ছৌদি আৰৱত বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ ৰবটিক হৃদযন্ত্ৰ সংৰোপণ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন

Story by  atv | Posted by  [email protected] • 4 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াদৰ কিং ফৈছাল স্পেচিয়েলিষ্ট হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰে (কে এফ এছ এইচ আৰ চি) বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ ৰবটিক হৃদযন্ত্ৰ সংৰোপণ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰিছে।
 
১২ ছেপ্টেম্বৰ বৃহস্পতিবাৰে শেষ পৰ্যায়ৰ হৃদযন্ত্ৰৰ বিকলতাত আক্ৰান্ত ১৬ বছৰীয়া এজন ৰোগীৰ হৃদযন্ত্ৰ সংৰোপণৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। কেইবা সপ্তাহ ধৰি প্ৰস্তুতিৰ অন্তত কে এফ এছ এইচ আৰ চিৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী তথা ৰবটিক্স কাৰ্যসূচীৰ পৰিচালক ডাঃ ফিৰাছ খালিয়েলে ডেৰ ঘণ্টাৰ অস্ত্ৰোপচাৰ চলায় বুলি ছৌদি প্ৰেছ এজেন্সী (এছ পি এ )য়ে প্ৰকাশ কৰিছে।
 
নিখুঁততা নিশ্চিত কৰিবলৈ আৰু সম্ভাৱ্য বিপদ কম কৰিবলৈ বিশদ তাত্ত্বিক পৰিকল্পনাৰে অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল। এই পদ্ধতিৰ ফলপ্ৰসূতা নিশ্চিত কৰিবলৈ দলটোৱে অস্ত্ৰোপচাৰৰ পূৰ্বে তিনিদিনৰ ভিতৰত প্ৰায় সাতবাৰ অনুশীলন কৰিছিল।

এই সফল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ বিশ্বৰ স্বাস্থ্যসেৱা খণ্ডত যুগান্তকাৰী সাফল্য হিচাপে পৰিগণিত হৈছে। ই পৰম্পৰাগত বুকু-কটা পদ্ধতি (chest-opening procedures)ৰ পৰা বহুদূৰ আগুৱাই গৈছে, য'ত আৰোগ্যৰ বাবে প্ৰায়ে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। এনে পদ্ধতিৰ সৈতে জড়িত বিভিন্ন চিকিৎসা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ছৌদি আৰৱে লাভ কৰা কৃতিত্বই দেশখনৰ উন্নত আন্তঃগাথনি আৰু দক্ষ মানৱ সম্পদক প্ৰতিফলিত কৰি তোলে।

১৯৬০ চনত ঐতিহাসিক প্ৰথম হৃদযন্ত্ৰ সংৰোপণৰ পিছত ইয়াক এক উল্লেখনীয় অগ্ৰগতি হিচাপে প্ৰশংসা কৰে কে এফ এছ এইচ আৰ চি (KFSHRC)ৰ চি ই অ’ ড০ মজিদ আল ফায়াদে। 
 
২০২৩ চনৰ ছেপ্টেম্বৰ মাহত কে এফ এছ এইচ আৰ চি (KFSHRC)য়ে নন-এলক’হলিক ফেটি লিভাৰ (এন এ এছ এইচ) আৰু হেপাটোচেলুলাৰ কাৰ্চিনোমা (এইচ চি চি) ৰোগত আক্ৰান্ত ছৌদি আৰৱৰ এজন ৬৬ বছৰীয়া পুৰুষৰ ওপৰত বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ ৰবটিক লিভাৰ ট্ৰান্সপ্লাণ্ট সফলতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল।