নতুন দিল্লী
অহা পাঁচৰ পৰা ছয় মাহৰ ভিতৰত দেশৰ বজাৰত উপলব্ধ হ'ব মহিলাৰ কৰ্কট ৰোগ প্ৰতিষেধক। এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্রী (স্বতন্ত্র) প্রতাপ ৰাও যাদৱে।
নতুন দিল্লীত মংগলবাৰে এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰি লগতে সদৰী কৰে যে, ককট প্রতিৰোধৰ প্রতিষেধকবিধৰ যাৱতীয় গৱেষণা ইতিমধ্যে প্রায় সম্পূর্ণ হৈছে আৰু বর্তমান ইয়াৰ পৰীক্ষা-নিৰীক্ষা চলি আছে। এই প্রতিষেধক ৯ৰ পৰা ১৬ বছৰ বয়সৰ কন্যাসকলে ল'ব পাৰিব।
মন্ত্ৰীগৰাকীয়ে আৰু দাবী কৰা অনুসৰি এইবিধ প্রতিষেধকৰ জৰিয়তে জৰায়ু, স্তন আৰু মুখমণ্ডলৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা যাব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ বিভিন্ন প্রশ্নৰ উত্তৰ দি লগতে সদৰী কৰে যে, দেশত কর্কট ৰোগীৰ সংখ্যা ক্রমশঃ বৃদ্ধি পাইছে। সেয়ে এই বিষয়টোক লৈ কেন্দ্রীয় চৰকাৰ যথেষ্ট উদ্বিগ্ন।
কর্কটবিৰোধী সজাগতাৰ অৰ্থে চৰকাৰে ৩০ বছৰ বয়সৰ ঊর্ধ্বৰ মহিলাক হাস্পতালত স্ক্রীনিং কৰা হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি ৰোগৰ প্ৰাথমিক চিনাক্তকৰণৰ বাবে ডে-কেয়াৰ কেন্সাৰ চেন্টাৰ স্থাপন কৰা হ'ব। চৰকাৰে সেই লক্ষ্য-উদ্দেশ্যৰে ককটৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ শুল্ক ৰেহাই ঘোষণা কৰে চলিত বৰ্ষৰ বাজেটত।
বজাৰলৈ এই ঔষধবিধ আহিলে দেশৰ কোটি কোটি কন্যাসকলৰ বাবে এক ডাঙৰ সকাহ হ'ব বুলি আশা কৰা হৈছে। প্রতিষেধকবিধ অৱশ্যে বিনামূলীয়া হ'ব নে টকা ভৰিব লাগিব সেই কথা সদৰী কৰা নাই চৰকাৰৰ ফালৰ পৰা। কৰ্কট ৰোগৰ আন এবিধ প্রতিষেধক ৰাছিয়াত উদ্ভাৱন কৰা বুলি দাবী কৰিছে আৰু সেইবিধ প্রতিষেধকো সোনকালেই আহিব বুলি চৰকাৰী পক্ষই ঘোষণা কৰিছে।