স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা বিশ্ব স্বাস্থ্য সংস্থাৰ

Story by  atv | Posted by  [email protected] • 4 d ago
স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা বিশ্ব স্বাস্থ্য সংস্থাৰ
স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা বিশ্ব স্বাস্থ্য সংস্থাৰ

নতুন দিল্লী

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানোম গেব্ৰেয়েছছে বুধবাৰে স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উপলক্ষে চৰকাৰৰ প্ৰচেষ্টাৰ শলাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰে।
 
বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীয়ে এই পৰিৱৰ্তনশীল পদক্ষেপৰ জৰিয়তে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য অগ্ৰগতি অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। এই অভিযানে ভাৰতৰ সকলো সমূদায়ক এক স্বচ্ছ আৰু সুস্থ দেশৰ প্ৰসাৰৰ বাবে সংগঠিত কৰে।
 
মৰমেৰে নিজকে "তুলসী ভাই" বুলি পৰিচয় দি ডব্লিউ এইচ অ'ৰ সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰে যে, "স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উদযাপনত আপোনালোকক সহায় কৰিবলৈ পাই মই সন্মানিত হৈছো। এই অভিযানে দেখুৱাইছে যে কিমান শক্তিশালী ৰাজনৈতিক দায়বদ্ধতাই বহনক্ষম উন্নয়নৰ লক্ষ্য (এছ ডি জি)ৰ দিশত পৰিৱৰ্তনশীল পৰিৱৰ্তনক আগুৱাই নিব পাৰে।"
 
তেওঁ আৰু কয় যে ভাৰত চৰকাৰে সম্পদ সংগঠিত কৰি, সম্প্ৰদায়ক জড়িত কৰি আৰু মুকলিত শৌচ নিৰ্মূল আৰু স্বচ্ছতাৰ প্ৰসাৰৰ বাবে আন্দোলন চলাই অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিছে।
তেওঁ লগতে কয় যে এই ধৰণৰ পদক্ষেপে জনস্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰদান কৰে, অনাময় ব্যৱস্থা উন্নত কৰে, আৰু ডায়েৰিয়া আৰু পুষ্টিহীনতাৰ দৰে ৰোগৰ বোজা বহু পৰিমাণে হ্ৰাস কৰি জীৱন ৰক্ষা কৰে। তেওঁ লগতে সমগ্ৰ ভাৰতৰ জনগোষ্ঠীসমূহৰ দীৰ্ঘম্যাদী মংগল আৰু আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত স্বচ্ছ ভাৰতৰ পদক্ষেপৰ অৱদানক স্বীকাৰ কৰে।
 
আয়ুষ্মান ভাৰতৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনিৰ সন্দৰ্ভতো মন্তব্য কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে কয় যে, “আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা আঁচনিৰ সমান্তৰালভাৱে এই পদক্ষেপে ভাৰতৰ বিপুল জনসংখ্যাৰ স্বাস্থ্য আৰু মংগল উন্নত কৰাৰ বাবে আপোনালোকৰ উৎকৃষ্টতাৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰে।”
 
উল্লেখ্য যে, ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে ভাৰতক মুকলি শৌচমুক্ত (ODF) দেশ কৰাৰ লক্ষ্য লৈছিল।