শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
বিভিন্ন কাৰকৰ প্ৰভাৱত অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা প্ৰকৃতিৰ জামাদাৰ শগুণৰ সংৰক্ষণৰ অৰ্থে স্থানীয় পৰ্যায়ত নিৰলসভাৱে প্ৰচেষ্টা অব্যাহত ৰখা সমাজৰ সদস্যসকলৰ কাৰ্যক উদগনি যোগোৱা আৰু প্ৰশংসা কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এলানি সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে। 
 
সমাজৰ এই সদস্যসকলৰ আদৰ্শই আন সকলকো যাতে অসমত শগুণ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থৰ হকে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। 
 
আৰণ্যকে শগুণ সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ এক মূহুৰ্ত
 
উল্লেখ্য যে, ভাৰতত পোৱা শগুণৰ ৯ টা প্ৰজাতিৰ ৬ টাই অসমত পোৱা যায়। “ডাউন টু আৰ্থ” আলোচনীত প্ৰকাশিত এটা প্ৰৱন্ধ মতে অসমৰ শিৱসাগৰ, লখিমপুৰ, ধেমাজি, কামৰূপ, কোকৰাঝাৰ আৰু ধুবুৰী জিলাত যঠেষ্ট সংখ্যক শগুণ পোৱা যায়। কিন্তু মানৱ সৃষ্ট বিভিন্ন কাৰকৰ প্ৰভাৱত অসমত শগুণ বিপদাপন্ন হৈছে আৰু ইহঁতৰ সংখ্যা অতি উদ্বেগজনক হাৰত হ্ৰাস হৈছে। 
 
আৰণ্যকে আৰম্ভ কৰা পদক্ষেপৰ অধীনত শিৱসাগৰ জিলা আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ শগুণ থকা অঞ্চলসমূহত বিভিন্ন ধৰণে এই পক্ষীবিধক ৰক্ষা কৰাৰ চেষ্টাত ব্ৰতী সমাজৰ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। 
 
শগুণৰ সংৰক্ষণৰ বাবে নিস্বাৰ্থভাৱে কৰা কামৰ স্বীকৃতিস্বৰূপে ডিচেম্বৰৰ প্ৰথমভাগত আৰণ্যকে ঢকুৱাখনাৰ কৰাঘাটৰ ফুলেশ্বৰী দত্তক প্ৰশস্তিপত্ৰ প্ৰদান কৰে। দত্তৰ ঘৰৰ চৌহদৰ কেইবাজোপা গছত শগুণৰ বাহ আছে। তীব্ৰ আৰ্থিক অনাটনত ভুগিব লগা হোৱা সত্বেও তেওঁ গছকেইজোপা কটাৰ কথা মনলৈ অনা নাই।    
 
দত্তৰ ঘৰত উপস্থিত হোৱা আৰণ্যকৰ পূৱ অসম মণ্ডলৰ সমন্বয়ক হীৰেন দত্তক তেওঁ কয়, "এই পক্ষীকেইটা মোৰ অতি মৰমৰ। আমাৰ বাৰীৰ গছত বাহ লোৱা এই পক্ষী প্ৰজাতিটো দ্ৰূতভাৱে নোহোৱা হ’বলৈ ধৰিছে বুলি মই শুনিছোঁ। বহু সময়ত মোৰ এনে অৱস্থাও হৈছে যে, গছ কেইজোপামান কটাৰ বাহিৰে মোৰ আন কোনো উপায় নাই। তেনে পৰিস্থিতিটো মই গছ কটাৰ কথা ভবা নাই। মই জীয়াই থকালৈকে শগুণে বাহ লোৱা এই গছ কেইজোপা ৰক্ষা কৰিম।" 
 
আৰণ্যকে শগুণ সংৰক্ষণৰ বাবে চলোৱা প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ এক মূহুৰ্ত
 
শগুণ সংৰক্ষণৰ বাবে চলোৱা অদ্বিতীয় চেষ্টাৰ স্বীকৃতিস্বৰূপে আৰণ্যকে প্ৰশংসা পত্ৰ প্ৰদান কৰি শলাগ লোৱা আন এগৰাকী ব্যক্তি হৈছে শিৱসাগৰৰ দিচাংমুখৰ ৰাজেন মিলি। মিলিয়ে তেওঁৰ অঞ্চলৰ ওচৰ-পাজৰৰ এলেকাৰ পৰা মৃত গো সংগ্ৰহ কৰে আৰু শগুণক ভক্ষণ কৰিবলৈ দিয়ে। শগুণ সংৰক্ষণৰ এই মহান কামত ব্ৰতী শিৱসাগৰ, ঢকুৱাখনা আৰু তিনিচুকীয়াৰ শদিয়াৰ অন্য ৮ গৰাকী ব্যক্তিকো আৰণ্যকে সন্মান জনোৱাৰ পৰিকল্পনা কৰিছে। 
 
যুৱ প্ৰজন্মৰ মাজত শগুণ সংৰক্ষণৰ মানসিকতা সৃষ্টিৰ উদ্দেশ্যে আৰণ্যকে ইতিমধ্যে আৰম্ভ কৰা জন সজাগতা অভিযানৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ দিখৌমুখ কলেজ, না কটানি হাইস্কুল, গেলেকী ট্ৰিবেনী হাইস্কুল, নাজিৰা বৰতল হাইস্কুল, মগৰাহাট জ্ঞান বিকাশ হাইস্কুল আৰু ধকুৱাখনাৰ হাৰ্হি একাডেমি হাইস্কুলত ৬ টা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। 
 
আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড° দীপাংকৰ লহকৰৰ সৈতে সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° বিভৱ কুমাৰ তালুকদাৰৰ নেতৃত্বত ৱাচিমা বেগম আৰু হীৰেন দত্তই এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। আউটৰিছ ফেচিলিটেটৰ ৱাছিমা বেগমা আৰু হীৰেন দত্তই সমন্বয় ৰক্ষা কৰা এই সজাগতা কাৰ্যসূচীত ৰমেন কলিতা, মিছেল টায়ে, দীপক আৰন্ধৰা, উদ্দীপ্ত গগৈ, অচিন্ত্য বৰঠাকুৰ, জয়জ্যোতি গগৈ, পৰমা দত্ত, ধ্ৰুবজ্যোতি চেতিয়া আৰু আশ্ৰফ আহমেদ আদি স্থানীয় ব্যক্তিয়ে সহায় আগবঢায়।