বিশেষকৈ হাতীৰ বাসস্থান হিচাপে পৰিচিত সেই অঞ্চলৰ হাতী অহা-যোৱা কৰা পথাৰসমূহ হাতীখলী ৰংহাং গাঁৱৰ ৰাইজৰ হোৱা হেতুকে সেই মাটিত হাতীৰ বাবে ধান খেতি কৰিবলৈ গাঁওবাসীৰ সহায় সহযোগিতাৰ প্ৰয়োজন।কিন্তু হাতী বন্ধু নামৰ সংগঠনটোৱে স্থানীয় প্ৰকৃতিপ্ৰমী যুৱক বিনোদ দুলু বৰাৰ সহযোগত গাঁওবাসীৰ লগত বৈঠকত মিলিত হয়। অতি পিছপৰা আৰু সহজ সৰল গাঁওবাসীয়ে তেওঁ লোকৰ প্ৰায় ২৫০ বিঘা মাটি প্ৰলোভন দি দখল কৰিবলৈ আহিছে বুলি খেতি কৰিবলৈ নিদিয়াকৈ দলটোক পঠাই দিয়ে।
এই বিষয়টোৱে স্থানীয় প্ৰকৃতিপ্ৰমী যুৱক বিনোদ দুলু বৰাক মৰ্মাহত কৰিলেও তেওঁ পুনৰ গাঁওবাসীৰ সৈতে বৈঠকত মিলিত হয়। এনেদৰে এক বছৰত পোন্ধৰখন সভাত গাঁওবাসীক বুজোৱাৰ পিছত অৱশেষত গাঁওবাসী মান্তি হয় আৰু হাতীৰ খাদ্যৰ বাবে ধান খেতি কৰিবলৈ পুৰুষ-মহিলা উভয়ে পথাৰত নামি পৰে।
২০১৯ চনৰ পৰা এনেদৰে ধানখেতি কৰি হাতীৰ খাদ্য প্ৰস্তত কৰা এই গাঁওবাসীয়ে প্ৰকৃতিপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। বিশেষকৈ শালি ধানৰ সময়ত ধান পকাৰ পিছত প্ৰত্যেক দিনাই বনৰীয়া হাতীৰ জাকক এক বিশেষ পদ্ধতিত ধানসমূহ খুৱাই থকা হয়।
হাতীক খাদ্য আগবঢ়োৱাৰ মুহূৰ্তত বিনোদ দুলু বৰা
উল্লেখ্য যে, ৰংহাং গাঁৱৰ ৰাইজৰ প্ৰায় দুশ বিঘা মাটিৰ পকা ধান খাবলৈ হাতীৰ জাকটোক প্ৰায় এমাহ সময় লাগে। এই এমাহ সময়ৰ ভিতৰত ভৈয়ামত পূৰ্বতে হাতীৰ উপদ্ৰবৰ সন্মুখীন হোৱা স্থানৰ ৰাইজে ধান চপাই ভৰালত ভৰাবলৈ সক্ষম হয়। এনেদৰে ধান খেতি কৰি অহা ৰংহাং গাঁওবাসী আৰু হাতী বন্ধুৱে এই বৰ্ষত ২২০ বিঘা মাটিত ধান খেতি কৰিছে।
তেওঁলোকে কেৱল হাতীৰ খাদ্যৰ উপযোগী ধান খেতি কৰাতেই ক্ষান্ত থকা নাই। গাঁওৱাসীয়ে হাতীৰ খাদ্যৰ উপযোগী ঘাঁহ, গছ আদি ৰোপনতো সহযোগিতা আগবঢ়াইছে। বিশেষকৈ নগাঁও আৰু কাৰ্বি আংলঙৰ বনাঞ্চলত হাতী বিচৰণ কৰা ঠাই সমূহৰ পাহাৰৰ ৪০০ বিঘা মাটিত ৰোপন কৰিছে হাতীৰ খাদ্য উপযোগী নেপিয়াৰ ঘাঁহ, ঝাৰু, কুম্ভিৰ,ঔ টেঙা, কাক বাঁহ আদি গছ। এই গছসমূহ ৰোপন কৰাৰ পিছতে হাতীৰ প্ৰয়োজন হোৱা খাদ্য নিজ স্থানতে পোৱাৰ পিছত হাতীয়ে কোনো কৰণতে ভৈয়ামত আহি মানুহৰ খেতি-মাটি বিনষ্ট নকৰে।
অসমৰ প্ৰায় জিলাতে বনৰীয়া হাতীৰ উপদ্ৰৱে ৰাইজক ত্ৰাহি মধুসুধন দেখুৱাই অহাৰ সময়ত হাতী বন্ধু নামৰ সংগঠনটোৱে নগাঁও জিলাৰ হাতীখলী ৰংহাং গাঁও আৰু নুমলীগড়ত হাতীৰ খাদ্যৰ বাবে এনেদৰে খেতি কৰি হাতী মানুহৰ সংঘাত নিৰাময় কৰাৰ লগতে মানুহৰ মাজত প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। বিশেষকৈ হাতীখলী ৰংহাং গাঁৱৰ দৰে অতি পিছপৰা অঞ্চলৰ গাঁওবাসীয়ে এতিয়া বনাঞ্চলত যিকোনো সময়তে হাতীৰ উপযোগী গছপুলি ৰোপন কৰি সেই পুলিসমূহ লালন পালন কৰি বন্যহস্তীৰ প্ৰতি থকা মৰম প্ৰদৰ্শন কৰাটো সচাকৈয়ে প্ৰশংসনীয়।
'হাতী বন্ধু'ৰ সহযোগত বিনোদ দুলু বৰা আৰু মেঘনা ময়ুৰ হাজৰিকাই প্ৰস্তুত কৰা খেতিপথাৰত বনৰীয়া হাতীৰ জাক
“সৰুৰে পৰা হাতী আৰু মানুহৰ সংঘাত দেখি আহিছো। এই সংঘাত দেখা পোৱাৰ পিছত তেতিয়াৰ পৰাই হাতী মানুহৰ সংঘাতৰ নিৰাময় কৰাৰ উপায় ভাবি আছিলো। আজি হাতী বন্ধু নামৰ সংগঠনটোৰ সহযোগত আৰু স্থানীয় ৰংহাং গাঁওবাসীৰ সহযোগত সফল হ'ব পাৰিছো”, স্থানীয় প্ৰকৃতিপ্ৰমী যুৱক বিনোদ দুলু বৰাই কয়।
উল্লেখ্য যে, বিনোদ দুলু বৰা আৰু তেওঁৰ পত্নী মেঘনা ময়ুৰ হাজৰিকাই হাতী মানুহৰ সংঘাত নাশ কৰিবলৈ পাহাৰৰ টঙী ঘৰত তিনিমাহ থাকি সাহস আৰু প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল। সৰুৰে পৰা অসহায় বনৰীয়া জীৱ জন্তুৰ হৈ কাম কৰা প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
তেওঁৰ পত্নী মেঘনা ময়ুৰ হাজৰিকাই হাতী মানুহৰ সংঘাত নিৰাময় আৰু হাতীৰ স্বভাৱ চৰিত্ৰ প্ৰকৃততে কেনেকুৱা জানিবলৈ পাহাৰৰ দুৰ্গম অঞ্চলত টঙী ঘৰত বাস কৰোতে জানিব পাৰিছিল যে হাতী প্ৰকৃততে হিংস্ৰ জন্তু নহয়।
হাতীখলা ৰংহাং গাঁৱত হাতীৰ বাবে ধান খেতি ৰোপনৰ দৃশ্য
মনকৰিবলগীয়া যে, হাতীৰ খাদ্যৰ বাবে ধান খেতি কৰি সেই ধান খেতি এক বিশেষ পদ্ধতিৰে বনৰীয়া হাতীৰ জাকটোক খুৱাবৰ বাবে স্বামীৰ সৈতে তেওঁ টঙী ঘৰত থাকিব লগা হৈছিল। এই টঙী ঘৰত থকাৰ সময়ত ২০১৯ চনৰ নৱেম্বৰ মাহত এদিন তেওঁৰ স্বামী এক বিশেষ কাৰণত পত্নীক টঙী ঘৰত থৈ আতৰি আহিব লগীয়া হৈছিল।
নিশা হৈ অহাৰ লগে লগে বনৰীয়া হাতীৰ জাকটোৱে টঙী ঘৰৰ কাষত থকা ধান খেতি খাবলৈ আহিছিল।এই বিষয়টো টঙী ঘৰৰ পৰা মেঘনাই চাই আছিল।টঙী ঘৰৰ তলত হাতীৰ জাকটোৱে ধান খাই থকাৰ লগতে পাঁচটা হাতী টঙী ঘৰটোৰ তলতে থাকি টঙী থকা গছ জোপাত গা ঘঁহাই আছিল। সেই সময়ত টঙীটো লৰি আছিল যদিও অতি সাহসেৰে মেঘনাই টঙীৰ ওপৰতে উঠি আছিল।
বহু সময়ৰ পিছত তেওঁৰ স্বামী আহিছিল।স্বামী অহাৰ উমান পাই টঙী ঘৰটোৰ তলত থকা পাঁচটাকৈ হাতী আঁতৰি গৈ ধান খাব ধৰিছিল। সেই সময়ত মেঘনাৰ অনুভৱ হৈছিল যে হাতী যদি প্ৰকৃততে হিংস্ৰ জন্তু হ’লহেতেন, তেতিয়াহ’লে সিঁহতে তেওঁক টঙীৰ পৰা নমাই মাৰি পেলালে হয়। কিন্তু স্বামী নথকাৰ সময়ত অকলশৰীয়া মহিলাগৰাকীক বনৰীয়া হাতীৰ জাকটোৱে টঙীৰ তলৰ পৰা সুৰক্ষা দিছিল।
হাতী বন্ধু নামৰ সংগঠনৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় হস্তী দিৱস
উল্লেখ্য যে, হাতী বন্ধুৰ সহযোগত প্ৰকৃতিপ্ৰমী বিনোদ দুলু বৰা আৰু মেঘনাই লোৱা পদক্ষেপ যদি আন অঞ্চলতো প্ৰয়োগ কৰিব পৰা যায়, তেন্তে হাতীয়ে খাদ্যৰ সন্ধানত কেতিয়াও উপদ্ৰৱ কৰিবলৈ জন অৰণ্যত প্ৰৱেশ নকৰে। ইফালে, কোনো ধৰণৰ চৰকাৰী পূঁজি লাভ নকৰাকৈ কেৱল ৰাইজ আৰু বন বিভাগৰ সহযোগত প্ৰকৃতিপ্ৰমী সংগঠন হাতী বন্ধুৰ অন্যতম উদ্যোক্তা বিনোদ দুলু বৰাই হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ যি প্ৰয়াস চলাইছে এই প্ৰয়াসক সকলোৱে উৎসাহিত কৰা প্ৰয়োজন।
হাতীৰ বাবে খেতি কৰা হাতীখলা ৰংহাং গাঁওবাসীসকল
নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি বন্যপ্ৰাণীৰ হৈ কাম কৰি থকা যুৱকজনে চৰকাৰী সংস্থাপনৰ আশা নকৰি কেৱল নিজৰ কামত আত্মনিয়োগ কৰি গৈছে। বিভিন্ন বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিলেও তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহযোগিতা লাভ কৰা নাই। কিন্তু, চৰকাৰী সহযোগিতা অবিহণে হাতী বন্ধু নামৰ সংগঠনটোৱে অথবা বিনোদ দুলু বৰাই দীঘলীয়া সময়ৰ বাবে হাতী-মানুহৰ সংঘাত দূৰ কৰি থকাতো সম্ভৱপৰ নহ’ব। এই ক্ষেত্ৰত চৰকাৰে সহযোগিতা আগবঢ়োৱাৰ লগতে বিনোদ দুলু বৰা আৰু তেওঁৰ পত্নীৰ মহান চিন্তাক সকলোৱে উৎসাহিত কৰা উচিত।