গুৱাহাটী
জনতাক নিৰপেক্ষ আৰু ক্ষীপ্ৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰে পূৰ্বে ঘোষণা কৰা প্ৰচিকিউশ্যন সঞ্চালকালয় গঠনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ এই সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে অধিবক্তা মাখন ফুকনক৷
অধিবক্তা মাখন ফুকনে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাব্লিক প্ৰচিকিউটৰ হিচাপে দায়িত্ব নিৰ্বাহ কৰি আহিছিল৷ সঞ্চালকগৰাকীয়ে এতিয়া অসম আৰক্ষীক গোচৰসমূহৰ সঠিক তদন্তৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াব৷
পূৰ্বতে আৰক্ষীৰ তদন্তৰ ক্ষেত্ৰত যথেষ্ট আইনগত খুটি-নাতি ৰৈ গৈছিল৷ সেইসমূহ এতিয়া সঞ্চালকালয়ৰ তৰফৰ পৰা দূৰ কৰিব পৰা যাব৷ আনহাতে চৰকাৰী অধিবক্তা ধনেশ দাস, শান্তনু ভট্টাচাৰ্য আৰু মানস শালৈক উপ-সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে৷