দক্ষিণ কাশ্মীৰৰ এখন গাঁওত শোকৰ বন্যা; সন্ত্ৰাসবাদী নিপাত যাওক ধ্বনিৰে প্ৰাক্তন সেনা জোৱানক শেষ বিদায়

Story by  atv | Posted by  Munni Begum • 9 h ago
প্ৰাক্তন সেনা জোৱান মঞ্জুৰ আহমদ ৱাগাইৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কাশ্মীৰী
প্ৰাক্তন সেনা জোৱান মঞ্জুৰ আহমদ ৱাগাইৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কাশ্মীৰী
 
ডানিছ আলী/শ্ৰীনগৰ 
 
দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ এখন সৰু গাঁও। বেহিবাগ নামৰ এই গাঁওখনত আজি শোকৰ বন্যা বৈছে। দৈনন্দিন কাম-কাজক লৈ সদাব্যস্ত গাঁওখনত প্ৰতিধ্বনিত হৈছে কান্দোনৰ ৰোল। এক অসহ্যকৰ বেদনাই গাঁওবাসীৰ হৃদয় বিদাৰিত কৰিছে।
 
সোমবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ এই গাঁওখনত সংঘটিত এক বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণত মঞ্জুৰ আহমদ ৱাগাই নামৰ এজন প্ৰাক্তন সেনা জোৱান নিহত হোৱাৰ বিপৰীতে তেওঁৰ পত্নী আৰু ভতিজীগৰাকী আহত হয়। বেহিবাগ অঞ্চলত সন্ত্ৰাসবাদীয়ে ৩৯ বছৰীয়া মঞ্জুৰ, তেওঁৰ ৩২ বছৰীয়া পত্নী আইনা আখতাৰ আৰু তেওঁৰ ১৩ বছৰীয়া ভতিজীক গুলীয়াই বুলি জানিব পৰা গৈছে আৰু তিনিওজনকে ততাতৈয়াকৈ শ্ৰীনগৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 
কিন্তু চিকিৎসালয়লৈ যোৱাৰ পথতে মৃত্যুক সাৱটি লয় প্ৰাক্তন সেনা জোৱানজনে। আক্ৰমণৰ পিছত পলায়ন কৰা সন্ত্ৰাসবাদীৰ সন্ধানত আৰক্ষী, চি আৰ পি এফ আৰু সেনা জোৱান গঠিত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তীব্ৰ অভিযান চলায়। ২০২১ চনত সেনাবাহিনীৰ পৰা অৱসৰ লোৱা মঞ্জুৰ আহমদ ৱাগেইৰ পেটত গুলীয়ে আঘাত কৰাৰ বিপৰীতে পত্নী আৰু ভতিজীগৰাকীয়ে ভৰিত আঘাতৰ সন্মুখীন হয়। উল্লেখ্য যে, মঞ্জুৰ আহমদ আছিল দক্ষিণ কাশ্মীৰস্থিত টেৰিটৰিয়েল বেটেলিয়নৰ প্ৰাক্তন জোৱান। 
 
ইফালে, প্ৰাক্তন সেনা জোৱানজনৰ পৰিয়ালৰ ওপৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পিছতে কুলগাম জিলাৰ বেহিবাগ গাঁওৰ বাসিন্দাসকল একগোট হৈ মঞ্জুৰ আহমদ ৱাগাইৰ দূৰ্ভগীয়া পৰিয়ালক সান্ত্বনা দিয়ে আৰু তেওঁলোকৰ দুখৰ সমভাগী হয়। সকলো জাতি-ধৰ্মৰ লোক ঐক্যবদ্ধ হৈ সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰে আৰু মঞ্জুৰ আহমদ ৱাগাইৰ হত্যাৰ উচিত ন্যায় বিচাৰি বিভিন্ন শ্লোগান দিয়ে।
 
এই আক্ৰমণক জঘন্য অপৰাধ বুলি অভিহিত কৰি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয়, ‘কুলগামত প্ৰাক্তন সেনা জোৱান মঞ্জুৰ আহমদ ৱাগাইৰ কৰুণ হত্যাকাণ্ডত মই গভীৰভাৱে দুখী। তেওঁৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনাইছো, আৰু তেওঁৰ আহত পত্নী আৰু ভতিজীৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। আমাৰ সমাজত এনে জঘন্য হিংসাৰ কোনো স্থান নাই আৰু ইয়াক কঠোৰ ভাষাৰে গৰিহণা দিব লাগিব। সমাজত শান্তি আৰু ন্যায় প্ৰতিষ্ঠা হওক।’
 
কুলগামত প্ৰাক্তন সেনা জোৱান মঞ্জুৰ আহমদ ৱাগাইৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ
 
লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাইও সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি আক্ৰমণকাৰীক শীঘ্ৰে শাস্তি প্ৰদান কৰা হ’ব বুলি জনসাধাৰণক আশ্বাস দিয়ে। উল্লেখ্য যে, মঞ্জুৰ কেৱল এজন সৈনিক নাছিল। তেওঁ আছিল এজন স্বামী, পিতৃ, পুত্ৰ আৰু বন্ধু। ভাৰতীয় সেনাবাহিনীত সন্মানেৰে সেৱা আগবঢ়োৱাৰ পিছত তেওঁ ঘৰলৈ উভতি আহিছিল। তেওঁ নিজৰ মানুহৰ মাজত থাকিব বিচাৰিছিল, নিজৰ ভালপোৱা ভূমিত সন্তানক ডাঙৰ-দীঘল কৰিব বিচাৰিছিল। 
 
“তেওঁ এজন সাহসী মানুহ আছিল, যিয়ে কেতিয়াও নিজৰ কৰ্তব্যৰ কথা পাহৰি যোৱা নাছিল। তেওঁ ইয়াত শান্তিৰে জীয়াই থাকিব বিচাৰিছিল। কিয় তেওঁক আমাৰ পৰা আঁতৰাই লৈ যোৱা হ’ল?”-ভগ্ন হৃদয়েৰে এইদৰে কয় গাঁৱৰ এজন বৃদ্ধ লোকে। চুবুৰীয়াই আজি দুখে-শোকে মনত পেলাইছে, কেনেকৈ মঞ্জুৰে সদায় মানুহক সহায়ৰ হাত আগবঢ়াইছিল। কেতিয়াবা তেওঁ ভঙা বেৰ ঠিক কৰাই দিছিল, কেতিয়াবা বৃদ্ধ কৃষকক সহায় কৰি দিছিল বা বিপদত পৰা কাৰোবাক সান্ত্বনা দিছিল। তেওঁৰ শৈশৱৰ বন্ধু এজনে কয়, “মঞ্জুৰ এনেকুৱা এজন মানুহ আছিল, যিয়ে কেতিয়াও না কোৱা নাছিল। তেওঁ অত্যন্ত দয়ালু স্বভাৱৰ মানুহ আছিল। তেওঁ নাই বুলি মানি ল'বলৈ টান পাইছো।”
 
আনহাতে, স্বামীৰ মধুৰ স্মৃতিবোৰ বুকুত খামুচি চিকিৎসালয়ৰ বিচনাত পৰি আছে মঞ্জুৰৰ পত্নী আইনা আখতাৰ। “তেওঁ মাত্ৰ এটা সাধাৰণ জীৱন বিচাৰিছিল। তেওঁ ইমান নিষ্ঠুৰ মৃত্যুৰ যোগ্য নাছিল...”-পত্নী আইনাই চকুলো টুকি এইদৰে কয়। মঞ্জুৰৰ মাক জয়নাবৰ মুখত আজি মাত নাই। মৰমৰ সন্তানক হেৰুৱাই তেওঁ বাকৰুদ্ধ। দিকবিদিক একো ধৰিব নোৱাৰি জয়নাবে আজি লুকাই লুকাই মাথো কান্দিছে। গাঁওৱাসীয়ে তেওঁক সান্ত্বনা দিবলৈ ভাষা বিচাৰি পোৱা নাই। 
 
মঞ্জুৰ আহমদ ৱাগাইৰ পুত্ৰই সংবাদ মাধ্যমৰ আগত ভাষণ দিয়া এক মূহুৰ্ত
 
জম্মু-কাশ্মীৰৰ বেহিবাগ গাওঁত বিগত বছৰসমূহত এইধৰণৰ কোনো অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য দেখা গাঁওবাসীৰ মনত নপৰে। ডেকা-বুঢ়া, পুৰুষ-মহিলা সকলোৱে একেলগে ওলাই আহি মঞ্জুৰ আহমদৰ শেষকৃত্য অনুষ্ঠানত অংশ লয় আৰু সন্ত্ৰাসবাদী নিপাত যাওক ধ্বনি দিয়ে। একাংশই ন্যায়ৰ বাবে বেনাৰ কঢ়িয়াই লৈ ফুৰিছিল; আন কিছুমানে কেৱল শোকস্তব্ধ হৈ থিয় হৈ থাকে।
 
দেশৰ শীৰ্ষতম মহলকো কাশ্মীৰৰ এই ট্ৰেজেডীয়ে চুই গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে মঞ্জুৰ আহমদৰ শোকগ্ৰস্ত পৰিয়ালক ফোন কৰি এই আক্ৰমণক গৰিহণা দিছে আৰু ইয়াক কাপুৰুষৰ কাম বুলি অভিহিত কৰে। দায়ীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি প্ৰতিশ্ৰুতি দি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে। পৰিয়ালটোৰ এজন আত্মীয়ই কয়, “আমি প্ৰধানমন্ত্ৰীৰ টেলিফোনৰ শলাগ লৈছো। কিন্তু আমি যি বিচাৰো যে এই হিংসাৰ অন্ত পৰক। আৰু আমাৰ কোনো পুত্ৰ এনেকৈ যাতে মৰিব লগা নহয়।”


শেহতীয়া খবৰ