দেশত নিষিদ্ধ ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ

Story by  atv | Posted by  [email protected] • 21 d ago
দেশত নিষিদ্ধ ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ
দেশত নিষিদ্ধ ১৫৬ বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ
 
নতুন দিল্লী
 
কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছে ১৫৬বিধ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ। জন স্বাস্থ্যৰ প্ৰতি ভাবুকি অনাৰ বাবে এই সমূহ ঔষধৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছে। জ্বৰ, চর্দি-কাহ, বিষ, এলার্জি আদিত বহুলভাৱে ব্যৱহৃত এই ঔষধৰ উৎপাদন তথা মজুতকৰণতো কেন্দ্রীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰে।
 
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৬ চনত গঠন কৰা বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি এই ব্যৱস্থা গ্রহণ কৰা হৈছে। বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুযায়ী ইয়াৰ পূৰ্বে ১৪ বিধ ফিক্সড ডজ কম্বিনেচন ঔষধত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
 
নিষিদ্ধ কৰা ঔষধৰ তালিকাত আছে ছেট্রিজিন, এইচ চি এল পেৰাচিটামল, ফেনিলেফ্রি, প্রপোনোলামাইন আদি। একেদৰে লেভচেট্ৰিজিন আৰু ফেনিলেফ্ৰিন হাইড্ৰক্লৰিক এচিডৰ মিশ্ৰণ, পেৰাচিটামল আৰু ক্লৰ’ফেনিৰামাইন মেলেট আৰু ফেনলপ্ৰপান’লোমাইনৰ মিশ্রণ আৰু কেমিল’ফিন ডিহাইড্ৰক্ল’ৰাইড ২৫ মিলিগ্ৰাম আৰু পেৰাচিটামল ৩০০ মিলিগ্ৰামৰ মিশ্ৰণৰ ঔষধত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
 
পেৰাচিটামল ট্ৰামাডল, ট’ৰিণ আৰু কেফেইনৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা পেইন কিলাৰ ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ জনসাধাৰণৰ স্বাস্থ্যৰ হিতৰ বাবে ক্ষতিকাৰক ঔষধ প্ৰস্তুত, বিক্ৰীত বাধা আৰোপ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে জাননীযোগে প্ৰকাশ কৰিছে।