স্বাগত হাস্পতালত প্ৰষ্টেট কৰ্কট ৰোগীৰ ৰবটিক অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

Story by  atv | Posted by  [email protected] • 7 d ago
স্বাগত হাস্পতালত প্ৰষ্টেট কৰ্কট ৰোগীৰ ৰবটিক অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন
স্বাগত হাস্পতালত প্ৰষ্টেট কৰ্কট ৰোগীৰ ৰবটিক অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন
 
গুৱাহাটী
 
অসমৰ স্বাস্থ্য খণ্ডত লিপিবদ্ধ হ'ল এক নতুন সাফল্য। গুৱাহাটীৰ স্বাগত ছুপাৰস্পেচিয়েলিটি হাস্পতালত সফলতাৰে সম্পন্ন হৈ গ’ল কৰ্কট ৰোগীৰ ৰবটিক অস্ত্ৰোপচাৰ।
 
ইয়াৰ লগে লগে ৰবটিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত হাস্পতালখনে এক নতুন সাফল্যৰ মাইলৰ খুঁটিত উপনীত হ’বলৈ সক্ষম হয়। হাস্পতালখনৰ এনে সফাল্যই উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীসকলৰ বাবে এক আশাৰ বাৰ্তা বহন কৰিছে।
 
ৰবটিক অস্ত্ৰোপচাৰৰ এনে সাফল্যৰ বাবেই এতিয়া কৰ্কট ৰোগৰ হটস্পতলৈ পৰিণত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা উন্নত অস্ত্ৰোপচাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি আশা কৰা হৈছে।
 
মন কৰিবলগীয়া যে, ৰবটিক অস্ত্ৰোপচাৰ ইউৰোলজিকেল প্ৰক্ৰিয়াৰ বাবে বিশেষকৈ প্ৰষ্টেক্টোমী বিশ্বব্যাপী এক সুপ্ৰতিষ্ঠিত প্ৰক্ৰিয়া। কিন্তু উত্তৰ পূৰ্বাঞ্চলত ৰবটিক প্ৰযুক্তি নথকাৰ বাবে এই অঞ্চলৰ কৰ্কট ৰোগীসকলে ইয়াৰ সুবিধা লাভ কৰিব পৰা নাছিল।
 
'গ্লোবোকেন-২০২০' ৰ তথ্য অনুসৰি পুৰুষৰ মাজত সচৰাচৰ দেখা দিয়া কৰ্কট ৰোগৰ ভিতৰত হোৱা দ্বিতীয় সৰ্বাধিক হৈছে প্ৰষ্টেট কৰ্কট। মিজোৰাম, নাগালেণ্ড, মণিপুৰৰ লগতে অসমৰ দৰে ৰাজ্যত বিশেষকৈ গুৱাহাটীত এই প্ৰষ্টেট কৰ্কট ৰোগীৰ সংখ্যা অধিক।
 
এনে পৰিস্থিতিত স্বাগত হাস্পতালত এই ৰোগৰ সফলতাৰে ৰবটিত অস্ত্ৰোপচাৰ সম্পন্ন হোৱাত এতিয়া ৰোগীৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এক নতুন যুগৰ আৰম্ভ হোৱা বুলি উল্লেখ কৰিছে হাস্পতাল কৰ্তৃপক্ষই। পূৰ্বে এই ৰোগৰ অস্ত্ৰোপচাৰ পৰম্পৰাগত পদ্ধতি বা লেপৰোস্কোপিৰ দ্বাৰা সম্পন্ন কৰাতো জটিল আৰু প্ৰায় অসম্ভৱ আছিল।
 
স্বাগত হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে ৮ ছেপ্টেম্বৰ, ২০২৪ ত প্ৰথমটো ৰবটিক প্ৰষ্টেক্টোমী সফলতাৰে সম্পন্ন কৰিছে। ৭৭ বছৰীয়া এগৰাকী প্ৰষ্টেট কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ দেহত সম্পন্ন হোৱা এই ৰবটিক অস্ত্ৰোপচাৰ অত্যন্ত জটিল আছিল।
 
অতি সংকটজনক এই ৰোগীগৰাকীৰ হৃদযন্ত্ৰও আছিল যথেষ্ট দুৰ্বল। তাৰ পাছতো ডাঃ সুভাষ খান্নাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে সকলো প্ৰত্যাহ্বান নেওচি এই ৰবটিক অস্ত্ৰোপচাৰ সম্পন্ন কৰে। প্ৰায় ৮ ঘণ্টা ধৰি চলা এই ৰবটিক অস্ত্ৰোপচাৰ আছিল সম্পূৰ্ণ নিখুঁট।
 
এই চিকিৎসকৰ দলটোত আছিল ইউৰোলজিৰ শল্য চিকিৎসক ডাঃ মহেশ আহেৰ, ডাঃ সুৰজিৎ নাৰায়ণ, ডাঃ হীৰালাল অধিকাৰী, ডাঃ সুপ্ৰিয়া চৌধুৰীৰ লগতে ডাঃ কনিনিকা দাসৰ নেতৃত্বত এটা এনাষ্টেচিঅ'লজিষ্টৰ দল, প্ৰশিক্ষিত অ'টি নাৰ্চ আৰু টেকনিচিয়ান। এইসকল চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ প্ৰচেষ্টাত সফলতাৰে সম্পন্ন হোৱা অস্ত্ৰোপচাৰৰ পাছত এতিয়ালৈকে ৰোগীগৰাকী সম্পূৰ্ণ সুস্থ হৈ আছে।
 
এই গুৰুতবপূৰ্ণ সফলতাই স্বাগত হাস্পতালক পূৰ্বৰ ৰবটিক বৃক্ক অস্ত্ৰোপচাৰৰ পিছত ৰবটিক প্ৰষ্টেট আৰু অন্যান্য জি আই অস্ত্ৰোপচাৰ আৰম্ভ হোৱাতো নিশ্চিত হৈছে। পূৰ্বে পৰম্পৰাগত অস্ত্ৰোপচাৰৰ কৌশলৰ পৰিসৰৰ বাহিৰত থকা বিভিন্ন ইউৰোলজিকেল জটিল আৰু অসম্ভৱ অস্ত্ৰোপচাৰ বোৰ এতিয়া স্বাগত ছুপাৰস্পেচিয়েলিটি হাস্পতালে উন্নত ৰবটিক অস্ত্ৰোপচাৰ মাধ্যমেৰে আগবঢ়োৱাৰ বাবে সাজু হৈছে।
 
এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে স্বাগত ছুপাৰস্পেচিয়েলিটি হাস্পাতাল কৰ্তৃপক্ষই জনাইছে যে, তেওঁলোকৰ তাত এনে ৰবটিক অস্ত্ৰোপচাৰৰ অত্যাধুনিক সুবিধা উপলব্ধ হোৱাৰ বাবে  উত্তৰ-পূব আৰু দেশৰ বাকী অংশৰ ৰোগীসকলে এতিয়া গুৱাহাটীতেই বিশ্বমানৰ ৰবটিক অস্ত্ৰোপচাৰ সেৱা লাভ কৰিব পাৰিব।