মমতা বেনাৰ্জীৰ সৈতে হোৱা সংঘাতৰ মাজতে প্ৰতিবাদকাৰী চিকিৎসকে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে পত্ৰ

Story by  atv | Posted by  [email protected] • 5 d ago
প্ৰতিবাদকাৰী চিকিৎসক
প্ৰতিবাদকাৰী চিকিৎসক
 
নতুন দিল্লী
 
যোৱা ৯ আগষ্টত কলকাতাৰ এখন চিকিৎসালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসসকলে। পশ্চিম বংগৰ চিকিৎসসকলে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি এই গুৰুতৰ সমস্যা সমাধানত সহায় কৰিবলৈ অনুৰোধ জনাইছে।
 
চিঠিখনত চিকিৎসকসকলে সহকৰ্মীজনৰ ন্যায় আৰু অন্য চিকিৎসকৰ কাম কৰাৰ সময়ত নিৰাপত্তাৰ বাবে অনুৰোধ জনাইছে। তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰাৰ পিছৰে পৰা বৃদ্ধি পোৱা ভাবুকি আৰু হিংসাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে আৰু ইয়াৰ সমাধান বিচাৰিবলৈ ৰাষ্ট্ৰপতিৰ সমৰ্থন বিচাৰিছিল।
 
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চিকিৎসকসকলক আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল যদিও চিকিৎসকসকলে সভাখন পোনপটীয়াকৈ সম্প্ৰচাৰ হোৱাটো বিচৰাৰ বাবে উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছিল, যিটো নহ’ল। দুঘণ্টা অপেক্ষা কৰাৰ পিছত বেনাৰ্জীয়ে কয় যে যদিহে এইবোৰ কাৰ্যই পৰিস্থিতি সমাধানত সহায় কৰে তেন্তে তেওঁ পদত্যাগ কৰিবলৈ সাজু।
 
পশ্চিম বংগত বিভিন্ন ধৰণে প্ৰতিবাদ অব্যাহত আছে, আৰু চিকিৎসকসকলে স্বাস্থ্যসেৱা কৰ্মীসকলক সুৰক্ষা প্ৰদান আৰু ভুক্তভোগীৰ ন্যায় প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় নেতাসকলৰ হস্তক্ষেপৰ আশা কৰিছে।