখনৰ ভিতৰতে প্ৰথম এনে ৰোগী।  
 
এই বিবৃতিটোত স্বাস্থ্য বিভাগে উল্লেখ কৰিছে যে, কৰ্ণাটকৰ ভিতৰত প্ৰচলিত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ তথ্য বিশ্লেষণ কৰাৰ পিছত ২০২৪ চনৰ ডিচেম্বৰ মাহত পূৰ্বৰ বছৰৰ তুলনাত আক্ৰান্তৰ সংখ্যা বিশেষভাৱে বৃদ্ধি হোৱা নাই। ভাৰত চৰকাৰৰ তথ্য অনুসৰি ভাৰতত পূৰ্বতে এইচ এম পি ভি আক্ৰান্তৰ তথ্য পোৱা গৈছে।
 
কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে শনিবাৰে কয় যে, ৰাজ্যখনে পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে আৰু ৰাজ্যখনক ৰোগীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু কৰি আছে, যদিহে এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ঘটে।