ৰতন টাটাই এৰি থৈ যোৱা কৰ্মৰাজি অবিহনে ভাৰতত কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ কথা চিন্তা কৰাটো ব্যয়বহুল সপোন হ’ব

Story by  atv | Posted by  [email protected] • 1 d ago
উদ্যোগপতি ৰতন টাটা
উদ্যোগপতি ৰতন টাটা
 
আৱাজ দ্য ভইচ ব্যুৰ'
 
১০০ খনতকৈও অধিক দেশৰ ৩০ টাতকৈও অধিক কোম্পানীক নেতৃত্ব দিয়া প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাই কেতিয়াও বিশ্ব বা ভাৰতৰ ঐশ্বৰ্যশালী ব্যক্তিৰ তালিকাত স্থান পোৱা নাছিল। এই শান্ত, সমাহিত আৰু নম্ৰ ব্যৱসায়িক সম্ৰাটগৰাকীক দান-বৰঙণিৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে আমি সকলোৱে স্মৰণ কৰাৰ সময়তে ভাৰতত কৰ্কট ৰোগৰ গৱেষণাৰ ক্ষেত্ৰত ৰতন টাটাৰ কৰ্মৰাজি বিশেষভাৱে প্ৰশংসনীয়।
 
বিশ্বই দানশীলতাৰ গুৰুত্ব স্বীকাৰ কৰাৰ বহু আগতেই ৰতন টাটাই নিৰৱে এই কাম কৰি গৈছিল। ১৯৪১ চনত মুম্বাইত টাটা মেম’ৰিয়েল হস্পিতাল স্থাপনৰ লগে লগে স্বাস্থ্যসেৱাত টাটা গ্ৰুপৰ আগ্ৰাসন আৰম্ভ হয়। এইখন কোনো সাধাৰণ চিকিৎসালয় নাছিল; ই আছিল সকলোৰে বাবে স্বাস্থ্যসেৱাৰ এক আদৰ্শ স্থান।
 
এই প্ৰতিশ্ৰুতিৰে ভাৰতত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক বিপ্লৱৰ ভেটি স্থাপন কৰা হৈছিল, যিটো সেই সময়ত বিশেষ চৰ্চা হোৱা নাছিল। ১৯৬২ চনত স্বাস্থ্য মন্ত্ৰালয়ৰ হাতত চিকিৎসালয়খনৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হয়।
 
টাটা মেম'ৰিয়েল হস্পিতাল
 
টাটাই জানিছিল যে কেন্সাৰৰ চিকিৎসা সকলো নাগৰিকে লাভ কৰিব লাগিব। এই ৰোগৰ চিকিৎসা অত্যন্ত ব্যয়বহুল বাবে সকলোৱে ইয়াৰ সঠিক চিকিৎসা কৰিব নোৱাৰিব বুলি চিন্তা কৰি বহু দশক পূৰ্বেই ৰতন টাটাই কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক বিপ্লৱ আৰম্ভ কৰিছিল। বিনামূলীয়াকৈ বা কম ব্যয়ত চিকিৎসা প্ৰদানৰ বাবে টাটা মেম’ৰিয়েল হাস্পতালে বিশেষ সুনাম অৰ্জন কৰিছিল।
 
এতিয়া বাৰাণসী, মুজাফ্ফৰপুৰ, পঞ্জাৱ, আৰু বিশাখাপট্টনমত কেইবাটাও টাটা মেম'ৰিয়েল চেণ্টাৰ মুকলি হৈছে। কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে সমগ্ৰ দেশতে সুবিধা সৃষ্টিৰ ক্ষেত্ৰত টাটা ট্ৰাষ্টৰ এক বৃহৎ উত্তৰাধিকাৰ আছে। ১৯৯২ চনত ভাৰতত তেওঁলোকৰ দ্বাৰা হাড়ৰ মজ্জা প্ৰতিস্থাপন (bone marrow transplants) আৰম্ভ কৰা হয়।
 
"তাত প্ৰতিদিনে প্ৰায় ১০০০ কৰ্কট ৰোগীক স্বাস্থ্যসেৱা আগবঢ়োৱা হয় আৰু প্ৰায় দুই তৃতীয়াংশৰ বিনামূলীয়া চিকিৎসা কৰা হয়। দেশত কৰ্কট ৰোগৰ চিকিৎসাৰ দিশত টাটা ট্ৰাষ্ট আৰু টাটা পৰিয়ালৰ এয়া এক বৃহৎ অৱদান। তেওঁলোকৰ দানশীল অৱদানক স্বীকাৰ কৰিবই লাগিব।"- এই মন্তব্য দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালৰ মেডিকেল অংক’লজীৰ মুৰব্বী ডাঃ শ্যাম আগৰৱালে।
 
কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু পূব আৰু উত্তৰ-পূব অঞ্চলত উপযুক্ত সা-সুবিধাৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ২০১২ চনত টাটা ট্ৰাষ্টে কলকাতাত টাটা মেডিকেল চেণ্টাৰ আৰম্ভ কৰে।
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যোগপতি ৰতন টাটাক সম্বৰ্ধনা জনোৱা মুহূৰ্তত
 
টাটা ট্ৰাষ্টে সাতখন ৰাজ্যৰ ২০খন চিকিৎসালয়লৈ নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে। এই ৰাজ্যসমূহ হৈছেঃ অন্ধ্ৰপ্ৰদেশ, অসম, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ওড়িশা, আৰু গুজৰাট। ২০১৭ চনত যেতিয়া ৰতন টাটাৰ আবেগ আৰু নিষ্ঠাৰ ফলত টাটা ট্ৰাষ্টে আৰম্ভ কৰিছিল অভিলাষী কেন্সাৰ কেয়াৰ প্ৰগ্ৰেম। এই কাৰ্যসূচীয়ে এটা যুগান্তকাৰী ধাৰণা প্ৰৱৰ্তন কৰিছিল। সেয়া হ'লঃ ডিষ্ট্ৰিবিউটেড কেন্সাৰ কেয়াৰ মডেল।” দেশত কেন্সাৰৰ চিকিৎসালয় অতি সুলভ, সহজলভ্য আৰু উচ্চমানৰ কৰি তোলাটো আছিল ৰতন টাটাৰ সপোন।
 
ৰতন টাটাই জানিছিল যে তেওঁৰ সপোন মুম্বাইৰ বাহিৰলৈও বিস্তৃত হ’ব লাগিব। এই প্ৰকল্পৰ এটা অংশ আছিল অসম আৰু উত্তৰ প্ৰদেশত নতুন কৰ্কট চিকিৎসালয় স্থাপন। ৰাজ্য চৰকাৰসমূহক ৰতন টাটাই সৰু চহৰ আৰু নগৰত কৰ্কট চিকিৎসালয় আৰু চিকিৎসাৰ সুবিধা স্থাপনৰ ক্ষেত্ৰতো  সহায় কৰিছিল।
 
ৰতন টাটা এই পৰিসংখ্যাৰ বিষয়ে অত্যন্ত সচেতন আছিল যে ভাৰতত ৭০%তকৈ অধিক কৰ্কট ৰোগীৰ ৰোগ শেষৰ পৰ্যায়ত ধৰা পৰে। এই জ্ঞানেৰে তেওঁ এটা অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছিল। সেয়া আছিলঃ সেই অনুপাত ৩০:৭০ৰ পৰা ৭০:৩০লৈ ওলোটা কৰা।
 
এই সপোনক সাৰ্থক কৰি তুলিবলৈ ৰতন টাটা আৰু তেওঁৰ দলটোৱে কেন্সাৰ কেয়াৰ চেণ্টাৰ, ডেকেয়াৰৰ সুবিধা, আৰু স্ক্ৰীনিং কিয়স্কৰ এক বিশাল নেটৱৰ্ক গঢ়ি তুলিছিল। আৰ্থিক বাধাই মানুহক প্ৰায়ে চিকিৎসা বিচাৰিবলৈ বাধা দিয়ে বুলি জানি তেওঁ এই সেৱাসমূহ চৰকাৰী বীমা আঁচনিত অন্তৰ্ভুক্ত কৰিছিল, যাৰ ফলত ভাৰতৰ কৰ্কট ৰোগৰ চিকিৎসাই এক নতুন গতি লাভ কৰিছিল।
 
অসমত কৰ্কট চিকিৎসালয় উদ্বোধন কৰা মুহূৰ্তত ৰতন টাটা
 
শেহতীয়াকৈ মুম্বাইৰ টাটা ইনষ্টিটিউটে মাত্ৰ ১০০ টকাৰ টেবলেটৰে কেন্সাৰ ৰোগৰ পুনৰাবৃত্তি ৰোধ কৰিব পৰা এক চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। প্ৰতিষ্ঠানটোৰ গৱেষক আৰু চিকিৎসকে ১০ বছৰ ধৰি গৱেষণাৰ অন্তত এই দাবী কৰিছে। তেওঁলোকে এনে এটা টেবলেট প্ৰস্তুত কৰিছে, যিয়ে কেন্সাৰৰ পুনৰাবৃত্তি ৰোধ কৰিব পাৰে আৰু ৰেডিয়’থেৰাপিৰ দৰে চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া প্ৰায় ৫০% হ্ৰাস কৰিব পাৰে।
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰি কৈছে যে কৰ্কট ৰোগৰ চিকিৎসা আৰু ছেমিকনডাক্টৰ উদ্যোগ প্ৰতিষ্ঠাৰ দৰে পদক্ষেপৰ জৰিয়তে প্ৰখ্যাত উদ্যোগপতিগৰাকীয়ে অসমৰ জনসাধাৰণৰ মাজত যুগান্তকাৰী প্ৰভাৱ পেলাইছিল।
 
ৰাজ্যৰ স্বাস্থ্যসেৱা বৃদ্ধিৰ লক্ষ্যৰে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন স্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতি টাটাৰ দায়বদ্ধতা প্ৰদৰ্শিত হৈছিল।
 
উল্লেখ্য যে, ২০২২ চনৰ IIFL Wealth Hurun India Rich List 2022 অনুসৰি ৰতন টাটাৰ স্থান ৪২১ নম্বৰত আছিল, যাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩,৮০০ কোটি টকা। অৱশ্যে টাটা গ্ৰুপৰ কোম্পানীসমূহে টাটা ছন্স (Tata Sons)ৰ দুই তৃতীয়াংশ অংশীদাৰিত্ব থকা টাটা ট্ৰাষ্টক নিজৰ সম্পত্তি উইল কৰি দিছে।
 
উপলব্ধ তথ্য অনুসৰি টাটা ছন্সৰ পৰা পোৱা লভ্যাংশৰ প্ৰায় ৬০% দাতব্য প্ৰচেষ্টাত আবণ্টন দিয়া হয়। গুৰুগ্ৰামৰ মণিপাল হাস্পতালৰ পৰামৰ্শদাতা তথা মেডিকেল অংক’লজী বিভাগৰ মূৰব্বী (Consultant and HOD Medical Oncology) ডাঃ মোহিত ছাক্সেনাই কয় যে কেন্সাৰ চিকিৎসাৰ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰতন টাটাৰ কৰ্মৰাজিয়ে তেওঁৰ দৃষ্টিভংগী, উদাৰতা আৰু লাখ লাখ লোকৰ জীৱন উন্নত কৰাৰ দায়বদ্ধতাৰ প্ৰমাণ হিচাপে থিয় দিছে।
 
তেওঁ লগতে কয়, “টাটাৰ নেতৃত্বত ট্ৰাষ্টসমূহে ‘কাইছে কা কেন্সাৰ’ (Kaise Ka Cancer) আৰু ‘গান্থ পে ধ্যান’ (Gaanth Pe Dhyaan)ৰ দৰে প্ৰভাৱশালী সজাগতা অভিযান আৰম্ভ কৰিছিল। এই কাৰ্যসূচীৰ বিস্তৃত পদ্ধতিৰ ভিতৰত আছিল সম্প্ৰদায়ভিত্তিক কৰ্কট ৰোগৰ পৰীক্ষা, স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলক প্ৰশিক্ষণ দিয়া, ধঁপাত নিয়ন্ত্ৰণৰ পদক্ষেপ, আৰু উন্নত ৰোগী ব্যৱস্থাপনাৰ বাবে প্ৰযুক্তিৰ সহায় লোৱা।”
 
ৰতন টাটাৰ অনুকৰণীয় যাত্ৰাৰ বিষয়ে বিশ্লেষণ কৰিলে আমি দয়া-মমতা আৰু পৰিৱৰ্তনৰ প্ৰতি এক উৎসৰ্গিত জীৱনৰ প্ৰতিচ্ছবি দেখিবলৈ পাওঁ। ৰতন টাটাৰ কৰ্মৰাজি (Tata legacy) অবিহনে ভাৰতীয়সকলৰ বাবে কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ কথা চিন্তা কৰাটো দূৰৰ কথা হ'ব আৰু অতি ব্যয়বহুল সপোন হ’ব।