GMCH ৰ নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয়খনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই

Story by  atv | Posted by  [email protected] • 2 Months ago
নিৰ্মীয়মান চিকিৎসালয়ৰ বুজ লোৱা মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিৰ্মীয়মান চিকিৎসালয়ৰ বুজ লোৱা মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ নির্মীয়মান মাতৃ আৰু শিশু চিকিৎসালয় কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। প্রায় ৩৭৫ কোটি টকা ব্যয় সাপেক্ষে নির্মীয়মান আঠমহলীয়া এই ভৱনটোৰ বেচমেণ্ট আৰু ভূমি মহলাক বাদ দি মুঠ নির্মাণ পৰিসৰ ৫৬,৮৪০ বর্গ মিটাৰ।
 
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মাতৃ আৰু শিশু চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ পিছত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত খালী থকা অধ্যাপকৰ পদ পূৰণ, কৰ্মচাৰী নিযুক্তি, ইয়াৰ সামৰ্থ সম্প্ৰসাৰণকে ধৰি চিকিৎসালয়খনৰ সৈতে জড়িত আনুষংগিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
 
নিৰ্মীয়মান চিকিৎসালয়ৰ বুজ লোৱা মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
ইয়াৰ পাছতে সাংবাদিকসকলৰ লগত হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী শর্মাই কয় যে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ নিৰ্মাণৰত ভৱনটোৰ প্ৰথম পৰ্যায়ত আৰম্ভ কৰিবলগীয়া মাতৃ আৰু শিশু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লওঁ। তেওঁ লগতে কয় যে দীর্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে অহা প্রসূতি আৰু শিশুৰ বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি প্রসূতি মাতৃ আৰু শিশু চিকিৎসালয় এখনৰ যথেষ্ট প্রয়োজন আছিল বুলিও মুখ্যমন্ত্রীয়ে কয়। এইমাতৃ আৰু শিশু চিকিৎসালয়খন কার্যক্ষম হৈ উঠিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে ব্যাপক হাৰত প্ৰসূতি মাতৃ আৰু শিশু ৰোগীসকলৰ চিকিৎসা প্রদানত সক্ষম হ'ব বুলি মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে মাতৃ আৰু শিশু হাস্পতালৰ নিৰ্মাণ কার্য ইতিমধ্যে ৭০ শতাংশ সম্পূর্ণ হৈছে আৰু বাকী ৩০ শতাংশ ২০২৫ বৰ্ষৰ এপ্রিল মাহত সম্পূর্ণ হৈ উঠাৰ আশা কৰা হৈছে।
 
মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ কৰ্কটৰোগ প্ৰতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কার্ডিঅ'থ'ৰেচিক আৰু নিউৰ'ছায়েন্স কেন্দ্রই আধুনিক স্বাস্থ্যসেৱাসমূহ সকলোৰে বাবে সুলভ কৰি তোলাত অপৰিসীম অৰিহণা যোগাই আহিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰস্পেচিয়েলিটিকে ধৰি বিভিন্ন বিভাগসমূহে নিজৰ নিজৰ ভৱন লাভ কৰাৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মূল ভৱনত মাত্র তিনিটা বিভাগ থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত চিকিৎসা মহাবিদ্যালয়খনৰ মূল ভৱনটোত ৰোগীৰ সমাগম হ্রাস পোৱাৰ লগতে ৰোগী আৰু দৰ্শনাৰ্থীসকলৰ মাজত সংক্ৰমণৰ ভয় নাথাকিব।
 
মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত খালী হৈ থকা অধ্যাপকৰ পদসমূহ পূৰণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিবলৈ স্বাস্থ্য বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক চিকিৎসা মহাবিদ্যালয়ৰ প্রয়োজনীয় দৈনন্দিন বিদ্যুৎ পৰম্পৰাগত বিদ্যুত যোগানৰ সলনি সৌৰ উৎপাদিত বিদ্যুতলৈ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়ে।
 
আজিৰ এই পৰিদৰ্শনৰ সময়ছোৱাত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ড° সিদ্ধার্থ সিং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ অচ্যুৎ চন্দ্র বৈশ্য প্রমূখ্যে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।