মাংকিপ'ক্সৰ ভেকচিন নিশ্চিত কৰাৰ বাবে জৰুৰীকালীন নিবিদা জাৰি ইউনিচেফৰ

Story by  atv | Posted by  Munni Begum • 15 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
ৰাষ্ট্ৰসংঘৰ শিশু পুঁজিয়ে (ইউনিচেফ) গাভি ভেকচিন মিত্ৰজোঁট, আফ্ৰিকা চিডিচি আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত সংকটগ্ৰস্ত দেশসমূহৰ বাবে মাংকিপ'ক্স ভেকচিন নিশ্চিত কৰাৰ বাবে জৰুৰীকালীন নিবিদা জাৰি কৰিছে বুলি সংগঠনকেইটাই শনিবাৰে এক যৌথ বিবৃতিত প্ৰকাশ কৰিছে।
 
বিবৃতিটোত উল্লেখ কৰা হৈছে যে, প্ৰস্তুতকাৰীসকলৰ উৎপাদন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ২০২৫ চনৰ ভিতৰত ১ কোটি ২০ লাখ ড'জ পৰ্যন্ত চুক্তি কৰিব পৰা যাব। এই নিবিদাৰ অধীনত ইউনিচেফে ভেকচিন নিৰ্মাতা কোম্পানীসমূহৰ সৈতে চৰ্তসাপেক্ষ যোগান চুক্তি স্থাপন কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।
 
এবাৰ বিত্তীয়, চাহিদা, প্ৰস্তুতি আৰু নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা নিশ্চিত হ’লে ইউনিচেফে পলম নকৰাকৈ ভেকচিন ক্ৰয় আৰু প্ৰেৰণ কৰিব পাৰিব। এই সহযোগিতাই - য’ত ভেকচিন এলায়েন্স আৰু পেন আমেৰিকান হেল্থ অৰ্গেনাইজেচনৰ লগতে গাভি, আফ্ৰিকা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন আৰু ডব্লিউ এইচ অ'ৰ সৈতে কাম কৰাটোও অন্তৰ্ভুক্ত হ’ব। 
 
বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে, বিশ্ব স্বাস্থ্য সংস্থাই ২৩ আগষ্টত প্ৰস্তুতকাৰীসকলে দাখিল কৰা তথ্য পৰ্যালোচনা কৰি আছে, আৰু ছেপ্টেম্বৰৰ মাজভাগৰ ভিতৰত জৰুৰীকালীন ব্যৱহাৰৰ তালিকাৰ বাবে পৰ্যালোচনা সম্পূৰ্ণ কৰাৰ আশা কৰিছে।
 
সংস্থাটোৱে বাভাৰিয়ান নৰ্ডিক বাভা ডট চি অ' আৰু জাপানৰ কে এম বায়'লজিক্সে নিৰ্মাণ কৰা দুটা ভেকচিনৰ জৰুৰীকালীন অনুজ্ঞাপত্ৰৰ বাবে কৰা আবেদন পৰ্যালোচনা কৰি আছে। ইয়াৰ পূৰ্বে আগষ্ট মাহত ডেম'ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত ভাইৰাছৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ ঘটি চুবুৰীয়া দেশসমূহলৈ বিয়পি পৰাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাই  মাংকিপ'ক্সক বিশ্বজনীন জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।
 
ডব্লিউ এইচ অ'ৰ সঞ্চালক প্ৰধান টেড্ৰ'ছ আধানম গেব্ৰেইছাছে জনোৱা মতে, চলিত বৰ্ষত কংগোত ১৮ হাজাৰতকৈ অধিক সন্দেহযুক্ত লোকৰ মৃত্যু হৈছে আৰু বুৰুণ্ডিত ১৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ছুইডেন আৰু থাইলেণ্ডত কংগো ডেম'ক্ৰেটিক ৰিপাব্লিক আৰু চুবুৰীয়া দেশৰ বাহিৰত ক্লেড আইবি টাইপৰ ভাইৰাছৰ ৰোগী ধৰা পৰিছে।